• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুলিচী অত্যাচাৰৰ বলি হৈ চৰম পন্থা বাচি লোৱা অজয় দত্তৰ ন্যায়ৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2023 8:17 pm
boy committed suicide due to police torture
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ বলি হৈ আত্মহত্যা কৰা দেৰগাঁৱৰ দ’লমুখৰ অজয় দত্তৰ বাসগৃহত আজি উপস্থিত হয় জীপাল কৃষক শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহকে ধৰি জীপালৰ প্ৰতিনিধি দল।

জীপালৰ প্ৰতিনিধি দলটোৱে যুৱকজনৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁলোকে লগতে হিমন্ত বিশ্ব শৰ্মাই পুলিচৰাজৰ জৰিয়তে ফেচীবাদী শাসন চলোৱা বুলিও অভিযোগ কৰে।

Apply Now

তেওঁলোকৰ অভিযোগ, দুজন ব্যক্তিৰ কাজিয়া ভাঙি দিবলৈ চেষ্টা কৰি ওলোটাই পুলিচৰ দ্বাৰা নিৰ্মম প্ৰহাৰৰ বলি হৈ মৃত্যুবৰণ কৰা নিৰীহ অসমীয়া যুৱকৰ মৃতদেহক পোক পৰুৱা আৰু শিয়ালৰ খাদ্যলৈ ৰূপান্তৰিত কৰিছে হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰখনে।

পুলিচৰাজৰ যোগেদি ফেচিবাদী শাসনকৰ্তা হিমন্ত বিশ্বশৰ্মাৰ চৰকাৰখনৰ আৰক্ষীয়ে পাঁচদিন উকলি যোৱাৰ পিছতো তথা ঘটনাৰ স্পষ্ট প্ৰমাণ থকাৰ পাছতো তদন্তৰ নামত কেৱল ভেকোঁভাওনা কৰা বুলি অভিযোগ উত্থাপন কৰে জীপালৰ উপদেষ্টা সোনেশ্বৰ নৰহে।

তদন্তকাৰীক প্ৰত্যাহ্বান জনাই নৰহে প্ৰমাণ যদি লাগে জীপাল কৃষক শ্ৰমিক সংঘই সাক্ষীবাদী পেচ কৰি দিব বুলিও তীব্ৰ আক্ৰমণ কৰে। লগতে চৰকাৰ-পুলিচৰ যদি তদন্ত আয়োগ-বিষয়া-সংস্থা আদি নাই অথবা জহন্নামে গ’ল তেতিয়া হ’লে ডি জি পিয়ে আত্মসমৰ্পন কৰক বুলিও বিস্ফোৰক দাবী কৰে।

নৰহে কয়, “ঘটনাস্থলীত সেই সময়ত কৰ্তব্যৰত আৰক্ষী তত্বাৱধায়ক কোন আছিল সেই কথা জানিবলৈ কিহৰ তদন্ত লাগে। ই স্পষ্ট হৈ আছে। সেই সন্ধ্যাৰ দায়িত্বত কোন দণ্ডাধীশ আছিল সেইয়াও ৰাজহুৱা কৰক। প্ৰয়োজন হ’লে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশৰ এজনীয়া আয়োগ গঠন কৰি তদন্তৰ দায়িত্ব দিয়ক।”

পৰিয়ালবৰ্গক এককালীন ভৰণ পোষণৰ বাবে সাহাৰ্য প্ৰদান কৰাৰ লগতে পৰিয়ালৰ এজনক স্থায়ী সংস্থাপণ দি দায়বদ্ধতা স্বীকাৰ কৰিবলৈও দাবী তোলে জীপালে। আনহাতে দেৰগাঁৱৰ স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীকো কটাক্ষ কৰি দেৰগাঁৱত বিধায়ক আছে জানো বুলি মন্তব্য কৰে নৰহে।

তেওঁৰ যদি সামান্যতম অসমীয়া জাতীয়তাবাদৰ তেজ থাকিলে হয়, তেতিয়া নিজ সমষ্টিৰ নিৰীহ অসমীয়া যুবকৰ মৃতদেহ পৰুৱা-শিয়ালক খাবলৈ এৰি নিদিলে হয় তথা প্ৰশাসনক নিৰ্দেশ দি অজয় দত্তৰ পৰিয়ালক ন্যায় দিয়ালে হয় বুলি বিধায়কগৰাকীক সমালোচনা কৰে সোনেশ্বৰ নৰহে।

অগপৰ নেতা তথা বিধায়কগৰাকীক ভণ্ড-ভুৱা জাতীয়তাবাদী বুলি ক’বলৈ বুকু নকপে বুলি নৰহে ক্ষোভ উজাৰে। তেওঁ এগৰাকী বিধানসভাৰ সদস্য হৈ পৰিয়ালটিক এককালীন সাহাৰ্য আৰু সংস্থাপনৰ কথা কিয় ঘোষণা কৰিব নোৱাৰে বুলিও সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে কৃষক নেতাগৰাকীয়ে।

আনহাতেদি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত সোনেশ্বৰ নৰহে পুলিচে ৰিকিউচন কৰি নিয়া অস্থায়ী তথা অসামৰিক গাড়ীচালকক পুলিচী মেজাজ আৰোপ কৰা বন্ধ কৰিব লাগে বুলি দাবী কৰে।

ৰাইজৰ কৰকাতলেৰে দা-দৰমহা ভোগ কৰা ইউনিফৰ্মধাৰী পুলিচ বিষয়া আদিয়ে নিজে দায় সাৰিবলৈ অসামৰিক লোকক সাধাৰণ জনতাৰ ওপৰত হাত তুলিবলৈ প্ৰৰোচিত কৰা কাণ্ডৰ বাবে নিশ্চিত ভাৱে বিষয়াজন অপৰাধী হ’ব বুলি মত প্ৰকাশ কৰে নৰহে।

লগতে দেৰগাঁৱৰ অজয় দত্তৰ ওপৰত চলা তেনে কাণ্ডৰ দৰে ভবিষ্যতে কোনো প্ৰান্ততেই পুলিচে যাতে অনুৰূপ কাণ্ডৰ পুনৰাবৃত্তি কৰিব নোৱাৰে ইয়াৰ বাবে এক নীতি ঘোষণা কৰাৰো দাবী তোলে জীপাল কৃষক শ্ৰমিক সংঘই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd