• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খাৰিজ হ’ব মহুৱা মৈত্ৰৰ সাংসদ পদ! সোমবাৰে লোকসভাত দাখিল হ’ব এথিক্স কমিটিৰ প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2023 9:03 am
তৃণমূল সাংসদ মহুৱা মৈত্ৰ। ফাইল ফটোঃ সংগ্ৰহীত।

তৃণমূল সাংসদ মহুৱা মৈত্ৰ। ফাইল ফটোঃ সংগ্ৰহীত।

1.3k
VIEWS
Share on FacebookShare on Twitter

অহা সোমবাৰে লোকসভাত মহুৱা মৈত্ৰৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰিবলৈ ওলাইছে এথিক্স কমিটিয়ে। ইতিমধ্যে লোকসভাৰ এথিক্স কমিটিয়ে ‘হিৰানন্দানী গ্ৰুপৰ পৰা ধন লৈ আদানী গ্ৰুপৰ বিৰুদ্ধে প্ৰশ্ন’ৰ গোচৰত মহুৱাক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰাৰ পৰামৰ্শ আগবঢ়াইছে। এই প্ৰতিবেদন এইবাৰ সংসদৰ নিম্ন সদনত দাখিল কৰিবলৈ গৈ আছে। কিন্তু সেই প্রতিবেদন দাখিল কৰাৰ পিছতে মহুৱাৰ সংসদ পদ খাৰিজ হৈ নাযায়৷

সংসদৰ নিম্ন সদনে লোকসভাত এথিক্স কমিটিৰ পৰামৰ্শৰ সপক্ষে ভোটদান কৰিলেহে মাহুৱাৰ সাংসদ পদ খাৰিজ হ’ব। মহুৱাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনত পশ্চিমবংগৰ কৃষ্ণনগৰ সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ টিকটত জয়লাভ কৰিছিল। যদি লোকসভাই এই পৰামৰ্শৰ সপক্ষে ভোট দিয়ে তেন্তে পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বেই সাংসদ পদ হেৰুৱাব মহুৱাই।

লগতে পঢ়কঃ মূৰ দোৱালে বিশ্বজয়ী অষ্ট্ৰেলিয়াই! বেটে-বলে অলৰাউণ্ড প্ৰদৰ্শনেৰে টী-২০ শৃংখলা জয় ভাৰতৰ

মহুৱাৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল হোৱাৰ দিনৰে পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন। এই অধিৱেশন ২২ ডিচেম্বৰলৈকে চলিব। লোকসভা সচিবালয়ৰ তথ্য অনুসৰি শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই এথিক্স কমিটিৰ অধ্যক্ষ বিনোদ কুমাৰ সোনকাৰে প্ৰতিবেদন দাখিল কৰিব।

‘টকা লৈ প্ৰশ্ন’ গোচৰত মহুৱাৰ সাংসদ পদ নাকচ কৰাৰ সপক্ষে এথিক্স কমিটিৰ ৬ জন সদস্যই ভোটদান কৰে। প্ৰনীত কৌৰো এই তালিকাত আছে। ইতিমধ্যে কংগ্ৰেছে প্ৰনীতক দলৰ পৰা মুক্ত কৰি দিছে। বাকী চাৰিজন বিৰোধী সাংসদে ভোট দিয়ে মহুৱাৰ পক্ষত। তেওঁলোকে মহুৱাৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে ভোটদান কৰে। অৰ্থাৎ মহুৱাৰ সাংসদ পদ খাৰিজৰ পৰামৰ্শ ৬-৪ ব্যৱধানত গ্ৰহণ কৰা হয়। 

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd