• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজমল আৰু আৰু হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে – চিপিআই (এম) 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2023 6:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে জনসাধাৰণৰ পৰা ক্ৰমাৎ বিচ্ছিন্ন হৈ পৰা এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল আৰু ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেন লাগ বান্ধ নোহোৱা বক্তব্যৰ প্ৰতিযোগিতাতহে নামি পৰিছে। 

সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত দুয়োজন নেতাই ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই আছে।  শেহতীয়াভাৱে বদৰুদ্দিন আজমলে বৰপেটা জিলাৰ বামুনদংৰা আৰু আলোপতি চৰত হোৱা সভাত ভাষণ প্ৰসংগত কৰা মন্তব্য হ’ল তাৰে এক জ্বলন্ত উদাহৰণ ৷ অতি নিম্নখাপৰ মানসিকতাৰ পৰিচয় দি আজমলে কৈছে যে ভাৰতবৰ্ষত শাসনত থাকিবলৈ হ’লে মুছলমানৰ হাত-ভৰি ধুই পানী খাব লাগিব ৷ এনে উদ্ভৎ, সাম্প্ৰদায়িক আৰু প্ৰৰোচনামূলক বক্তব্যই দেশৰ ধাৰ্মিক সংখ্যালঘু মুছলমানৰ স্বাৰ্থ কোনোপধ্যে সুৰক্ষিত নকৰে ৷ বৰং তেওঁলোকক উগ্ৰ ‘হিন্দুত্ববাদী’ সাম্প্ৰদায়িক শক্তিবোৰৰ অধিক আক্ৰমণৰ লক্ষ্যহে কৰি পেলাব ৷ আজমলৰ বক্তব্যৰে আঁত ধৰি পিছদিনাখন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰাই  মুছলমান বিৰোধী ঘৃণাৰ উদ্ৰেক কৰা দেখিবলৈ পোৱা গ’ল ৷ মেডিকেল কলেজৰ নামভৰ্তি পৰীক্ষাত মুছলমান, বিশেষকৈ বংগীয়মূলৰ মুছলমানসকলৰ বুজন সংখ্যক উত্তীৰ্ণ হোৱাটোত উদ্বেগ প্ৰকাশ কৰি তেওঁ মন্তব্য কৰিছে যে ইয়াৰ বাবে নতুন মেডিকেল কলেজ খোলাৰ উদ্যম তেওঁ হেৰুৱাই পেলাইছে ৷ সংবিধানৰ নামত শপত খাই মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা লোক এজনৰ  ৰাজ্যখনৰ এটা বৃহৎ জনগোষ্ঠীৰ বিৰুদ্ধে এনে দেখদেখ ঘৃণা প্ৰকাশ অতিকৈ নিন্দনীয়। 

Apply Now

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ অন্যান্য নেতাসকলে সাম্প্ৰদায়িক মেৰুকৰণৰ লক্ষ্যৰে এনে বক্তব্য বাৰে বাৰে প্ৰদান কৰি আহিছে ৷ আনহাতে সাংসদ বদৰুদ্দিন আজমলেও কিছুদিন পূৰ্বে এনেধৰণৰ বিদ্বেষ আৰু প্ৰৰোচনামূলক বক্তব্য দাঙি ধৰিছিল ৷ মুখ্যমন্ত্ৰীয়ে তাৰ আলমলৈ তেতিয়াও অতি নিকৃষ্ট আৰু সংখ্যালঘুবিদ্বেষী সাম্প্ৰদায়িক বক্তব্য দাঙি ধৰিছিল ৷ চি পি আই (এম) অসম ৰাজ্যিক কমিটিয়ে এনে সাম্প্ৰদায়িক উচটনিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই গুৱাহাটীৰ লতাশিল থানাত গোচৰ তৰিছিল ৷ ঘৃণামূলক বক্তব্য দাঙি ধৰা লোকৰ বিৰুদ্ধে আৰক্ষী বিভাগে স্বতঃপ্ৰণোদিতভাৱে গোচৰ তৰিব লাগিব বুলি উচ্চতম ন্যায়ালয়ৰ সুস্পষ্ট নিৰ্দেশনা থকাৰ পাছতো আৰক্ষী বিভাগে এইক্ষেত্ৰত কোনো তদন্ত বা এফআইআৰ দাখিল নকৰিলে ৷ মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ আৰক্ষী বিভাগৰ এনে পক্ষপাতমূলক আচৰণ সহজে অনুমেয় ৷ কিন্তু উদ্বেগৰ কথা যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰাটো নিশ্চিত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়েও কোনোধৰণৰ সক্ৰিয়তা প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা নগ’ল ৷

চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলৰ এনে প্ৰৰোচনামূলক আৰু চৰম বিদ্বেষপূৰ্ণ বক্তব্যৰ তীব্ৰ নিন্দা কৰিছে ৷ নিজৰ প্ৰতিশ্ৰুতি পালনত চৰম ব্যৰ্থতা আৰু জনবিৰোধী কৰ্মকাণ্ডৰ বাবে দ্ৰুতগতিত জনবিচ্ছিন্ন হৈ পৰা বিজেপি নেতৃত্বই সাম্প্ৰদায়িক মেৰুকৰণৰ দ্বাৰা নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে অবিৰাম উৎকৎ সাম্প্ৰদায়িক বক্তব্য প্ৰচাৰ কৰি আছে। একেদৰে যোৱা বিধান সভা নিৰ্বাচনৰ পাছৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্চসিত প্ৰশংসা কৰা   এআইইউডিএফ নেতৃত্বই ইতিমধ্যে ৰাজ্যখনৰ অন্যান্য বিৰোধী দলবোৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছে ৷ এনে অৱস্থাত সাম্প্ৰদায়িকভাৱে প্ৰৰোচনামূলক বক্তব্যৰেই নিজৰ গণভিত্তি ধৰি ৰখাৰ বাবে দলটোৰ সভাপতি আজমল আৰু অন্যান্য নেতাসকলে আপ্ৰাণ প্ৰচেষ্টা চলাইছে। তাৰ বাবে তেওঁলোকে মুছলমান সমাজক হিন্দু সাম্প্ৰদায়িক শক্তিবোৰৰ সহজ আক্ৰমণৰ লক্ষ্যবস্তুত পৰিণত কৰিবলৈ কুন্ঠাবোধ কৰা নাই ৷ 

চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে লক্ষ্য কৰিছে যে ক্ৰমাৎ জনবিচ্ছিন্ন হৈ পৰা বিজেপি আৰু এআই ইউডিএফ-এ পৰস্পৰে পৰস্পৰৰ পৰিপূৰক হিচাপে এনে ভয়ানক বক্তব্যৰে পৰিৱেশ দূষিত কৰিব ধৰিছে ৷ জনসাধাৰণক এনে ষড়যন্ত্ৰ  সম্পৰ্কে সতৰ্ক থাকি সাম্প্ৰদায়িকভাৱে প্ৰৰোচনামূলক বক্তব্যক সম্পূৰ্ণ প্ৰত্যাখ্যান কৰিবলৈ চিপিআই(এম)ৰ  অসম ৰাজ্যিক কমিটিয়ে আহ্বান জনাইছে ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd