• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এপিএছচিৰ কেলেংকাৰীকলৈ বাৰে বাৰে মিছাৰ আশ্ৰয় লৈছে মুখ্যমন্ত্ৰীয়ে: দাবী ডি ৱাই এফ আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2023 7:25 pm
Apex Bank scam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এপিএছচি কেলেংকাৰীত অভিযুক্তসকলৰ বিৰুদ্ধে স্পষ্ট প্ৰমাণ পোৱাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সলনি নানা মিথ্যাচাৰৰ আশ্ৰয় লৈছে। এই দাবী ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ।

ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কু-অভিপ্ৰায়ক ধিক্কাৰ জনাইছে আৰু বিপ্লৱ শৰ্মা আয়োগে দিয়া পৰামৰ্শৱলীৰ ভিত্তিত কাল বিলম্ব নকৰাকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Apply Now

সংগঠনটোৰ দাবী, মুখ্যমন্ত্ৰীয়ে কৌশলী অৱস্থানেৰে সমগ্ৰ এপিএছচি কেলেংকাৰীত অভিযুক্ত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ প্ৰক্ৰিয়াক পলম কৰি শাস্তিৰ প্ৰক্ৰিয়া লাঘব কৰিবলৈ চেষ্টা কৰিছে।

ন্যায়ালয়ৰ ৰোষত পৰাৰ ভয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩৯ জন বিষয়াৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ল সেই সম্পৰ্কে অজ্ঞাত বুলি উল্লেখ কৰিছে বুলিও অভিযোগ কৰিছে ডি ৱাই এফ আয়ে।

এক বিবৃতিত সংগঠনটোৱে কয়, “মুখ্যমন্ত্ৰীৰ এই ভাষ্য যে অলপো সত্য নহয় সেয়া কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ১১ এপ্ৰিলৰ সংবাদ মেলৰ প্ৰেছ টোকাই প্ৰমাণ কৰিছে। তাত বিপ্লৱ শৰ্মা আয়োগে দোষী সাব্যস্ত কৰা ৩৪ জন বিষয়াৰ উপৰি আন ৩৯ জনৰ কথা উল্লেখ আছিল।”

“একেদৰে মুখ্য সচিবৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিখনে বিগত ডেৰ বছৰে শৰ্মা আয়োগৰ প্ৰতিবেদন অধ্যয়ন কৰাৰ পিছতো প্ৰতিবেদনৰ ৩৯ জন বিষয়াৰ কথাটো নজনা বুলি কোৱাটো চৰম মিথ্যাচাৰৰ বাদে একো নহয়।”— এই দাবী ডি ৱাই এফ আইৰ।

ইয়াৰ উপৰি বজালীত জালিয়াতি কৰি গ্ৰেপ্তাৰ হোৱা পুস্কল গগৈ নামৰ আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে চাৰ্জচিট নাম থকাৰ পিছতো চৰকাৰে পুৰস্কাৰ দি সন্মানিত কৰিছিল বুলিও সংগঠনটোৱে আঙুলিয়াই দিয়ে।

এইখন চৰকাৰে এপিএছচি কেলেংকাৰীত ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কোনো প্ৰকাৰেই যে আগ্ৰহী নহয় সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে বুলি ডি ৱাই এফ আয়ে দাবী কৰে।

সংগঠনটোৱে লগতে কয়, “কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত এই বিয়াগোম কেলেংকাৰী সম্পৰ্কত আৰক্ষীৰ তদন্তৰ পাতে পাতে ওলাই পৰিছিল অনিয়মৰ তথ্য। ইয়াৰ পাছতে ন্যায়ালয়ৰ নিৰ্দেশত প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন হৈছিল।”

আয়োগে ২০১৩ চনৰ এপিএছচি পৰীক্ষাৰ সমগ্ৰ বিষয় তদন্ত কৰি প্ৰতিবেদন প্ৰস্তুত কৰে যদি প্ৰতিবেদন গ্ৰহণ কৰাৰ সলনি নানা তালবাহানা কৰি সময় অতিবাহিত কৰি এইসময়ছোৱাৰ ভিতৰতে অভিযুক্তসকলক পদোন্নতিৰ ব্যৱস্থা কৰে বুলিও অভিযোগ তুলিছে সংগঠনটোৱে।

“পৰৱৰ্তী সময়ত প্ৰতিবেদন গ্ৰহণ কৰে যদিও শৰ্মা আয়োগৰ প্ৰতিবেদন সম্পৰ্কত কি ব্যৱস্থা গ্ৰহণ কৰিব সেই সম্পৰ্কে চালিজাৰি চাবলৈ মুখ্য সচিব জিষ্ণু বৰুৱাৰ নেতৃত্বত পুনৰ কমিটি গঠন কৰে। কিন্তু জিষ্ণু বৰুৱাৰ অৱসৰ লোৱাৰ আগলৈকে কমিটিৰ এখনো বৈঠক নবহিলে।”

এনেদৰে এপিএছচি কেলেংকাৰীৰ সম্পৰ্কত ব্যৱস্থা গ্ৰহণৰ সলনি চতুৰালি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো ওলমাই ৰাখিলে বুলি আৰু এতিয়া ন্যায়ালয়ৰ মজিয়াত প্ৰশ্নৰ সন্মুখীন হৈহে এছ আই টি গঠনৰ প্ৰতিশ্ৰুতি দিছে বুলি ডি ৱাই এফ আয়ে অভিযোগ তুলিছে।

এনে ঘটনাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গুৰুতৰ অনিয়মৰ আশ্ৰয় লোৱা সকলৰ পক্ষে অৱস্থান লোৱাৰ কৌশল সেয়া স্পষ্ট হৈ পৰিছে বুলি বিবৃতিটোত দাবী কৰা হৈছে।

নানা অজুহাতত আৰু অজ্ঞাত কাৰণত মুখ্যমন্ত্ৰীয়ে এপিএছচি কাণ্ডৰ অভিযুক্ত সকলক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লাগিছে আৰু হাজাৰ হাজাৰ মেধাবী যুৱক-যুৱতীক আশাহত কৰিছে বুলি দাবী কৰে ডি ৱাই এফ আয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd