• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ঘোষণা: সাত্বিক-চিৰাগ যুটিলৈ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা

চাওক ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা, ২০২৩ৰ বঁটা বিজয়ী সম্পূৰ্ণ খেলুৱৈৰ তালিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2023 9:54 pm
National Sports Awards 2023 Satwik-Chirag
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২৩ৰ কথা ঘোষণা কৰে। অহা বৰ্ষৰ ৯ জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত বঁটাপ্ৰাপকসকলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ কৰিব।

দেশৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্ব্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা এইবাৰ আগবঢ়োৱা হৈছে ভাৰতীয় বেডমিণ্টনৰ তাৰকা যুটি সাত্বিক সাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীলৈ।

Apply Now

শেহতীয়াকৈ বেডমিণ্টন বিশ্বত দুৰন্ত ফৰ্মত থকা সাত্বিক-চিৰাগ যুটীয়ে বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনৰ (বি ডব্লিউ এফ) তিনিটা খিতাপ ক্ৰমে, ছুইছ অ’পেন, ইণ্ডোনেছিয়া অ’পেন আৰু কোৰিয়া অ’পেন দখল কৰিছে।

তদুপৰি হাংঝোত অনুষ্ঠিত এছিয়ান গেমছত ইতিহাস ৰচনা কৰি এই যুটীয়ে বেডমিণ্টনৰ ডাবলছত স্বৰ্ণ অৰ্জন কৰাৰ লগতে এপ্ৰিল মাহত এছিয়ান চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদকো লাভ কৰে।

অক্টোবৰ মাহত এই যুটিয়ে ভাৰতীয় বেডমিণ্টনৰ ইতিহাসত বি ডব্লিউ এফ ৰেংকিঙত বিশ্বৰ প্ৰথম স্থান দখল কৰা প্ৰথমটো ডাবলছ যুটি হিচাপে পৰিগণিত হয়।

খেলৰত্ন বঁটাৰ লগতে আন আন শাখাৰ বঁটা বিজয়ী সকলৰ নামো আজি ঘোষণা কৰা হয়। সমিতিৰ পৰামৰ্শৰ ভিত্তিত আৰু যথাযথ নিৰীক্ষণৰ অন্তত চৰকাৰে ক্ৰীড়া বঁটাৰ বাবে মনোনীত কৰাসকলৰ নাম তলত সম্পূৰ্ণকৈ উল্লেখ কৰা হ’ল:

অৰ্জুন বঁটাঃ মহম্মদ ছামি (ক্ৰিকেট), অজয় ৰেড্ডী (দৃষ্টিহীন ক্ৰিকেট) অ’জাস প্ৰবীণ দেওতালে (আৰ্চাৰী), অদিতি গোপিচান্দ স্বামী (আৰ্চাৰী), শীতল দেৱী (পেৰা আৰ্চাৰী), পাৰুল চৌধুৰী আৰু মুৰলী শ্ৰীশংকৰ (এথলেটিকছ), মহম্মদ হুছামুদ্দিন (বক্সিং), আৰ বৈশালি (দবা), দিব্যকৃতি সিং আৰু অনুষ আগৰৱালা (অশ্বাৰোহী), দীক্ষা ডাগৰ (গ’ল্ফ), কৃষণ বাহাদুৰ পাঠক (হকী), সুশীলা চানু (হকী), পিংকি (লন বল), ঐশ্বৰী প্ৰতাপ সিং টোমৰ (শ্বুটিং), এন্টিম পংঘল (মল্লযুঁজ), আয়িকা মুখাৰ্জী (টেবুল টেনিছ), ঈছা সিং (শ্বুটিং), হৰিন্দৰ পাল সিং সান্ধু (স্কোৱাছ), সুনীল কুমাৰ (মল্লযুঁজ), নাওৰেম ৰোশীবিনা দেৱী (উচ্ছু), প্ৰাচী যাদৱ (পাৰা কেন’ইং), পৱন কুমাৰ (কাবাডী), ঋতু নেগী (কাবাডী), নাছৰীন (খো খো)।

দ্ৰোণাচাৰ্য বঁটাঃ গণেশ প্ৰভাকৰন (মল্লখম্ব), মহাবীৰ ছাইনী (পেৰা এথলেটিকছ), ললিত কুমাৰ (মল্লযুঁজ), আৰ বি ৰমেশ (দবা), শিৱেন্দ্ৰ সিং (হকী)।

ধ্যান চান্দ জীৱনযোৰা বঁটাঃ কবিতা (কাবডী), মঞ্জুষা কানৱাৰ (বেডমিণ্টন) বিনীত কুমাৰ শৰ্মা (হকী)।

মৌলানা আবুল কালাম আজাদ (MAKA) বঁটা: গুৰু নানক দেৱ বিশ্ববিদ্যালয়, অমৃতসৰ (বিজয়ী), লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটি, পঞ্জাৱ (১ম ৰানাৰ্ছ আপ), কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়, কুৰুক্ষেত্ৰ (দ্বিতীয় ৰানাৰ্ছ আপ)

উল্লেখ্য যে, আন্তঃবিশ্ববিদ্যালয় প্ৰতিযোগিতাত সামগ্ৰিকভাৱে শীৰ্ষ প্ৰদৰ্শন কৰা বিশ্ববিদ্যালয়খনক প্ৰদান কৰা হয় এই মৌলানা আবুল কালাম আজাদ (MAKA) বঁটা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am
২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd