• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চতুৰ্থবাৰৰ বাবে সুৰংগত বন্দী; দম বন্ধ হ’ব খোজা আন্ধাৰত ১৭ দিন বাকী ৪০জনক উজ্জীৱিত কৰি ৰাখিছিল গব্বৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2023 8:02 am
সুৰংগৰ ভিতৰত আৱদ্ধ বাকী শ্ৰমিকসকলক সতেজ কৰি ৰখা গব্বৰ সিং নেগী।

সুৰংগৰ ভিতৰত আৱদ্ধ বাকী শ্ৰমিকসকলক সতেজ কৰি ৰখা গব্বৰ সিং নেগী।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মই আটাইতকৈ চিনিয়ৰ…মই শেষত বাহিৰলৈ যাম।” গব্বৰ সিং নেগীয়ে নিঃসংকোচে ভাতৃক জনাই দিলে। উত্তৰকাশীৰ ছিলকিয়াৰাত সোতৰ দিন ধৰি ভাঙি পৰা সুৰংগত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ ভিতৰত তেওঁ অন্যতম। ১৭ দিন বা ৪০০ ঘণ্টাৰো অধিক সময় মাটিৰ পৰা ২০০ ফুট তলত আৱদ্ধ হৈ আছিল।

এই ১৭ দিনত তেওঁলোকৰ উদ্ধাৰৰ সম্ভাৱনা বাৰে বাৰে উজ্জ্বল হৈ পৰিছে আৰু প্ৰতিবাৰেই মাজতে বাধাৰ সৃষ্টি হয়। মাজতে বন্ধ হৈ পৰিছে উদ্ধাৰ অভিযান। অৱশেষত মঙলবাৰে সন্ধিয়া অন্ধকূপ  সুৰংগৰ পৰা ৪১ জন শ্ৰমিকক নিৰাপদে মুকলি কৰি অনা হয়। ওলাই অহাৰ পিছত সকলোৱে স্তম্ভিত হৈ পৰে। ১৭ দিন তাত আৱদ্ধ হৈ থকাৰ পিছতো সেই শ্ৰমিকসকল শাৰীৰিক আৰু মানসিকভাৱে ইমান সতেজ কেনেকৈ?

লগতে পঢ়কঃ ভূমিস্খলনৰ সময়তে বুজিব পাৰিছিল ভয়াৱহতাৰ কথা: দুৰ্বিসহ সময় সুঁৱৰিলে উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকে

Apply Now

দৰাচলতে ৪০০ ঘণ্টাৰো অধিক সময় ধৈৰ্য্য আৰু অপেক্ষাৰ এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ তেওঁলোকক এজন শক্তিশালী নেতাৰ প্ৰয়োজন আছিল। আৰু এই দুৰ্যোগৰ সন্মুখত গব্বৰে নেতাৰ ভূমিকা গ্ৰহণ কৰিলে!

তেওঁ উত্তৰাখণ্ডৰ বাসিন্দা। দুৰ্ঘটনাস্থলীৰ পৰা ২৬০ কিলোমিটাৰ নিলগৰ পৌৰী গড়োৱাল জিলাৰ এখন গাঁৱত তেওঁৰ ঘৰ। অবিশ্বাস্য যেন লাগিলেও, ধ্বংসৰ ফলত সুৰংগ এটাত আৱদ্ধ হৈ পৰাটো এই নিৰ্মাণ শ্ৰমিকজনৰ জীৱনত নতুন কথা নহয়। ছিলকিয়াৰা-বৰাকোট সুৰংগত আবদ্ধ হৈ পৰাৰ আগতে তেওঁ তিনিবাৰ সুৰংগ ভাঙি পৰাৰ দুৰ্ভাগ্যজনক অভিজ্ঞতা লাভ কৰিছিল।

সেয়ে, দেৱালীৰ ৰাতিপুৱা যেতিয়া ছিলকিয়াৰা সুৰংগত আবদ্ধ হৈ পৰিল তেতিয়াও তেওঁ ইমান আতংকিত হোৱা নাছিল। যিহেতু তেওঁ নিজেই দুৰ্যোগৰ সন্মুখত শান্ত হৈ আছিল, গতিকে গব্বৰ সিঙে বাকী ৪০ জন শ্ৰমিকৰ যত্ন লৈছিল যাতে মানসিকভাৱে ভাঙি নাযায়, মনৰ শক্তি নেহেৰুৱায়। বন্ধ সুৰংগৰ আন্ধাৰত সহকৰ্মীসকলক যোগাসন আৰু ধ্যান শিকাইছিল। তেওঁ বাৰে বাৰে আশ্বাস দিছিল যে তেওঁলোকক কোনোবাদিনা উদ্ধাৰ কৰা হ’ব।

লগতে পঢ়কঃ জল্পনা-কল্পনাৰ অন্ত! প্ৰশিক্ষক হিচাপে বাহাল দ্ৰাবিড়

উত্তৰাখণ্ডৰ এইগৰাকী নিৰ্মাণ শ্ৰমিকে আৱদ্ধ শ্ৰমিকসকলক শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় কৰি ৰখাৰ দায়িত্ব নিজৰ ওপৰত লৈছিল। ইয়াৰ বাবে গব্বৰ সিং নেগীয়ে তেওঁলোকৰ সুৰংগ-কাৰাগাৰত বিভিন্ন খেল আৰু শাৰীৰিক ব্যায়ামৰ ব্যৱস্থা কৰে।

বুধবাৰে পুৱা ভাতৃ জয়মল নেগীয়ে কয় যে তেওঁ প্ৰতিদিনে ককায়েকৰ সৈতে কথা পাতিছিল। তেওঁ ককায়েকক যোগাসন ল’বলৈ পৰামৰ্শ দিলে। ককায়েকে জনাইছিল সকলোৱে একেলগে সেইটো কৰি আছে। উদ্ধাৰ কৰা শ্ৰমিকসকলে গব্বৰ সিং নেগীৰ পৰামৰ্শ মতেই সুৰংগটোত লুডু আৰু দবা খেলিবলৈ আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।

লগতে পঢ়কঃ পৰস্ত্ৰীলৈ চকু কিয়! খঙতে ৰেবিজৰ বেজীৰে প্ৰেমিকৰ চকু ফুটালে মহিলাই

আনকি আৱদ্ধ শ্ৰমিকসকলে ‘চোৰ পুলিচ’ও খেলিছিল বুলি উদ্ধাৰৰ লগত জড়িত এজন মনোৰোগ বিশেষজ্ঞই কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই গব্বৰ সিং নেগীৰ সাহস আৰু নেতৃত্বৰ প্ৰশংসা কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd