• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কয়লাৰ ছিণ্ডিকেট বন্ধ কৰাৰ হুংকাৰ মন্ত্ৰী চুম’ ৰংহাঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2018 8:44 am
11-05-18 Guwahati- Sum Ronghang press meet (1)
333
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত চলি থকা কয়লাৰ ছিণ্ডিকেট বন্ধ কৰাৰ  হুংকাৰ দিছে পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগ তথা খনি আৰু খনিজাত সামগ্ৰী বিভাগৰ নৱ নিযুক্ত মন্ত্ৰী চুম’ ৰংহাঙে। শুকুৰবাৰে দিছপুৰত অনুষ্ঠিত কৰা এখন সংবাদমেলত ৰংহাঙে কয় যে ৰাজ্যত থকা ডাঙৰ ডাঙৰ কয়লা ক্ষেত্ৰসমূহৰ কৰ্তৃত্ব ক’ল ইণ্ডিয়া লিমিটেডৰ হাতত থাকে। কেৱল সৰু সৰু কয়লা ক্ষেত্ৰসমূহৰ ওপৰতহে ৰাজ্য চৰকাৰৰ ক্ষমতা থাকে।

উমৰাংছ’ত তিনিটা কয়লা ক্ষেত্ৰ বিধিগতভাৱে খনন হোৱাৰ বাদে আন সকলো কয়লা ক্ষেত্ৰত চোৰাংভাৱে খনন চলি থাকে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।মন্ত্ৰী চুম’ ৰংহাঙে কয় যে অবৈধ কয়লা খনন বন্ধ কৰা হ’ব আৰু এই কয়লা ক্ষেত্ৰসমূহ বিধিগতভাৱে খনন কৰি ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰা হ’ব।

খনি আৰু খনিজাত সামগ্ৰী বিভাগটো সৰু বিভাগ, এই বিভাগটোৰ কাৰ্যালয় ৰাজ্যত এটাই আছে। তাতো প্ৰায় ৫০ শতাংশ পদ খালী হৈ আছে বুলি উল্লেখ কৰি মন্ত্ৰী ৰংহাঙে কয় যে চলিত বৰ্ষত বিভাগটোৰ বাবে মাত্ৰ সাত কোটি টকাহে ধাৰ্য কৰা হৈছে।

আনহাতে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতি সদয় হৈ ৰয়েল্টি মুকলি কৰি ৰাজ্যৰ উন্নয়নৰ পথ প্ৰশস্ত কৰিছে বুলি কেন্দ্ৰক প্ৰশংসা কৰি আহিছে যদিও সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ কোটি টকাৰ খাৰুৱা তেলৰ ৰয়েল্টি আদায় কৰিব পৰা নাই।

অইলৰ পৰা ৪৯০২ কোটি আৰু অ’ এন জি চিৰ পৰা ১৪০৪ কোটি মুঠ ৬৩০৬ কোটি টকা ৰয়েল্টি পাবলৈ বাকী আছিল। ২০১৭-১৮ বৰ্ষত ৬৭০ কোটি টকা ৰয়েল্টি আদায় পালে যদিও এতিয়াও ৫৬৩৬ কোটি টকাৰ ৰয়েল্টি অসমে পাবলৈ বাকী আছে। পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ লগতে খনি আৰু খনিজাত সামগ্ৰী বিভাগৰ দায়িত্ব লাভ কৰা নৱনিযুক্ত মন্ত্ৰী চুম’ ৰংহাঙে শুকুৰবাৰে ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণৰ ৰয়েল্টি পাবলৈ বাকী থকাৰ তথ্য প্ৰকাশ কৰে।

মন্ত্ৰী চুম’ ৰংহাঙে লাভ কৰা আনটো পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ বিষয়ে উল্লেখ কৰি কয় যে এই বিভাগটোৰ অধীনত মাত্ৰ তিনিখন জিলাহে আছে। আন জিলাৰ বাবে এই বিভাগটোৰ কোনোধৰণৰ কাম নাই। তেওঁ কয় যে এই বিভাগটোত আছে মাত্ৰ সাতজন কৰ্মচাৰী। ৰংহাঙৰ বক্তব্যত শুকুৰবাৰে অসন্তুষ্টিৰ কথা স্পষ্ট হৈ পৰে।

তেওঁ কয় যে পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ অধীনত থকা কাৰ্বি আংলঙলৈ এই বছৰ আবণ্টিত পুঁজিৰ পৰিমাণ ৩৭৪.২৫ কোটি আৰু উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ পুঁজিৰ পৰিমাণ ১৬১.৩৯ কোটিৰে মুঠ ৫৩৫.৬৪ কোটি টকা। এই পুঁজি স্বায়ত্ত পৰিষদ দুখনলৈ যায় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আক্ষেপেৰে কয় যে বিভাগটোৱে মাত্ৰ পুঁজি ব্যয়ৰ নিৰীক্ষণ কৰাৰ লগতে ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ দৰে কামবোৰহে কৰে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd