• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰ্থিক সংকটত টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেল! ধন সংগ্ৰহ কৰিছে বন্ধুবৰ্গই

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 27, 2023 8:42 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ্থিক সংকটৰ সন্মুখীন হৈছে গ্ৰেগ চেপেল। এসময়ৰ অষ্ট্ৰেলিয়াৰ আগশাৰীৰ বেটছমেন তথা টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেলে বৰ্তমান অতি বেয়া পৰিস্থিতিৰ সৈতে যুঁজি আছে। এক প্ৰতিবেদন অনুসৰি গ্ৰেগ চেপেলে আৰ্থিক সংকটত ভূগিছে আৰু বৰ্তমান তেওঁৰ বন্ধুসকলে তেওঁৰ বাবে অনলাইনযোগে ধন সংগ্ৰহ কৰি আছে। আচলতে গ্ৰেগ চেপেলক সহায় কৰিবলৈ এই ধন সংগ্ৰহ কৰা হৈছে।

বৰ্তমান ৭৫ বছৰীয়া অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক গ্ৰেগ চেপেলে ২০০৫ চনৰ পৰা ২০০৭ চনলৈকে ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক আছিল। ক্ৰিকেট কেৰিয়াৰ যিদৰে উজ্জ্বল আছিল, আজি সেইদৰে তেওঁ স্বাচ্ছন্দ্য়ৰ জীৱন কটাব পৰা নাই।

‘নিউজ কৰ্প’ক চেপেলে কয় যে ‘’মোৰ পৰিস্থিতি ইমান বেছি বেয়া নহয়। মই নিশ্চয়কৈ এনেকুৱাকৈ নাভাৱো যে মই ভয়ংকৰ মানসিক চাপত আছো কিয়নো আমি এনেকুৱা অৱস্থাত নাই। অৱশ্যে আমি বিলাসী জীৱন কটোৱা নাই। মই অনুমান কৰো বেছিভাগ মানুহেই ভাবে যে কেৱল ক্ৰিকেট খেলা বাবেই আমি সকলোৱে বিলাসী জীৱন যাপন কৰো। অৱশ্যে আমি দুখীয়া নহয় কিন্তু আজিৰ খেলুৱৈসকলৰ দৰে আমি ইমান বিশেষ সুবিধাপ্ৰাপ্ত নহয়।’’

Apply Now

লগতে পঢ়কঃ আদৰ্শ আচৰণ বিধি উলংঘা; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

বাতৰি অনুসৰি, বহু বুজনিৰ পিছত গ্ৰেগ চেপেলে অনিচ্ছা সত্ত্বেও নিজৰ বাবে এটা GoFundMe পেজ তৈয়াৰ কৰিবলৈ সন্মত হয়।

জানিব পৰা মতে, চেপেলে তেওঁৰ বাবে প্ৰস্তুত কৰা ‘হিচক’ৰ সৈতে ‘গ’-ফাণ্ড-মি’ অভিযানত সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ অধীনত যোৱা সপ্তাহত মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত মধ্য়াহ্ন ভোজনৰ আয়োজন কৰা হৈছিল যাৰ আয়োজক আছিল এডি মেগুৱেৰ আৰু তাত তেওঁৰ ভাতৃ ইয়ান আৰু ট্ৰেভৰেও অংশগ্ৰহণ কৰিছিল।

তাত চেপেলে কয় যে তেওঁ নিজৰ যুগৰ একমাত্ৰ খেলুৱৈ নহয় যিয়ে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। চেপেলৰ বন্ধু পিটাৰ মেল’নীয়ে কয় যে তেওঁ এই অভিযানৰ পৰা প্ৰায় ২ লাখ ৫০ হাজাৰ ডলাৰ সংগ্ৰহ কৰাৰ আশা কৰিছে, যাৰ ফলত তেওঁৰ কেইবছৰমানত তেওঁৰ জীৱন ধাৰণৰ মানদণ্ড বহুখিনি উন্নত হ’ব বুলি আশা কৰা হৈছে।

লগতে পঢ়কঃ“ধন দিয়ক, নহ’লে ছেক্স ভিডিঅ’ ৰাজহুৱা কৰিম”, ভাবুকিৰে ধন ঘটি আৰক্ষীৰ জালত যুৱক

উল্লেখ্য যে গ্ৰেগ চেপেলক অৱসৰৰ সময়ত প্ৰতিজন খেলুৱৈৰ দৰেই অৱসৰৰ সুবিধা প্ৰদান কৰা হৈছিল যদিও তেওঁ সেই সুবিধা ল’বলৈ অস্বীকাৰ কৰিছিল। চেপেলে অনুভৱ কৰিছিল যে তেওঁৰ হাতত বহুত বিকল্প আছে আৰু এই সহায়ৰ প্ৰয়োজন নাই। চেপেলে ক্ৰিকেট অষ্ট্ৰেলিয়াত বিভিন্ন পদত অধিষ্ঠিত হৈছিল। তেওঁ বহু দলৰ প্ৰশিক্ষকো আছিল যদিও আজিও তেওঁৰ অৱস্থা ভাল নহয়। তেওঁ নিজৰ সঞ্চয়ৰ এটা বৃহৎ অংশ ব্যৱসায়ত বিনিয়োগ কৰিছিল যিটো ক্ষতিৰ সন্মুখীন হৈছিল। এই ক্ষতিৰ ফলত তেওঁৰ অৱস্থা আৰু অধিক বেয়া হৈ পৰে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে গ্ৰেগ চেপেলৰ তিক্ত অভিজ্ঞতা আছিল। শচীন টেণ্ডুলকাৰ, সৌৰভ গাংগুলীৰ দৰে কিংবদন্তি ভাৰতীয় খেলুৱৈৰ সৈতে তেওঁৰ সম্পৰ্ক আন্তৰিক নাছিল। ২০০৭ চনৰ বিশ্বকাপত ইয়াৰ পৰিণাম দলটোৱে ভোগ কৰিবলগীয়া হৈছিল। সেইবাৰ ২০০৩ চনৰ চূড়ান্ত প্ৰতিযোগী দলটো গ্ৰুপ পৰ্যায়ত বাহিৰ হয়। শচীন টেণ্ডুলকাৰে গ্ৰেগ চেপেলক অহংকাৰী প্ৰশিক্ষক বুলি অভিহিত কৰিছিল, যিয়ে ভাৰতীয় ক্ৰিকেটত বেয়া প্ৰভাৱ পেলাইছিল।

লগতে পঢ়কঃকাটাৰত ভাৰতীয় নৌসেনাৰ আঠ প্ৰাক্তন বিষয়াক মৃত্যুদণ্ডক লৈ চাঞ্চল্য: বৈদেশিক নীতিক লৈ উত্থাপন হৈছে প্ৰশ্ন

ক্ৰিকেট কেৰিয়াৰৰ কথা ক’বলৈ গ’লে গ্ৰেগ চেপেলে ১৯৭০ আৰু ৮০ৰ দশকত ৮৭খন টেষ্ট মেচত ২৪টা শতক অৰ্জন কৰাৰ লগতে ৪৮খন মেচত অষ্ট্ৰেলিয়াৰ অধিনায়কত্ব কৰিছিল। ১৯৮৪ চনৰ জানুৱাৰী মাহত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সময়ত তেওঁ ড’নাল্ড ব্ৰেডমেনৰ ৬৯৯৬ ৰানৰ অভিলেখ অতিক্ৰম কৰি অষ্ট্ৰেলিয়াৰ টেষ্ট ইতিহাসৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী (৭১১০) হিচাপে পৰিগণিত হয়।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd