প্ৰখ্যাত আমেৰিকান আলোচনী ফৰ্বছে প্ৰকাশ কৰিছে চলিত বৰ্ষৰ বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলা। ফ’বৰ্ছৰ এই তালিকাত স্থান লাভ কৰিছে চাৰিগৰাকী ভাৰতীয় মহিলাই।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, ৰশ্নি নাদৰ মালহোত্ৰা, সোমা মণ্ডল আৰু কিৰণ মজুমদাৰ শ্ব’ই ফ’বৰ্ছৰ এই তালিকাত স্থান লাভ কৰিছে।
শাসকীয় বিজেপি দলৰ বয়োজ্যেষ্ঠ নেত্ৰী নিৰ্মলা সীতাৰমণে সম্প্ৰতি দেশৰ বিত্তমন্ত্ৰী আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ ২০১৭ চনৰ পৰা ২০১৯ চনলৈ দেশৰ ২৮ সংখ্যক প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
সীতাৰমণে বিগত বৰ্ষত ফ’ৰ্বছৰ বিশ্বৰ প্ৰভাৱশালী মহিলাৰ তালিকাত ৩৬ সংখ্যক স্থান লাভ কৰিছিল। এইবাৰ চাৰিটা স্থানৰ উত্তৰণ ঘটি ৩২ সংখ্যক স্থান লাভ কৰিছে ৰাজনৈতিক নেত্ৰীগৰাকীয়ে।
প্ৰযুক্তি কোম্পানী এইচ চি এল টেকন’লজিছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৪২ বছৰীয়া ভাৰতীয় ধনাঢ্য মহিলা ৰশ্নি নাদাৰ মালহোত্ৰাই এই তালিকাত ৬০ সংখ্যক স্থান লাভ কৰিছে।
ভাৰতৰ তালিকাভুক্ত কোনো আই টি কোম্পানীৰ শীৰ্ষ পদবীধাৰী প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰিছিল মালহোত্ৰাই। এইচ চি এলৰ প্ৰতিষ্ঠাপক শিৱ নাদৰৰ একমাত্ৰ সন্তান হিচাপে তেওঁ ভাৰতৰ আটাইতকৈ ধনৱন্ত মহিলা হিচাপে স্বীকৃতি লাভ কৰিছে।
উল্লেখ্য যে, ফ’ৰ্বছে প্ৰভাৱশালী মহিলাৰ তালিকাত ইতিপূৰ্বেও স্থান লাভ কৰিছে মালহোত্ৰাই। তেওঁ ২০১৯ চনত ৫৪তম স্থান, ২০২০ চনত ৫৫তম স্থান লাভ কৰিছিল। চলিত বৰ্ষত তেওঁ লাভ কৰিছে ৬০তম স্থান।
ষ্টীল অথ’ৰিটী অৱ ইণ্ডিয়াৰ বৰ্তমানৰ অধ্যক্ষ সোমা মণ্ডলক প্ৰভাৱশালী মহিলাৰ তালিকাত ৭০ তম স্থানত ৰাখিছে ফ’বৰ্ছে। ৬০ বৰ্ষীয় মণ্ডল ২০২১ চনৰ আৰম্ভণিতে প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰি ষ্টীল অথ’ৰিটী অৱ ইণ্ডিয়াৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল।
১৯৮৪ চনত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰা মণ্ডলে নেচনেল এলুমিনিয়াম কোম্পেনী (NALCO)ৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল। চলিত বৰ্ষত তেওঁ ইটি প্ৰাইম ৱ’মেন লিডাৰশ্বীপ এৱাৰ্ড ২০২৩ ত ‘বৰ্ষটোৰ মুখ্য কাৰ্যবাহী বিষয়া’ হিচাপে সন্মানিত হৈছিল।
ইফালে দেশৰ আগশাৰীৰ মহিলা উদ্যোগপতি কিৰণ মজুমদাৰ-শ্ব’ৱে তালিকাত ৭৬ তম স্থান লাভ কৰিছে। তেওঁ বাংগালুৰুত বায়’কন লিমিটেড আৰু বায়’কন বায়’লজিক্স লিমিটেড প্ৰতিষ্ঠা কৰিছিল।
বায়’টেকন’লজী কোম্পানীসমূহত সক্ৰিয় ভূমিকাৰ উপৰিও তেওঁ বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ প্ৰাক্তন অধ্যক্ষ আছিল। বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত আগবঢ়োৱা অৱদানৰ বাবে ২০১৪ চনত “অ’থমেৰ গ’ল্ড মেডেল” লাভ কৰিছিল।
২০১১ চনত তেওঁ ফাইনেন্সিয়েল টাইমছৰ শীৰ্ষ ৫০ গৰাকী মহিলাৰ ব্যৱসায়ীৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।২০১৯ চনত ফৰ্বছে তেওঁক বিশ্বৰ ৬৮ সংখ্যক প্ৰভাৱশালী মহিলা হিচাপে স্বীকৃতি দিছিল। ২০২০ চনত তেওঁক ‘ই ৱাই ৱৰ্ল্ড এণ্ট্ৰ’প্ৰ’নিউৰ অৱ দ্য ইয়েৰ’ হিচাপে সন্মানিত কৰা হৈছিল।