সমগ্ৰ অসমৰ ভূমি কেলেংকাৰী, ভূমি বেদখল, কু অভিপ্ৰায়েৰে ভূমি হস্তগত কৰা, বেদখলৰ নিমিত্তে ষড়যন্ত্ৰ কৰা আদিৰ বিৰুদ্ধে আজি কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সৰৱ হোৱা দেখা গৈছে।
এনে সময়তে গোলাঘাট আৰক্ষী তথা জিলা প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। গোলাঘাট নগৰৰ মিছন পত্তিৰ প্ৰয়াত অৰুণ ফুকন নামৰ এগৰাকী ব্যক্তিৰ বিধবা বৃদ্ধা পত্নী ৰীনা ফুকনৰ কৰুণ কাহিনীয়ে সচেতন মহলক ভবাই তুলিছে। ৰীনা ফুকনৰ স্বামী আৰু বৰপুত্ৰ কোভিডত মৃত্যু হোৱা পিছৰে পৰা তেওঁৰ বোৱাৰী মনালিছা বৰাই নানা প্ৰকাৰে অত্যাচাৰ কৰি অহাৰ লগতে দুষ্ট চক্ৰৰে মিলি গভীৰ ষড়যন্ত্ৰ কৰি শাহু ৰীনা ফুকণক নিজ গৃহৰ পৰা পাকে প্ৰকাৰে বিতাড়িত কৰাৰ খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে।
বৰ্তমান গুৱাহাটীত ভাড়া ঘৰ লৈ দিন অতিবাহিত কৰিব লগা হোৱা বৃদ্ধা মহিলা গৰাকীৰ স্বামী আৰু বৰপুত্ৰ ক’ভিডত আক্রান্ত হৈ মৃত্যুবৰণ কৰাৰ পিছত ২০২১ বৰ্ষৰ ৮ডিচেম্বৰত বোৱাৰীয়েক মনালিছা বৰাই লগত একাংশ সাংগ পাংগু লৈ তেতিয়াৰ গোলাঘাটৰ এ ডি চি গৌৰীপ্রিয়া দেউৰীৰ কাৰ্যালয় কোঠাত শাহু ৰীনা ফুকণক বিয়লি ২বজাৰ পৰা সন্ধ্যা ৭ বজালৈ আবদ্ধ কৰি ৰাখি উকা কাগজত স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে যদিও বিধৱা বৃদ্ধা গৰাকীয়ে উকা কাগজত স্বাক্ষৰ নকৰাৰ পৰিপ্ৰেক্ষিতত আজি পৰ্যন্ত জীয়াটো ভুগিব লগা হৈছে। আনহাতে উক্ত দিনাই এখন চুক্তি পত্ৰত স্বাক্ষৰ কৰি গোলাঘাটৰ বেঙেনা খোৱাত অৱস্থিত বৃদ্ধাৰ আন এক সম্পত্তিৰ ভাড়া জুৰকৰি তিনিভাগ কৰা হয়। যি মাটি সম্পত্তি অজিত গগৈ নামৰ এজন কাঠৰ ব্যৱসায়িক ভাড়াতীয়া হিচাপে ভাড়াত দিয়া হৈছিল। ৰীনা ফুকনে বহুবাৰ অজিত গগৈক সেই মাটি খালি কৰিবলৈ বাৰম্বাৰ কৈ আহিছে যদিও অজিত গগৈ নামৰ কাঠৰ ব্যৱসায়িক জনে বৃদ্ধাৰ মাটি খালি কৰি দিয়া নাই। মাটি খালি কৰাৰ পৰিবৰ্তে অজিত গগৈয়ে বোৱাৰী গৰাকীৰ লগত ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ৰীনা ফুকনে উল্লেখ কৰে।
বিধবা ৰীণা ফুকনে কয় যে যেতিয়াই তেওঁ নিজা ঘৰলৈ যায় তেতিয়াই বোৱাৰী মনালিছা বৰাই অঃশীল গালি গালাজ পৰাৰ উপৰি বৃদ্ধা শাহুক দেগাৰেৰে হানি খুচি হত্যা কৰিবলৈ উদ্যত হয়। আনহাতে কনিষ্ঠপুত্ৰ পল্লভ ফুকনক ঘৰলৈ গলে বোৱাৰী মনালিছাই বেয়া কেচত ফচাব বুলি কৈছে।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট সদৰ থানা জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰোৱা হৈছে যদিও এই পৰ্যন্ত ৰহস্য জনক ভাবে আৰক্ষী তথা জিলা প্ৰশাসনে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে সচেতন মহলৰ মনত প্ৰশ্ন উদয় হৈছে যে মাটি খকুৱাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰৱ হোৱাৰ পিছতো তথা মুখ্যমন্ত্ৰীৰ সু পদক্ষেপৰ পিছতো কিয় এগৰাকী সত্তৰওদ্ধৰ বৃদ্ধা বিধবা মহিলাক জিলা প্ৰশাসন তথা গোলাঘাট আৰক্ষীয়ে ৰহস্যজনক ভাবে সুব্যৱস্থা গ্ৰহণত অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈছে।





