• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অৰ্শদীপ-আভেশৰ বলিং তাণ্ডৱ: প্ৰথম আন্তৰ্জাতিকতে দৃষ্টি কাঢ়িলে সুদৰ্শনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2023 6:51 pm
India vs South Africa
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৃহভূমিতে ৰণত পৰিছে দক্ষিণ আফ্ৰিকা। এক যুৱ খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলৰ দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শনত দিশহাৰা হৈ পৰিল প্ৰটিয়াছ বাহিনী। ঘৰুৱা দলটোৰ বিপৰ্যয়ৰ কাৰণ হৈ অৰ্শদীপ-আভেশে কঢ়িয়ালে ভাৰতীয় দললৈ আকাংক্ষিত বিজয়।

টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এইডেন মাৰ্ক্ৰামে সিদ্ধান্ত লৈছিল প্ৰথমে বেটিঙৰ। কিন্তু মাৰ্ক্ৰামৰ এই সিদ্ধান্তক ভুল প্ৰমাণিত কৰি দুৰ্দান্ত হৈ পৰে ভাৰতীয় বলিং আক্ৰমণ। যাৰ পৰিণতিত মাত্ৰ ১১৬ ৰাণতে থমকে প্ৰটিয়াছ বাহিনী।

Apply Now

ইনিংছৰ প্ৰথমটো বলতে মুকেশ কুমাৰে হেণ্ডৰিকচক নিখুঁত লাইনেৰে উইকেট নিশ্চিত কৰিছিল যদিও আম্পায়াৰৰ ভুল সিদ্ধান্তৰ লগতে ভাৰতীয় দলে ৰিভিঅ’ নোলোৱাৰ বাবে ৰক্ষা পৰে হেণ্ডৰিকচ। কিন্তু তেওঁৰ ভাগ্য দীৰ্ঘস্থায়ী নহ’ল।

দ্বিতীয় অভাৰত অৰ্শদীপে ক্ৰমাগত দুটা বলত হেণ্ডৰিকচ আৰু ভান ডাৰ ডুচেনৰ উইকেট দখল কৰি প্ৰটিয়াছ শিবিৰত আঘাত হানে। তৃতীয় উইকেটত আনজন অপেনাৰ টনী ডে ঝৰ্জী আৰু অধিনায়ক মাৰ্ক্ৰামে যোগ দিয়ে ৩৯ ৰাণ।

কিন্তু অৰ্শদীপে ঝৰ্জীক (২৮) বিদায় দি পুনৰ দক্ষিণ আফ্ৰিকাক বেকফুটলৈ ঠেলি দিয়ে। ইয়াৰ পিছতে খহনীয়াৰ আৰম্ভণি হয় দক্ষিণ আফ্ৰিকাৰ বেটিং লাইন আপত। কিছুসময়ৰ পিছতে অৰ্শদীপৰে চিকাৰ হয় ক্লাছেন(৬)।

অৰ্শদীপৰ এই চমকৰ পিছতে আভেশো উঠে চমকি আৰু বিদায় দিয়ে অধিনায়ক মাৰ্ক্ৰামক (১২)। পিছৰটো বলতে আভেশৰ চিকাৰ হয় মুল্ডাৰ হ (০)। দলীয় স্ক’ৰ ৫৮ত মিলাৰ আৰু ৭৩ত মহাৰাজকো বিদায় দিয়ে আভেশে।

ইয়াৰ পিছত অৱশ্যে ফেহলুকুৱায়’ই বাৰ্গাৰক সংগী কৰি দলীয় স্ক’ৰ শতকৰ পাৰ কৰায়। দললৈ সৰ্বাধিক ৩৩ ৰাণৰ অৱদান আহে ফেহলুকুৱায়’ৰ বেটৰ পৰা। অন্তিমটো উইকেটৰ ৰূপত বাৰ্গাৰৰ উইকেট দখল কৰে কুলদীপে।

দক্ষিণ আফ্ৰিকাৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰা অৰ্শদীপে ৫ টা আৰু আভেশে ৪ টা আৰু কুলদীপে এটা উইকেট লাভ কৰে। ইফালে এই সহজ লক্ষ্য অনুসৰণ কৰি প্ৰথমতেই উজুটি খায় ভাৰতে। ব্যৰ্থ হয় ৰুতুৰাজ (৫)।

ইয়াৰ পিছত অৱশ্যে আন্ত:ৰাষ্ট্ৰীয় অভিষেক ঘটোৱা ছাই সুদৰ্শন আৰু শ্ৰেয়স আয়াৰে ভাৰতক জয়ৰ প্ৰায় দুৱাৰডলিত উপনীত কৰায়। আয়াৰে ৫২ ৰাণ কৰি বিদায় ল’লেও অভিষেকতে দৃষ্টি আকৰ্ষণ কৰা সুদৰ্শনে ৫৫ ৰাণ কৰি অপৰাজিত হৈ ৰয়।

সুদৰ্শন আৰু আয়াৰৰ এই মেচ বিজয়ী অৰ্ধশতকীয় ইনিংছৰ সহায়ত ভাৰতে ৮ উইকেটত বিজয় সাব্যস্ত কৰি তিনিখনীয়া মেচৰ শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰে। দুৰন্ত বলিং প্ৰদৰ্শনৰ সুবাদত অৰ্শদীপ মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়।

শৃংখলাৰ দ্বিতীয় আৰু তৃতীয় তথা অন্তিম এদিনীয়া অহা ১৯ ডিচেম্বৰ আৰু ২১ ডিচেম্বৰত অনুষ্ঠিত হ’ব। উল্লেখ্য যে, যদি এই শৃংখলাত ভাৰত জয়ী হয়, তেতিয়া প্ৰটিয়াছ ভূমিত এয়া হ’ব ভাৰতৰ দ্বিতীয়টো এদিনীয়া শৃংখলা জয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd