গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ, প্ৰতিষ্ঠিত ব্যৱসায়ী কল্যাণ দাস সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে।
যোৱা ৬ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৬ বজাৰ পৰা ছাত্ৰীবাৰী অঞ্চলৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে দাস। তেওঁৰ বয়স বৰ্তমান ৬০ বছৰ বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত বিজেপি চৰকাৰ
মহানগৰীৰ বাসিন্দা কল্যাণ দাস পানবজাৰৰ এগৰাকী সৰবৰহী ব্যক্তি হিচাপে সুপৰিচিত আছিল দাস।
দাস পেছাত এগৰাকী ব্যৱসায়ী আৰু গুৱাহাটী মহানগৰীৰ পান বজাৰ অঞ্চলৰ মতিলাল নেহৰু পথৰ প্ৰসিদ্ধ আনন্দ ভাণ্ডাৰৰ (বৰ্তমান বন্ধ) স্বত্বাধিকাৰী আছিল।
বৰ্তমান কল্যাণ দাস অন্য ব্যৱসায়ত জড়িত হৈ আছিল।
লগতে পঢ়কঃনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আঘাতপ্ৰাপ্ত ৪ জন শ্ৰমিক, ঘটনাক গাপ দিয়াৰ অভিযোগ
কোনোবাই তেওঁৰ সন্ধান পালে 8720 901066 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনাইছে।