নলবাৰী চিকিৎসা মহাবিদ্যালয়ত শনিবাৰে এগৰাকী কণমাণি ৰোগীক চিকিৎসাত গাফিলতি তথা দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে দুগৰাকী নাৰ্চৰ বিৰুদ্ধে।
সূত্ৰৰ পৰা জানিব পৰা মতে, ঈশানী কাশ্যপ নামৰ এটি শিশুক সৰ্পই দংশন কৰাৰ পিছত ততাতৈয়াকৈ নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসালয়খনৰ কৰ্মীয়ে ৰোগীৰ চিকিৎসা প্ৰদানত গাফিলতি কৰাৰ লগতে পৰিয়ালৰ লোককো দুৰ্ব্যৱহাৰ কৰে।
বিশেষকৈ মামণি ডেকা আৰু ৰূপেখা ডেকা নামৰ দুগৰাকী নাৰ্ছৰ বিৰুদ্ধে অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইয়াৰ শাস্তিস্বৰূপে মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই দুয়োগৰাকী নাৰ্ছক তৎক্ষণাত বদলি কৰিছে। ইয়াৰ উপৰিও এন্টিভেনম প্ৰদান নকৰাৰ অভিযোগৰ তদন্ত বৰ্তমান চলি আছে।





