আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে (আইচিচি) চলিত বৰ্ষৰ মাৰ্চ মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। তাৰ পিছৰ পৰা পুটিনে বিদেশ ভ্ৰমণ কৰা নাই। গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছত পুটিনে প্ৰথম বিদেশ ভ্ৰমণৰ বাবে মধ্য এছিয়াৰ দেশ কিৰ্গিস্তানলৈ গৈছে।
ৰাছিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে (১২ অক্টোবৰ) পুৱা পুটিন কিৰ্গিস্তানত উপস্থিত হয়। কিৰ্গিস্তান আইচিচিৰ সদস্য ৰাষ্ট্ৰ নহয়। গতিকে গ্ৰেপ্তাৰী পৰোৱানাৰ মাজতে যাত্ৰা কৰিলেও পুটিনক গ্ৰেপ্তাৰ কৰাৰ কোনো আইনী বাধ্যবাধকতা দেশখনৰ নাই।
লগতে পঢ়কঃ ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে জয়শংকৰৰ সৈতে ‘গোপন’ বৈঠক কানাডাৰ বিদেশ মন্ত্ৰীৰ!
এই ভ্ৰমণৰ সময়ত পুটিনে কিৰ্গিস্তানৰ ৰাষ্ট্ৰপতি ছাদিৰ জাপাৰ’ভৰ সৈতে বৈঠকত মিলিত হ’ব। ইয়াৰ উপৰিও তেওঁ কমনৱেলথ অৱ ইণ্ডিপেণ্ডেন্স ষ্টেটছৰ সন্মিলনতো অংশগ্ৰহণ কৰাৰ কথা। এই সন্মিলনত অংশগ্ৰহণ কৰিব বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকো আৰু অন্যান্য আঞ্চলিক নেতাসকলে।
২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে সৰ্বাত্মক যুদ্ধ আৰম্ভ কৰে। তেতিয়াৰ পৰা পুটিন দেশৰ বাহিৰলৈ যোৱাটো খুব কমেইহে দেখা গৈছে। যোৱা মাৰ্চ মাহত আই চি চিয়ে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ পিছৰে পৰা তেওঁ বিদেশ ভ্ৰমণ কৰা নাই। ইয়াৰ ভিতৰত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ব্ৰিকছ সন্মিলন আৰু ভাৰতত অনুষ্ঠিত জি-২০ সন্মিলনতো পুটিনে অংশ লোৱা নাছিল।
লগতে পঢ়কঃ বিমানত যৌন নিৰ্যাতনৰ বলি জনপ্ৰিয় অভিনেত্ৰী! দৰাচলতে কি ঘটিছিল দিব্যাৰ লগত?
ইউক্ৰেইনৰ ৰাছিয়াৰ অধীনস্থ অঞ্চলসমূহ এই বছৰহে ভ্ৰমণ কৰিছে পুটিনে। ইয়াৰ পূৰ্বে যোৱা ডিচেম্বৰ মাহত তেওঁ বেলাৰুছ আৰু কিৰ্গিস্তান ভ্ৰমণ কৰিছিল। আনহাতে, শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ৰাছিয়ালৈ গৈ পুটিনক লগ পাইছিল।





