• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত হোৱা চৰকাৰী আক্ৰমণক গৰিহণা অসম নাগৰিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 5:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযানৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা  ডিজিটেল সংবাদ মঞ্চ নিউজক্লিকৰ ওপৰত দিল্লী পুলিচৰ যোগেদি চৰকাৰে নমাই অনা আক্ৰমণক তীব্ৰ ভাষাত গৰিহণা দিয়াৰ লগতে ভাৰতৰ সাধাৰণ মানুহৰ স্বাৰ্থত নিৰ্ভীক আৰু তথ্যনিষ্ঠ বাতৰি, প্ৰবন্ধ আদি প্ৰকাশ কৰা আৰু বিশ্লেষণ, আলোচনা আদি প্ৰচাৰ কৰা স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানটিৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰিছে। 

একে সময়তে, শীঘ্ৰে নিউজক্লিকৰ প্ৰতিস্থাপক সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু সংবাদ সংস্থাটিৰ প্ৰশাসনিক বিষয়া শাৰিৰীকভাৱে অক্ষম অমিত চক্ৰবৰ্তীক মুকলি কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে অসম নাগৰিক সমাজে। 

Apply Now

কোনো সাক্ষ্য- প্ৰমাণ নোহোৱাকৈ, যথাবিধি প্ৰক্ৰিয়া( Due Process of Law) অৱলম্বন নকৰাকৈ, কেৱল  ‘দ্য নিউ ৱৰ্ক টাইমচ’ত প্ৰকাশিত প্ৰবন্ধ এটাক সাৰথি কৰি সংবাদ সংস্থাটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সাংবাদিক, কৰ্মচাৰী আৰু শিক্ষাসদী লোক সকলৰ ঘৰত পুলিচে ঘন্টাৰ পিছত ঘন্টা তালাছী চলাই  হাৰাশাস্তি কৰিছে আৰু তেওঁলোকৰ  বহুতৰে ইলেকট্ৰনিক সাধনবোৰো জব্দ কৰিছে। কি আইনৰ ভিত্তিত পুলিচে এনে ব্যৱস্থা লৈছে? এইটো আইনৰ শাসনৰ সম্পূৰ্ণ উলংঘন নহয় নে? একে ‘দ্য নিউ ৱৰ্ক টাইমচে’  আৰু অজস্ৰ বিদেশী সংবাদ মাধ্যমে হিন্দেনবাৰ্গ প্ৰতিবেদনৰ উল্লেখ কৰি আদানীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ কথা সবিস্তাৰে প্ৰকাশ কৰিছিল। আমাৰ প্ৰশ্ন- সেই সম্পৰ্কে চৰকাৰ আৰু চৰকাৰৰ পুলিচ তেতিয়া কিয় ইমান মৌন হৈ আছিল আৰু এতিয়াও কিয় ইমান মৌন হৈ আছে? কিয় এই নিৰ্লজ্জ পক্ষপাতিত্ব? এই সমূহ প্ৰশ্ন উত্থাপন কৰিছে অসম নাগৰিক সমাজে।

নিউজক্লিকৰ ওপৰত চলোৱা আক্ৰমণ সন্দৰ্ভত সংবাদ সংস্থাটোৰ ফালৰ পৰা প্ৰকাশ কৰা বিবৃতিটো অতি তাৎপৰ্যপূৰ্ণ। তাত উল্লেখ কৰা হৈছেঃ “দুবছৰতকৈ বেছি হ’ল, এনফৰ্চমেন্ট ডাইৰেক্টৰেটে এতিয়ালৈ নিউজক্লিকে অবৈধ ধন সৰবৰাহত লিপ্ত থকাৰ কোনো অভিযোগ উত্থাপন কৰিব পৰা নাই। ভাৰতীয় দণ্ডবিধিৰ অধীনত নিউজক্লিক কোনো অপৰাধত যুক্ত বুলি দিল্লী পুলিচৰ অৰ্থনৈতিক অপৰাধ শাখাই এতিয়ালৈকে নিউজক্লিকৰ বিৰুদ্ধে কোনো অভিযোগনামা দাখিল কৰা নাই। নিউজক্লিকৰ বিৰুদ্ধে আয়কৰ বিভাগে লোৱা ব্যৱস্থাৰ যুক্তিযুক্ততা এতিয়াও আদালতত প্ৰতিপন্ন কৰিব পৰা নাই। যোৱা কেইবামাহো এই সংস্থাবোৰৰ কোনোটোৱেই প্ৰবীৰ পুৰকায়স্থক সোধপোচ কৰিবলৈও মতা নাই। নিউজক্লিকৰ সকলো তথ্য-পাতি, নথি-পত্ৰ চৰকাৰৰ হাতত মজুত থকাৰ পিছতো এতিয়ালৈকে চৰকাৰে নিউজক্লিকৰ বিৰুদ্ধে কোনো অভিযোগ প্ৰমাণ কৰিব পৰা নাই, এতিয়া   ‘দ্য নিউ ৱৰ্ক টাইমচ’ত প্ৰকাশিত ভূৱা প্ৰবন্ধ এটাৰ দোহাই দি কুখ্যাত ইউ এ পি এ আইনৰ অধীনত নিউজক্লিকৰ স্বতন্ত্ৰ আৰু বলিষ্ঠ কন্ঠৰোধ কৰিবলৈ বিচৰা হৈছে, যি   নিউজক্লিকে কৃষক, শ্ৰমিক আৰু সমাজৰ অৱহেলিত আৰু মুক জনতাৰ মুখত ভাষা দিবলৈ ইমান দিনে চেষ্টা কৰি আছে।” 

সংবাদ সংস্থাটোৱে দিয়া এই স্পষ্টীকৰণটোৰ পিছত ক’বলৈ আৰু কি আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে নাগৰিক সমাজে।  নাগৰিক সমাজে অভিযোগ উত্থাপন কৰি কৈছে যে চৰকাৰে নিউজক্লিকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে নিউজক্লিকে ভয়শূন্যভাৱে প্ৰকৃত সংবাদ প্ৰকাশ আৰু প্ৰচাৰ কৰাৰ বাবে। ই অইন একো নহয়, সংবাদপত্ৰৰ স্বাধীনতা আৰু সংবিধান প্ৰদত্ত মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত এক নিৰ্লজ্জ আক্ৰমণ। সাংবিধানিক প্ৰমূল্য আৰু গণতন্ত্ৰত বিশ্বাসী সকলো লোকেই ইয়াৰ প্ৰতিবাদ কৰা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd