প্ৰেমিকে একেলগে কোচিং ক্লাছলৈ যাবৰ বাবে লগ ধৰিলে এগৰাকী ১৪ বছৰীয়া কিশোৰীক। কিশোৰীও প্ৰেমিকৰ সৈতে ওলাই গ’ল ঘৰৰ পৰা। কিন্তু কোচিং ক্লাছলৈ যোৱাৰ পূৰ্বে প্ৰেমিকে কিশোৰীগৰাকীক লৈ গ’ল এখন হোটেললৈ। হোটেললৈ নি প্ৰেমিক আৰু দুই বন্ধুৱে মিলি কিশোৰীগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰে।
এই ঘটনাৰ পিছত নিজৰ জীৱন শেষ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কিশোৰীগৰাকীয়ে। আত্মহত্যা কৰিবলৈ এখন নদীত জাঁপ দিয়ে কিশোৰীয়ে। কিন্তু এগৰাকী বাটৰুৱাই দেখা পাই মৃত্যুমুখৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে।
ত্ৰাণকৰ্তাৰূপে যিজন ব্যক্তিয়ে কিশোৰীগৰাকীক মৃত্যুৰ পৰা উদ্ধাৰ কৰিছিল সেইজন ব্যক্তিয়েই যে এনে কাণ্ড কৰিব পাৰে সেই কথা কল্পনা কৰিব পৰা নাছিল কিশোৰীগৰাকীয়ে।
বিহাৰৰ জেহানাবাদৰ পৰা আৰম্ভ হৈছে এই ঘটনা। যোৱা ৩ নৱেম্বৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে কোচিংলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহিছিল। লগত তেওঁৰ প্ৰেমিকো আছিল। কিন্তু তেওঁক কোচিঙৰ নামত এখন হোটেললৈ লৈ যোৱা হ’ল। তাতে গোটেই ৰাতি প্ৰেমিক আৰু প্ৰেমিকৰ দুই বন্ধুৱে ধৰ্ষণ কৰে কিশোৰীগৰাকীক।
ধৰ্ষণৰ পিছতে তাইক হোটেলত এৰি পলায়ন কৰে অভিযুক্তই। ইফালে ঘটনাৰ পিছত নদী এখনলৈ গৈ আত্মহত্যাৰ চেষ্টা কৰে কিশোৰীগৰাকীয়ে। শেষ মুহূৰ্তত এজন যুৱকে নদীৰ পৰা উদ্ধাৰ কৰিলে কিশোৰীগৰাকীক।
উদ্ধাৰকাৰী যুৱকজনে কিশোৰীগৰাকীক কিয় আত্মহত্যা কৰিব বিচাৰে বুলি সুধিলে। তাই সকলো কথা কোৱাৰ পিছত যুৱকজনে তাইক বিয়া কৰাম বুলি প্ৰতিশ্ৰুতি দি ঘৰলৈ লৈ যায়। কিন্তু তালৈ গৈও যুৱকজনৰ কামনাৰ বলি হ’ল তাই ।
পিছদিনা যুৱকজনৰ এজন বন্ধু আহিও কিশোৰীগৰাকীক ধৰ্ষণ কৰে। ইয়াৰ পিছতে যুৱকজনে কিশোৰীগৰাকীক মধ্যপ্ৰদেশৰ এজন ব্যক্তিক ৫০ হাজাৰ টকাত বিক্ৰী কৰি দিয়ে। সেই ব্যক্তিজনেও ছোৱালীজনীৰ সৈতে দৈনিক নিজৰ যৌন প্ৰয়োজনীয়তা পূৰণ কৰে।
শেহতীয়াকৈ বচপন বাচাও আন্দোলন নামৰ এটা সংগঠনে উদ্ধাৰ কৰিছে দুৰ্ভগীয়া কিশোৰীগৰাকীক।
ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি এই সমগ্ৰ ঘটনাৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাকী অভিযুক্তৰ সন্ধান চলি আছে।