• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“ডিগ্ৰীৱালী দেশ বেছে” – মহুৱা মৈত্ৰক প্ৰত্যুত্তৰ দি নিশিকান্ত ডুবেইৰ টুইট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2023 11:34 am
1.3k
VIEWS
Share on FacebookShare on Twitter

তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই সংসদত আদানী বিষয়ক প্ৰশ্ন উত্থাপন কৰিবলৈ ব্যৱসায়ীৰ পৰা দুই কোটি টকাৰ উৎকোচ লোৱা বুলি বিজেপি সাংসদ নিশিকান্ত ডুবেই অভিযোগ উত্থাপন কৰাৰ পিছত এইবাৰ ইয়াৰ প্ৰত্যুত্তৰ দিছে তৃণমূলৰ সাংসদগৰাকীয়ে।

এইবাৰ মহুৱাই নিশিকান্তৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে। তেওঁ প্ৰশ্ন কৰে, নিশিকান্ত ডুবেৰ শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰৰ সম্পৰ্কত উত্থাপন হোৱা অভিযোগৰ তদন্ত কিয় কৰা হোৱা নাই?

তৃণমূলৰ সাংসদগৰাকীয়ে দাবী কৰে যে ৭ মাহ পূৰ্বে তেওঁ বিজেপিৰ সাংসদ নিশিকান্ত ডুবেৰ বিৰুদ্ধে ডিগ্ৰী জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছিল। অভিযোগৰ তদন্ত কিয় এতিয়াও কৰা হোৱা নাই বুলি প্ৰশ্ন কৰে মৈত্ৰই?

Who is lying? 2 days ago Fake Degree Wala said NIC already given details including “Dubai” logins to probe agency.
Now @AshwiniVaishnaw says NIC will give info in future IF asked by LS or Ethics Comm.
BJP welcome to do hit job on me but Adani+Godda perhaps not best strategists!

— Mahua Moitra (@MahuaMoitra) October 24, 2023

একে সময়তে তেওঁ দাবী কৰে যে যোৱা বছৰ ঝাৰখণ্ডৰ দেওঘৰ বিমানবন্দৰৰ বিমান পৰিবহণ নিয়ন্ত্ৰণ কক্ষত প্ৰৱেশ কৰি নিশিকান্ত ডুবেই গুণ্ডাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগৰ ভিত্তিত বিজেপিৰ সাংসদজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল। 

উক্ত অভিযোগ সম্পৰ্কত হেণ্ডেলত মহুৱা মৈত্ৰই লিখিছে, “আমি গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ডুবেৰ সেই অবৈধ প্ৰৱেশৰ তদন্তৰ বাবে অপেক্ষা কৰি আছো।”

বুধবাৰে তৃণমূলৰ সাংসদগৰাকীক প্ৰতিক্ৰিয়াৰ এই অভিযোগৰ উত্তৰত নিশিকান্ত ডুবেই কয় –  “ইয়াত প্ৰশ্নটো মোৰ ডিগ্ৰী বা আদানী গোটৰ কথা নহয়, বৰঞ্চ মহুৱা মৈত্ৰই ধনৰ বিনিময়ত সংসদত প্ৰশ্ন কৰিছিল নে নাই সেইটোহে প্ৰশ্ন?”

“ইয়াত সংসদৰ নিয়ম, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সাংসদৰ সম্পত্তি, দুৰ্নীতি আৰু অপৰাধমূলক কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰা হৈছে। এন আই চিৰ মেইলটো ডুবাইৰ পৰা ব্যৱহাৰ কৰা হৈছিল নে নাই সেই উত্তৰ তেওঁ উত্তৰ দিব লাগিব। প্ৰশ্ন হয়, তেওঁ টকাখিনি লৈছিল নেকি? তেওঁৰ বিদেশ ভ্ৰমণৰ খৰচ কোনে দিছিল? এই বিদেশ ভ্ৰমণৰ বাবে তেওঁ লোকসভাৰ অধ্যক্ষ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা অনুমতি লৈছিল নেকি?” – লগতে নিশিকান্তই কয়। 

सवाल संसद की गरिमा,भारत की सुरक्षा व कथित सांसद की ,proprietary, corruption and criminality का है,जबाब देना है कि दुबई में NIC मेल खुला की नहीं? पैसे के बदले प्रश्न पूछे कि नहीं? विदेश जाने आने के खर्च किसने उठाए? कभी @loksabhaspeaker व @MEAIndia से विदेश जाने का permission लिया…

— Dr Nishikant Dubey (@nishikant_dubey) October 25, 2023

এক্স হেণ্ডেলত এই কথাখিনি লিখি নিশিকান্ত ডুবেই “#degree wali desh beche #chand paise ke le jamir beche” বুলি হেচটেগ দিছে। অৰ্থাৎ ডিগ্ৰী থকাসকলে দেশ বিক্ৰী কৰি আছে বুলি অভিযোগ কৰিছে সাংসদ নিশিকান্ত ডুবেয়ে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd