• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এপিএছচিৰ কেলেংকাৰীকলৈ বাৰে বাৰে মিছাৰ আশ্ৰয় লৈছে মুখ্যমন্ত্ৰীয়ে: দাবী ডি ৱাই এফ আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2023 7:25 pm
Apex Bank scam
3.7k
VIEWS
Share on FacebookShare on Twitter

এপিএছচি কেলেংকাৰীত অভিযুক্তসকলৰ বিৰুদ্ধে স্পষ্ট প্ৰমাণ পোৱাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সলনি নানা মিথ্যাচাৰৰ আশ্ৰয় লৈছে। এই দাবী ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ।

ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কু-অভিপ্ৰায়ক ধিক্কাৰ জনাইছে আৰু বিপ্লৱ শৰ্মা আয়োগে দিয়া পৰামৰ্শৱলীৰ ভিত্তিত কাল বিলম্ব নকৰাকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

সংগঠনটোৰ দাবী, মুখ্যমন্ত্ৰীয়ে কৌশলী অৱস্থানেৰে সমগ্ৰ এপিএছচি কেলেংকাৰীত অভিযুক্ত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ প্ৰক্ৰিয়াক পলম কৰি শাস্তিৰ প্ৰক্ৰিয়া লাঘব কৰিবলৈ চেষ্টা কৰিছে।

ন্যায়ালয়ৰ ৰোষত পৰাৰ ভয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩৯ জন বিষয়াৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ল সেই সম্পৰ্কে অজ্ঞাত বুলি উল্লেখ কৰিছে বুলিও অভিযোগ কৰিছে ডি ৱাই এফ আয়ে।

এক বিবৃতিত সংগঠনটোৱে কয়, “মুখ্যমন্ত্ৰীৰ এই ভাষ্য যে অলপো সত্য নহয় সেয়া কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ১১ এপ্ৰিলৰ সংবাদ মেলৰ প্ৰেছ টোকাই প্ৰমাণ কৰিছে। তাত বিপ্লৱ শৰ্মা আয়োগে দোষী সাব্যস্ত কৰা ৩৪ জন বিষয়াৰ উপৰি আন ৩৯ জনৰ কথা উল্লেখ আছিল।”

“একেদৰে মুখ্য সচিবৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিখনে বিগত ডেৰ বছৰে শৰ্মা আয়োগৰ প্ৰতিবেদন অধ্যয়ন কৰাৰ পিছতো প্ৰতিবেদনৰ ৩৯ জন বিষয়াৰ কথাটো নজনা বুলি কোৱাটো চৰম মিথ্যাচাৰৰ বাদে একো নহয়।”— এই দাবী ডি ৱাই এফ আইৰ।

ইয়াৰ উপৰি বজালীত জালিয়াতি কৰি গ্ৰেপ্তাৰ হোৱা পুস্কল গগৈ নামৰ আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে চাৰ্জচিট নাম থকাৰ পিছতো চৰকাৰে পুৰস্কাৰ দি সন্মানিত কৰিছিল বুলিও সংগঠনটোৱে আঙুলিয়াই দিয়ে।

এইখন চৰকাৰে এপিএছচি কেলেংকাৰীত ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কোনো প্ৰকাৰেই যে আগ্ৰহী নহয় সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে বুলি ডি ৱাই এফ আয়ে দাবী কৰে।

সংগঠনটোৱে লগতে কয়, “কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত এই বিয়াগোম কেলেংকাৰী সম্পৰ্কত আৰক্ষীৰ তদন্তৰ পাতে পাতে ওলাই পৰিছিল অনিয়মৰ তথ্য। ইয়াৰ পাছতে ন্যায়ালয়ৰ নিৰ্দেশত প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন হৈছিল।”

আয়োগে ২০১৩ চনৰ এপিএছচি পৰীক্ষাৰ সমগ্ৰ বিষয় তদন্ত কৰি প্ৰতিবেদন প্ৰস্তুত কৰে যদি প্ৰতিবেদন গ্ৰহণ কৰাৰ সলনি নানা তালবাহানা কৰি সময় অতিবাহিত কৰি এইসময়ছোৱাৰ ভিতৰতে অভিযুক্তসকলক পদোন্নতিৰ ব্যৱস্থা কৰে বুলিও অভিযোগ তুলিছে সংগঠনটোৱে।

“পৰৱৰ্তী সময়ত প্ৰতিবেদন গ্ৰহণ কৰে যদিও শৰ্মা আয়োগৰ প্ৰতিবেদন সম্পৰ্কত কি ব্যৱস্থা গ্ৰহণ কৰিব সেই সম্পৰ্কে চালিজাৰি চাবলৈ মুখ্য সচিব জিষ্ণু বৰুৱাৰ নেতৃত্বত পুনৰ কমিটি গঠন কৰে। কিন্তু জিষ্ণু বৰুৱাৰ অৱসৰ লোৱাৰ আগলৈকে কমিটিৰ এখনো বৈঠক নবহিলে।”

এনেদৰে এপিএছচি কেলেংকাৰীৰ সম্পৰ্কত ব্যৱস্থা গ্ৰহণৰ সলনি চতুৰালি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো ওলমাই ৰাখিলে বুলি আৰু এতিয়া ন্যায়ালয়ৰ মজিয়াত প্ৰশ্নৰ সন্মুখীন হৈহে এছ আই টি গঠনৰ প্ৰতিশ্ৰুতি দিছে বুলি ডি ৱাই এফ আয়ে অভিযোগ তুলিছে।

এনে ঘটনাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গুৰুতৰ অনিয়মৰ আশ্ৰয় লোৱা সকলৰ পক্ষে অৱস্থান লোৱাৰ কৌশল সেয়া স্পষ্ট হৈ পৰিছে বুলি বিবৃতিটোত দাবী কৰা হৈছে।

নানা অজুহাতত আৰু অজ্ঞাত কাৰণত মুখ্যমন্ত্ৰীয়ে এপিএছচি কাণ্ডৰ অভিযুক্ত সকলক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লাগিছে আৰু হাজাৰ হাজাৰ মেধাবী যুৱক-যুৱতীক আশাহত কৰিছে বুলি দাবী কৰে ডি ৱাই এফ আয়ে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd