ব্রিজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সহায়ক ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি হিচাপে নির্বাচিত হোৱাৰ পিছতে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলৰ। বৃহস্পতিবাৰে নিৰ্বাচনী ফলাফলৰ পিছতে প্ৰতিবাদস্বৰূপে কেৰিয়াৰ সামৰাৰ কথা ঘোষণা কৰিছিল সাক্ষী মালিকে।
আজি দেশৰ আন এগৰাকী তাৰকা মল্লযুঁজাৰু তথা আন্দোলনৰ নেতৃত্বত থকা বজৰং পুনিয়াই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তাৰকা খেলুৱৈগৰাকীয়ে আজি এক টুইট যোগে দেশৰ চতুৰ্থ শীৰ্ষ অসামৰিক সন্মান পদ্মশ্ৰী ঘূৰাই দিব বুলি ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী মোদীলৈ এক পত্ৰ যোগে এই ঘোষণা কৰে পুনিয়াই।
অলিম্পিকৰ পদক বিজয়ী মল্লযুঁজাৰুগৰাকীয়ে পদ্মশ্ৰী পদক ঘূৰাই দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীৰ বাসভৱন লোক কল্যাণ মাৰ্গত উপস্থিত হৈছিল যদিও তেওঁক প্ৰৱেশত বাধা দিয়া হয় আৰু সেয়ে এটা পদপথত পদ্মশ্ৰী পদক থৈ আহে পুনিয়াই। প্ৰধানমন্ত্ৰী মোদীলৈ এই বিষয়ত এক আৱেগিক পত্ৰ লিখে মল্লযুঁজাৰুগৰাকীয়ে।
পুনিয়াই পত্ৰখনত বৃহস্পতিবাৰে নিৰ্বাচনৰ ফলাফলৰ পিছত বিজেপি সাংসদ, ফেডাৰেচনৰ পূৰ্বৰ সভাপতি তথা যৌন নিৰ্যাতনৰ অভিযুক্ত ব্রিজ ভূষণ শৰণ সিঙৰ মন্তব্যৰ কথা আঙুলিয়াই দিয়ে। উল্লেখ্য যে ফলাফল প্ৰকাশ পোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত ব্ৰিজ ভূষণে আমাৰ আধিপত্য অব্যাহত থাকিব বুলি এক চাঞ্চল্যকৰ মন্তব্য কৰিছিল।
এই মানসিক চাপেই সাক্ষী মালিকৰ দৰে তাৰকা মহিলা খেলুৱৈক খেল এৰিবলৈ বাধ্য কৰাইছিল বুলি উল্লেখ কৰে পুনিয়াই। তেওঁ লগতে এই ফলাফলে প্ৰতিবাদৰ সৈতে জড়িত মল্লযুঁজাৰুসকলে গোটেই ৰাতিটো কান্দি কান্দি কটায় বুলিও প্ৰকাশ কৰে।
পুনিয়াই লগতে তেওঁক প্ৰদান কৰা পদ্মশ্ৰী, খেলৰত্ন, অৰ্জুন সন্মানে প্ৰথমে আনন্দ দিছিল যদিও এতিয়া এই সন্মানবোৰে তেওঁক শ্বাসৰুদ্ধ কৰি তুলিছে বুলি মন্তব্য কৰে।ইয়াৰ কাৰণ হিচাপে তেওঁ কয়, “মল্লযুঁজে মোক এই সন্মান দিছিল আৰু মহিলা মল্লযুঁজাৰুসকলে এতিয়া নিজৰ সুৰক্ষাৰ বাবে সেই একেটা খেলেই এৰিবলগীয়া হৈছে।”
मैं अपना पद्मश्री पुरस्कार प्रधानमंत्री जी को वापस लौटा रहा हूँ. कहने के लिए बस मेरा यह पत्र है. यही मेरी स्टेटमेंट है। 🙏🏽 pic.twitter.com/PYfA9KhUg9
— Bajrang Punia 🇮🇳 (@BajrangPunia) December 22, 2023





