মদ্যপান কৰি ৰেলত উঠিল এজন উদণ্ড যুৱক। মদৰ নিচাত এচি ৰুমৰ ভিতৰত এগৰাকী মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিলে যুৱকজনে।
দিল্লী অভিমুখী ৰাছক্ৰান্তি এক্সপ্ৰেছৰ এ চি ডবাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। এই অপৰাধ সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত যুৱকজনক ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
উত্তৰ কেন্দ্ৰীয় ৰে’লৱেৰ মুখপাত্ৰ হিমাংশু শেখৰ উপাধ্যায়ে কয় যে অভিযুক্ত যুৱকজনৰ নাম ৰিতেশ। উত্তৰ প্ৰদেশৰ মহোবা ষ্টেচনৰ পৰা ৰেলখনত উঠি দিল্লী অভিমুখে গৈ আছিল ৰাছক্ৰান্তি এক্সপ্ৰেছৰ বি-৩ কোচৰ যাত্ৰী ৰিতেশ।
অভিযোগ অনুসৰি, একেটা ডবাৰ যাত্ৰী এহাল দম্পতীৰ ওপৰত তেওঁ প্ৰস্ৰাৱ কৰিছিল। ঘটনাত ক্ষুব্ধ হৈ তেওঁলোকে লগে লগে ৰে’লখনৰ নিৰাপত্তাৰক্ষীক ফোন কৰি ঘটনাৰ খবৰ দিয়ে। ৰে’লৰ টিকট পৰিদৰ্শককো এই ঘটনাৰ খবৰ দিয়ে। তাৰ পিছত ঝান্সী জংচনত ৰেলখন ৰৈ দিওঁতে ৰেলৰ টিকট পৰীক্ষকে তাত থকা আৰ পি এফক খবৰ দিয়ে। ইয়াৰ পৈছত ঝান্সী জংচনত ৰেলখন ৰৈ থকাৰ সময়তে তেওঁক ৰেলৰ পৰা নমাই গ্ৰেপ্তাৰ কৰা হয়। ৰে’ল আইনৰ ১৪৫ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে ৰিতেশক। অৱশ্যে পিছত জামিনত মুকলি কৰি দিয়া হয়।