• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত হোৱা চৰকাৰী আক্ৰমণক গৰিহণা অসম নাগৰিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 5:24 pm
188
VIEWS
Share on FacebookShare on Twitter

আমি অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযানৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা  ডিজিটেল সংবাদ মঞ্চ নিউজক্লিকৰ ওপৰত দিল্লী পুলিচৰ যোগেদি চৰকাৰে নমাই অনা আক্ৰমণক তীব্ৰ ভাষাত গৰিহণা দিয়াৰ লগতে ভাৰতৰ সাধাৰণ মানুহৰ স্বাৰ্থত নিৰ্ভীক আৰু তথ্যনিষ্ঠ বাতৰি, প্ৰবন্ধ আদি প্ৰকাশ কৰা আৰু বিশ্লেষণ, আলোচনা আদি প্ৰচাৰ কৰা স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানটিৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰিছে। 

একে সময়তে, শীঘ্ৰে নিউজক্লিকৰ প্ৰতিস্থাপক সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু সংবাদ সংস্থাটিৰ প্ৰশাসনিক বিষয়া শাৰিৰীকভাৱে অক্ষম অমিত চক্ৰবৰ্তীক মুকলি কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে অসম নাগৰিক সমাজে। 

কোনো সাক্ষ্য- প্ৰমাণ নোহোৱাকৈ, যথাবিধি প্ৰক্ৰিয়া( Due Process of Law) অৱলম্বন নকৰাকৈ, কেৱল  ‘দ্য নিউ ৱৰ্ক টাইমচ’ত প্ৰকাশিত প্ৰবন্ধ এটাক সাৰথি কৰি সংবাদ সংস্থাটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সাংবাদিক, কৰ্মচাৰী আৰু শিক্ষাসদী লোক সকলৰ ঘৰত পুলিচে ঘন্টাৰ পিছত ঘন্টা তালাছী চলাই  হাৰাশাস্তি কৰিছে আৰু তেওঁলোকৰ  বহুতৰে ইলেকট্ৰনিক সাধনবোৰো জব্দ কৰিছে। কি আইনৰ ভিত্তিত পুলিচে এনে ব্যৱস্থা লৈছে? এইটো আইনৰ শাসনৰ সম্পূৰ্ণ উলংঘন নহয় নে? একে ‘দ্য নিউ ৱৰ্ক টাইমচে’  আৰু অজস্ৰ বিদেশী সংবাদ মাধ্যমে হিন্দেনবাৰ্গ প্ৰতিবেদনৰ উল্লেখ কৰি আদানীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ কথা সবিস্তাৰে প্ৰকাশ কৰিছিল। আমাৰ প্ৰশ্ন- সেই সম্পৰ্কে চৰকাৰ আৰু চৰকাৰৰ পুলিচ তেতিয়া কিয় ইমান মৌন হৈ আছিল আৰু এতিয়াও কিয় ইমান মৌন হৈ আছে? কিয় এই নিৰ্লজ্জ পক্ষপাতিত্ব? এই সমূহ প্ৰশ্ন উত্থাপন কৰিছে অসম নাগৰিক সমাজে।

নিউজক্লিকৰ ওপৰত চলোৱা আক্ৰমণ সন্দৰ্ভত সংবাদ সংস্থাটোৰ ফালৰ পৰা প্ৰকাশ কৰা বিবৃতিটো অতি তাৎপৰ্যপূৰ্ণ। তাত উল্লেখ কৰা হৈছেঃ “দুবছৰতকৈ বেছি হ’ল, এনফৰ্চমেন্ট ডাইৰেক্টৰেটে এতিয়ালৈ নিউজক্লিকে অবৈধ ধন সৰবৰাহত লিপ্ত থকাৰ কোনো অভিযোগ উত্থাপন কৰিব পৰা নাই। ভাৰতীয় দণ্ডবিধিৰ অধীনত নিউজক্লিক কোনো অপৰাধত যুক্ত বুলি দিল্লী পুলিচৰ অৰ্থনৈতিক অপৰাধ শাখাই এতিয়ালৈকে নিউজক্লিকৰ বিৰুদ্ধে কোনো অভিযোগনামা দাখিল কৰা নাই। নিউজক্লিকৰ বিৰুদ্ধে আয়কৰ বিভাগে লোৱা ব্যৱস্থাৰ যুক্তিযুক্ততা এতিয়াও আদালতত প্ৰতিপন্ন কৰিব পৰা নাই। যোৱা কেইবামাহো এই সংস্থাবোৰৰ কোনোটোৱেই প্ৰবীৰ পুৰকায়স্থক সোধপোচ কৰিবলৈও মতা নাই। নিউজক্লিকৰ সকলো তথ্য-পাতি, নথি-পত্ৰ চৰকাৰৰ হাতত মজুত থকাৰ পিছতো এতিয়ালৈকে চৰকাৰে নিউজক্লিকৰ বিৰুদ্ধে কোনো অভিযোগ প্ৰমাণ কৰিব পৰা নাই, এতিয়া   ‘দ্য নিউ ৱৰ্ক টাইমচ’ত প্ৰকাশিত ভূৱা প্ৰবন্ধ এটাৰ দোহাই দি কুখ্যাত ইউ এ পি এ আইনৰ অধীনত নিউজক্লিকৰ স্বতন্ত্ৰ আৰু বলিষ্ঠ কন্ঠৰোধ কৰিবলৈ বিচৰা হৈছে, যি   নিউজক্লিকে কৃষক, শ্ৰমিক আৰু সমাজৰ অৱহেলিত আৰু মুক জনতাৰ মুখত ভাষা দিবলৈ ইমান দিনে চেষ্টা কৰি আছে।” 

সংবাদ সংস্থাটোৱে দিয়া এই স্পষ্টীকৰণটোৰ পিছত ক’বলৈ আৰু কি আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে নাগৰিক সমাজে।  নাগৰিক সমাজে অভিযোগ উত্থাপন কৰি কৈছে যে চৰকাৰে নিউজক্লিকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে নিউজক্লিকে ভয়শূন্যভাৱে প্ৰকৃত সংবাদ প্ৰকাশ আৰু প্ৰচাৰ কৰাৰ বাবে। ই অইন একো নহয়, সংবাদপত্ৰৰ স্বাধীনতা আৰু সংবিধান প্ৰদত্ত মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত এক নিৰ্লজ্জ আক্ৰমণ। সাংবিধানিক প্ৰমূল্য আৰু গণতন্ত্ৰত বিশ্বাসী সকলো লোকেই ইয়াৰ প্ৰতিবাদ কৰা উচিত।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd