কাণৰ ভিতৰত অস্বাভাৱিক শব্দ। লগতে সামান্য অস্বস্তি। তাৰপিছত? অত্যাধুনিক কাণ চাফা কৰা যন্ত্ৰটোত ধৰা পৰিল ভিতৰত মকৰাই বাহ সাজিছে! লগে লগে চকু কপালত উঠিল মহিলাগৰাকীৰ।
জানিব পৰা মতে, মহিলাগৰাকীৰ নাম লুইচি ৱাইল্ড। ঘৰ ইংলেণ্ডত। স্থানীয় বিদ্যালয় এখনত শিক্ষকতা কৰে। এটা সন্তানৰ মাতৃ। লুচিয়ে কাণৰ ভিতৰত গুঞ্জন শুনিব পাইছিল। খোঁচ মাৰি দিলে যেনে লাগে, তেনে অস্বস্তি অনুভৱ হৈছিল। ব্ৰিটিছ মহিলাগৰাকীয়ে প্ৰথমে বিষয়টোত গুৰুত্ব দিয়া নাছিল। ভাবিছিল কাণত হয়তো মল জমা হব পাৰে।
লগতে পঢ়কঃ First Woman DG: চিআইএছএফৰ প্ৰথম মহিলা সঞ্চালক প্ৰধান হিচাপে নিযুক্ত নীনা সিং
কিন্তু অস্বস্তি ক্ৰমান্বয়ে বাঢ়ি আহিছিল। অৱশেষত তেওঁ অত্যাধুনিক যন্ত্ৰৰ সহায়ত কাণ দুখন চাফা কৰাৰ সিদ্ধান্ত ল’লে। সেই যন্ত্ৰটোৰ লগত এটা কেমেৰা সংলগ্ন কৰা আছিল। কেমেৰাত ধৰা পৰিল মলি নহয়, কাণৰ ভিতৰত মকৰা!
তেওঁ ইমানেই ভয় খালে যে কাণত গৰম পানী ঢালি দিলে। সেইটোৱে নিশ্চিতভাৱে কাম কৰিলে। মকৰাটো ওলাই আহিল। আকৃতিত মকৰাটো শিশুৰ নখৰ দৰে আছিল। ইয়াৰ পিছত ডাক্তৰৰ পৰামৰ্শ মতে দৰৱ খায়।
এইবাৰ আৰম্ভ হ’ল কাণৰ বিষ। লুইচিয়ে আকৌ কাণ পৰিষ্কাৰ কৰা যন্ত্ৰটো ব্যৱহাৰ কৰিলে। দেখা যায় যে কাণত ক’লা ক’লা কিবা এটা আছে। লগে লগে মহিলাগৰাকীয়ে চিকিৎসালয়ত উপস্থিত হয়।
লগতে পঢ়কঃ WTC Points Table: বক্সিং ডে’ টেষ্টত পৰাজিত হৈ ১ৰ পৰা ৫লৈ নামিল ভাৰত; সিংহাসনত দক্ষিণ আফ্ৰিকা
পৰীক্ষাত দেখা যায় যে বস্তুটো এটা মকৰা বাহ! চিকিৎসকে আঁতৰাই দিয়ে। লুইচিৰ ভাষাত, ‘বহুত যন্ত্ৰণাদায়ক আছিল। বাহিৰ কৰি অনাৰ সময়ত মোৰ বমি হৈছিল’।