• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে জয়শংকৰৰ সৈতে ‘গোপন’ বৈঠক কানাডাৰ বিদেশ মন্ত্ৰীৰ!

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 12, 2023 1:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কানাডাৰ সৈতে চলি থকা কূটনৈতিক উত্তেজনাৰ মাজতে দুয়োখন দেশৰ সম্পৰ্কৰ এক ভাল খবৰ আহিছে। জানিব পৰা মতে, কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানি জ’লীয়ে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে ‘গোপন’ বৈঠকত মিলিত হৈছে। অৱশ্যে দুয়োখন দেশে এই সন্দৰ্ভত এতিয়াও নিশ্চিত হোৱা নাই।

ব্ৰিটিছ কাকত ফাইনেন্সিয়েল টাইমছে প্ৰকাশ কৰা অনুসৰি জয়শংকৰ আৰু কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানি জলীৰ মাজত এই বৈঠক হয়। ভাৰতত নিযুক্তি দিয়া কানাডাৰ কূটনীতিবিদসকলক প্ৰত্যাহাৰ কৰাৰ বাবে ভাৰতৰ ১০ অক্টোবৰৰ সময়সীমা শেষ হ’লেও ফাইনেন্সিয়েল টাইমছৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰত আৰু কানাডাৰ মাজত আভ্যন্তৰীণ আলোচনা অব্যাহত থকাৰ বাবে কানাডাৰ কূটনীতিবিদসকল এতিয়াও ভাৰতত আছে।

লগতে পঢ়কঃ বিমানত যৌন নিৰ্যাতনৰ বলি জনপ্ৰিয় অভিনেত্ৰী! দৰাচলতে কি ঘটিছিল দিব্যাৰ লগত?

Apply Now

প্রতিবেদন অনুসৰি, কানাডা চৰকাৰে ভাৰতৰ সৈতে কূটনৈতিক সম্পর্ক উন্নত কৰাৰ বাবে চেষ্টা চলাইছে৷ উল্লেখ্য যে কিছুদিন পূর্বে ৱাশ্বিংটনত বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ সৈতে জ’লীয়ে এক গোপন বৈঠকত মিলিত হৈছিল৷ অৱশ্যে কানাডাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই বিষয়ে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতে কূটনৈতিক সম্পৰ্কৰ ভিয়েনা সন্ধিৰ উদ্ধৃতি দিছে। ভাৰতে কয় যে দুয়োখন দেশৰ কূটনীতিবিদৰ সংখ্যা সমান হ’ব লাগে। ভাৰতে কয় যে ভিয়েনা সন্ধিৰ অধীনত ই প্ৰাসংগিক। কিন্তু, কানাডাই এই যুক্তি নাকচ কৰি কয় যে ভাৰতে ভিয়েনা সন্ধিৰ ভুল ব্যাখ্যা কৰিছে।

১৮ ছেপ্টেম্বৰত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰত চৰকাৰক খালিস্তানী সন্ত্ৰাসবাদী নিজ্জৰ হত্যাত জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল। তেওঁ এজন ভাৰতীয় কূটনীতিবিদকো বহিষ্কাৰ কৰে। কানাডাৰ এই পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই ভাৰতেও কানাডাৰ এজন কূটনীতিবিদক দেশ এৰি যাবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছত ভাৰতে কানাডাৰ নাগৰিকৰ ভিছা সেৱাও বন্ধ কৰি দিয়ে।

লগতে পঢ়কঃ অন্ধকাৰত গাজা, ইজৰাইলৰ বিমানবন্দৰত হামাছৰ অহৰহ গোলাবৰ্ষণ; যুদ্ধত মৃত্যুৰ কিৰিলি

মাত্ৰ কিছুদিন পিছতে ভাৰতে কানাডাক ৪১ জন কূটনীতিবিদক প্ৰত্যাহাৰ কৰিবলৈ কয়। প্ৰতিবেদন অনুসৰি এই কূটনীতিবিদসকলক ভাৰত এৰি যাবলৈ ১০ অক্টোবৰৰ সময়সীমা দিয়া হৈছে। খালিস্তানী সন্ত্ৰাসবাদী নিজ্জৰ হত্যাক লৈ অব্যাহত থকা উত্তেজনাৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, সময়সীমাৰ পিছত ভাৰতত থকা এই ৪১ জন কূটনীতিবিদৰ ভিতৰত তেওঁলোকে লাভ কৰিবলগীয়া ৰেহাই আৰু অন্যান্য সুবিধাসমূহ বন্ধ কৰি দিয়া হ’ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতত প্ৰায় ৩২ জন কানাডাৰ কূটনীতিবিদে কাম কৰে।

ইয়াৰ পিছতে ৩ অক্টোবৰত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কয় যে তেওঁ ভাৰতৰ সৈতে উত্তেজনা বৃদ্ধি কৰিব নিবিচাৰে। তেওঁ দুয়োখন দেশৰ সম্পৰ্কক বৰ্তমান সময়ত অত্যন্ত প্ৰত্যাহ্বানমূলক বুলি অভিহিত কৰে।

লগতে পঢ়কঃUG NEET Syllabus 2024: সলনি হৈছে NEET UG পৰীক্ষাৰ পাঠ্যক্ৰম; কি পৰিৱৰ্তন কৰা হ’ল?

একে সময়তে কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানি জ’লীয়ে কূটনৈতিক সংকটৰ সমাধানৰ বাবে ভাৰতৰ সৈতে ব্যক্তিগত আলোচনা কৰিব বিচাৰিছে বুলি কয়। জলীয়ে কয় যে আমি ভাৰত চৰকাৰৰ সংস্পৰ্শত আছো। কানাডাৰ কূটনীতিবিদসকলৰ সুৰক্ষা আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি ব্যক্তিগত পৰ্যায়ত ভাৰতৰ সৈতে যোগাযোগ অব্যাহত ৰাখিম, কিয়নো কূটনৈতিক সমস্যাসমূহ পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান কৰিব পৰা যাব।

এন ই নাও  নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am
অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am
অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd