ৰিংকু সিঙৰ বিস্ফোৰক বেটিঙেও কাম নিদিলে। দ্বিতীয়খন টী-২০ত ৫ উইকেটত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাই শৃংখলাত অগ্ৰগতি লাভ কৰিলে। মঙলবাৰে বৰষুণৰ বাবে খেল বন্ধ হোৱাৰ পূৰ্বে ১৯.৩ অভাৰত ৭টা উইকেট হেৰুৱাই ভাৰতে ১৮০ ৰান সংগ্ৰহ কৰে। ডাকৱৰ্থ-লুইছ নিয়মত দক্ষিণ আফ্ৰিকাৰ লক্ষ্য ১৫ অভাৰত ১৫২ ৰানলৈ হ্ৰাস কৰা হয়। দক্ষিণ আফ্ৰিকাই ১৩.৫ অভাৰত ৫টা উইকেট হেৰুৱাই বিজয়ী লক্ষ্যত উপনীত হয়।
ৰান চেজত মাৰ্ক্ৰামছ বাহিনী ইমান সহজে লক্ষ্যত উপনীত হ’ব বুলি আশা কৰা হোৱা নাছিল। চাৰিটা উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলে মাজৰ ২-৩ অভাৰৰ বাহিৰে সমগ্ৰ ইনিংছত আধিপত্য বিস্তাৰ কৰে। ৰেজা হেনৰিকেছে দলটোক শক্তিশালী স্থিতিত থিয় কৰাইছিল। তেওঁ ১ টা ছয় আৰু ৮ টা চাৰিৰ সহায়ত ২৭টা বলত ৪৯ ৰান সংগ্ৰহ কৰে।
কিন্তু বৰষুণৰ বাবে আউটফিল্ড তিতি থকাৰ বাবে ভাৰতীয় বলাৰসকলে বলিং কৰাত অসুবিধা পায়। বাৰে বাৰে বল মচি থকা দেখা যায়। যিয়ে পাছলৈ বলৰ লাইন-লেংথত প্ৰভাৱ পেলায়। দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলে সেইটোৰ সম্পূৰ্ণ সুবিধা লয়। হেনৰিকছ-মাৰ্কৰামৰ ৫৪ ৰানৰ অংশীদাৰিত্বই দক্ষিণ আফ্ৰিকাক জয়ী কৰাত সহায় কৰে।
আনহাতে, খেলখনৰ ব্যৰ্থ নায়ক ৰিংকুৱে ৩৯টা বলত ৬৮ ৰান সংগ্ৰহ কৰে। সূৰ্যকুমাৰৰ অৰ্ধশতকো অথলে গ’ল। তিনিখন খেলৰ শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ বাবে নহ’ল। শৃংখলাত পৰাজয় ৰক্ষা কৰিবলৈ ভাৰতে বৃহস্পতিবাৰে তৃতীয় তথা অন্তিম টী-২০ত জয়লাভ কৰিবই লাগিব।
শুভমন গীল, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ এই খেলখনত দললৈ উভতি আহে। টী-২০ ৰেংকিঙত এক নম্বৰ স্থানত থকাৰ পিছতো ৰবি বিষ্ণোইক বাদ পৰে। বিদেশৰ মাটিত অভিজ্ঞতাৰ জোখেৰে দ্বিতীয় স্পিনাৰ হিচাপে খেলে। আনহাতে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত সফল হৈছিল যদিও ঋতুৰাজ গাইকোৱাডে অপেনিঙত শুভমনক বাট এৰি দিবলগীয়া হৈছে। অৱশ্যে খেলখনত গীল ব্যৰ্থ হয়। একাউণ্ট খোলাৰ আগতে শূন্যত উভতি যায়। যশস্বী জয়ছোৱালেও ৰান নাপালে। তৃতীয়টো বলত শূন্য ৰাণতে আউট হয়।
আইডেন মাৰ্ক্ৰামে টছত জয়লাভ কৰি ভাৰতক বেট কৰিবলৈ প্ৰেৰণ কৰে। মাত্ৰ ৬ ৰানত দুটা উইকেট হেৰুৱাই ভাৰতে। তিনি নম্বৰত বেটিং কৰিবলৈ নমা তিলক ভাৰ্মাই দুবাৰকৈ লাইভ পায়। কিন্তু তেওঁ তাৰ সম্পূৰ্ণ সুবিধা ল’ব নোৱাৰিলে।ভাল আৰম্ভণিৰ পিছতো বাওঁহাতৰ খেলুৱৈগৰাকীয়ে ২০টা বলত ২৯ ৰান সংগ্ৰহ কৰি উভতি আহে।
কিন্তু এয়া আছিল ৰিংকু সিং আৰু সূৰ্য্যকুমাৰ যাদৱৰ দিন। ৰিংকুৱে কঠিন সময়ত খেলিবলৈ নামি আন্তঃৰাষ্ট্ৰীয় টী-২০ত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে।৩০টা বলত ৫০ ৰান সম্পূৰ্ণ কৰে। দলৰ পৰিস্থিতি অনুসৰি দায়িত্বশীল বেটিং কৰি ২টা ছয়, ৯টা চাৰিৰ সহায়ত শেষত ৩৯টা বলত ৬৮ ৰান সংগ্ৰহ কৰে। ৰিংকু অপৰাজিত হৈ থাকে।
আনহাতে, সূৰ্য্যকুমাৰৰ দুটা অভিলেখ গঢ়ে। তেওঁ টী-২০ৰ ৫৬তম ইনিংছত ২০০০ ৰানৰ মাইলৰ খুঁটিত উপনীত হৈ বিৰাট কোহলিক স্পৰ্শ কৰে। সেই সময়তে তেওঁ ক্ৰিকেটৰ চুটি ফৰ্মেটত দক্ষিণ আফ্ৰিকাৰ মাটিত অৰ্ধশতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয়। তেওঁ ৩টা ছয় আৰু ৫টা চাৰিৰ সহায়ত ৩৬ টা বলত ৫৬ ৰাণ সংগ্ৰহ কৰি আউট হয়। ৷
বৰষুণৰ বাবে কিছু সময়ৰ বাবে খেল বন্ধ হৈ থকাৰ পাছত দক্ষিণ আফ্ৰিকাৰ বাবে ডাকৱৰ্থ লুইছত ১৫ অভাৰত ১৫২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। দক্ষিণ আফ্ৰিকাই বিধ্বংসী ৰূপত আৰম্ভণি কৰিছিল। দক্ষিণ আফ্ৰিকাই প্ৰথম দুটা অভাৰত বিনা উইকেটত ৩৮ ৰান সংগ্ৰহ কৰে। দুই অ’পেনাৰ ৰেজা হেনৰিকেছ আৰু মেথিউ ব্ৰিটকে এক সুন্দৰ আৰম্ভণি কৰে। প্ৰথম উইকেটত ৪২ ৰান সংযোজন কৰি তিনিটা অভাৰৰ অন্তত ব্ৰিটকে ৰান আউট হয়।
তাৰপৰাই মাৰ্ক্ৰামে ৰেজাৰ সৈতে যুটী বান্ধি দ্বিতীয় উইকেটত ৫৪ ৰান সংগ্ৰহ কৰে। তেওঁ ২৭টা বলত ৪৯ ৰান সংগ্ৰহ কৰে। মাজতে ভাৰতে দক্ষিণ আফ্ৰিকাক চাপত পেলাইছিল যদিও বিজয় ৰোধ কৰাৰ পথত কোনো বাধা নাথাকিল।