• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেলেবিহীন এটা বছৰঃ আজিৰ দিনটোতে বিদায় লৈছিল দ্য কিং অৱ জগ’ বনিট’ই

মনজিৎ দত্ত by মনজিৎ দত্ত
December 29, 2023 5:16 pm
Pele
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেলে নোহোৱা হ’ব! এয়া যেন বিশ্বাস কৰিবলৈও টান। পেলে: শৰীৰ-মনত ঝংকাৰ তুলিবলৈ এই দুটি আখৰৰ নামটোৱেই যথেষ্ট। বিশ্ব ফুটবলৰ অবিসম্বাদী সম্ৰাট, যাৰ দুভৰিৰ যাদুৰ ৰাগীয়ে মোহাচ্ছন্ন কৰি ৰাখিছিল বিশ্ব নাগৰিকক, ছন্দোদয় ঘটাইছিল ফুটবল জগতত, সেই ব্ৰাজিলিয়ান কিংবদন্তী পেলে! যিগৰাকী পেলেৰ নামত ফুটবল ইতিহাসৰ অন্যতম এগৰাকী কিংবদন্তী পুষ্কাছে কৈ উঠিছিল, “পেলেক এগৰাকী খেলুৱৈ হিচাপে গ্ৰহণ কৰিবলৈ মই অপাৰগ। তেওঁ ইয়াৰ উৰ্ধত”; সেইগৰাকী মহাতাৰকা, মহীৰূপ, ফুটবল জগতত অনাদি কাললৈ মুকুটবিহীন মহাসম্ৰাট পেলে!

সেউজীয়া ঘাঁহনিত যেন এই ক’লা মুকুতাগৰাকীয়ে ভৰিৰেই ৰচি উলিয়াইছিল এক ধ্ৰুপদী মহাকাব্য! কি নাই এই মহাকাব্যত! এই মহাকাব্যৰেইটো তেওঁ জয় কৰিছিল বিশ্ব, আঁজুৰি আনিছিল শ্ৰেষ্ঠত্বৰ গৌৰৱ, মহাবিশ্বৰ স্ব-সন্মান! এই সকলো জয় কৰি শ্ৰেষ্ঠত্বৰ চূড়ান্ত শিখৰত উপনীত হৈ, সেই শ্ৰেষ্ঠত্বৰ বিজয়ধ্বজা উৰুৱায়েই অৱশেষত বিগত বৰ্ষৰ আজিৰ দিনটোতে মহাবিশ্বক চিৰবিদায় জনাইছিল ফুটবল শিল্পৰ মহাশিল্পী গৰাকীয়ে। সমগ্ৰ বিশ্বক শোকাহত কৰি চিৰনিদ্ৰাত শুই পৰিছিল- দ্য কিং অৱ জগ’ বনিট’।

দীৰ্ঘদিন ধৰি কেঞ্চাৰৰ সৈতে যুঁজ অহা বিংশ শতিকাৰ শ্ৰেষ্ঠতম ক্ৰীড়া তাৰকাগৰাকীৰ স্বাস্থ্যৰ অৱস্থাক লৈ যথেষ্ট জল্পনা-কল্পনা চলি আহিছিল। অৱশেষত ২৯ ডিচেম্বৰৰ মাজনিশা আহিছিল বিশ্ব সম্প্ৰদায়ৰ চিন্তাত যতি পেলোৱা সেই অনাকাংক্ষিত খবৰ- পেলে আৰু নাই। চিকিৎসাধীন অৱস্থাত ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে পেলেই।

১৯৪০ চনৰ ২৩ অক্টোবৰত ব্ৰাজিলৰ দক্ষিণ-পূব অঞ্চলৰ ট্ৰেছ ক’ৰাকোছ চহৰত জন্ম হৈছিল পেলেৰ। তেওঁৰ প্ৰকৃত নাম আছিল এডছন আৰাণ্টেছ ড’ নাচিমেণ্টো। বিজ্ঞানী উদ্ভাৱক থমাছ আলভা এডিচনৰ নামেৰে নামকৰণ কৰা হৈছিল তেওঁৰ নাম। এই এডছন আৰাণ্টেছ ড’ নাচিমেণ্টো- ক বিদ্যালয়ত সহপাঠী সকলে প্ৰথমবাৰৰ বাবে অভিহিত কৰিছিল পেলে নামেৰে। অৱশ্যে এই নাম কিয় দিয়া হৈছেলি বা পেলে- ৰ অৰ্থ কি আছিল, সেই বিষয়ে তেঁওলোকৰ কোনো ধাৰণা নাছিল।

ব্ৰাজিলৰ চাও পাওলো প্ৰদেশৰ বাউৰুত দৰিদ্ৰতাৰ মাজেৰেই বাঢ়ি আহিছিল পেলে। পৰিয়াল চলোৱাত পিতৃক সহায় কৰাৰ মানসেৰে এখন দোকানত বনুৱাৰ কাম কৰিছিল ভৱিষ্যতৰ এই মহাতাৰকা গৰাকীয়ে। দেউতাকৰ হাতত ধৰিয়েই তেওঁ আখৰা চলাইছিল ভৱিষ্যতৰ এক মহাকাব্য ৰচনাৰ, ভৰিত লগাই লৈছিল ঘৰতে তৈয়াৰী এটা ফুটবল। কি আছিল এই ফুটবল! দৰিদ্ৰতাই আৱৰি ৰখা ঘৰখনত নাছিল চামৰাৰে আবৃত এটা ফুটবল কিনাৰ সামৰ্থ্য।

সেয়ে মোজাৰ ভিতৰত বাতৰি কাকত ভৰাই গোলাকাৰ ৰূপ দিয়েই সাজি লৈছিল এক প্ৰতীকি ফুটবল আৰু সেই ফুটবলকে চুটিয়াই ৰচিছিল এক স্বৰ্ণিল ভৱিষ্যতৰ আদিম স্বপ্ন। কৈশোৰ কালতেই নিজৰ তেজোদ্দীপ্ত প্ৰতিভাৰ বলত কেইবাটাও অপেশাদাৰী দলৰ হৈ খেলপথাৰত নামিছিল পেলে। কৈশোৰতে তেওঁ ৰেডিয়াম নামৰ এক ইনড’ৰ ফুটবল দলত খেলিছিল। পেলেৰ বাবেই বাউৰুত জনপ্ৰিয় হৈ উঠিছিল ইনড’ৰ ফুটবল।

১৯৫৬ চনত তেওঁৰ প্ৰশিক্ষক ৱাল্ডেমাৰ ডি ব্ৰিটোৱে পেলেক বন্দৰ চহৰ ছান্টোছলৈ লৈ যায় আৰু পেছাদাৰী দল ছান্টোছ এফ চি- ত পেলেক অন্তৰ্ভুক্ত কৰাৰ বাবে চেষ্টা কৰে। ডি ব্ৰিটোৱে ছান্টোছৰ পৰিচালকসকলৰ সন্মুখত সগৌৰৱে ভৱিষ্যতবাণী কৰিছিল- পেলে হৈ উঠিব বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ! অৱশেষত সেই বৰ্ষৰে জুন মাহত তেওঁক ছান্টোছে চুক্তিবদ্ধ কৰে আৰু তাৰ পিছতেই পেলেই পাতনি মেলে মহাকাব্য ৰচনাৰ প্ৰাথমিক পৰ্ব। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৫ বছৰ।

এবছৰৰ পাছতে পেলে ছান্টোছৰ ছিনিয়ৰ দলৰ বাবে নিৰ্বাচিত হয় আৰু প্ৰথমখন মেচতে কৰে ছিনিয়ৰ কেৰিয়াৰৰ প্ৰথমটো গল। দ্ৰুত উত্থানেৰে পেলে প্ৰথম বছৰতে লীগৰ শীৰ্ষ স্ক’ৰাৰ হিচাপে পৰিগণিত হয়। ছান্টোছত চুক্তিবদ্ধ হোৱাৰ মাত্ৰ ১০ মাহৰ পাছতে পেলেক ব্ৰাজিলৰ জাতীয় দললৈ আমন্ত্ৰণ কৰা হয়।

১৯৫৭ চনৰ ৭ জুলাই। এই দিনটোতে ঐতিহাসিক মাৰাকানাত ব্ৰাজিলৰ হৈ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটায় পেলেই। আৰ্জেণ্টিনাৰ বিৰুদ্ধে মেচখনত ব্ৰাজিল ২-১ গ’লত পৰাস্ত হয় যদিও অভিষেক মেচতে গল স্ক’ৰ কৰিবলৈ সক্ষম হয় ১৬ বছৰীয়া পেলে। এইদৰে ব্ৰাজিলৰ সৰ্বকনিষ্ঠ আন্তঃৰাষ্ট্ৰীয় গল স্ক’ৰাৰ হিচাপে ইতিহাসৰ পাতত নাম সন্নিৱিষ্ট কৰে নৱোদিত পেলেই।

ইয়াৰ পিছৰ বছৰতে, অৰ্থাৎ ১৯৫৮ চনত অনুষ্ঠিত হয় বিশ্বকাপ। কিন্তু আঁঠুৰ আঘাতৰ বাবে পেলেই বিশ্বকাপত ভাগ লোৱাৰ আশাত আহি পৰে অনাকাংক্ষিত বাধা। কিন্তু সতীৰ্থ খেলুৱৈসকলে এই আঘাতৰ পাছতো পেলেক বিশ্বকাপমুখী দলত নিৰ্বাচন কৰিবলৈ মেনেজমেণ্টক হেঁচা প্ৰয়োগ কৰে। খেলুৱৈসকলৰ সমৰ্থনতে পেলেই দলত লাভ কৰে স্থান আৰু ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে বিশ্বকাপত অভিষেক ঘটায়। কোৱাৰ্টাৰ ফাইনেলত ৱেলছৰ বিৰুদ্ধে দিয়া গলেৰে পেলে বিশ্বকাপত গ’ল দিয়া আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।

ছেমি ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে হেট্ৰিক অৰ্জনেৰে পেলে হৈ পৰে বিশ্বকাপত হেট্ৰিক অৰ্জন কৰা সৰ্বকনিষ্ঠ খেলুৱৈ। ইয়াৰ পিছতে ২৯ জুনত পেলেই ১৭ বছৰ ২৪৯ দিন বয়সত বিশ্বকাপৰ ফাইনেলত অংশ লোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। সেই ফাইনেলত ব্ৰাজিলে ছুইডেনক ৫–২ গ’লত পৰাস্ত কৰে আৰূ ইয়াৰে দুটা গল আহে পেলেৰ জৰিয়তে। ৫৮ ৰ বিশ্বকাপত দাঙি ধৰা অনবদ্য প্ৰদৰ্শনৰ সুবাদত প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পেলেই লাভ কৰে ছিলভাৰ বল।

আনহাতে ১৯৬২ চনৰ বিশ্বকাপৰ দ্বিতীয়খন মেচত পেলে আঘাতৰ সন্মুখীন হ’বলগীয়া হয় আৰু প্ৰতিযোগিতাৰ বাকী কেইখন মেচৰ পৰা বাহিৰ হয়। অৱশ্যে পেলেৰ অবিহনেই ব্ৰাজিলে ৬২ ৰ বিশ্বকাপতো অৰ্জন কৰে শ্ৰেষ্ঠত্ব। ৬৬ ৰ ইংলেণ্ড বিশ্বকাপত ব্যৰ্থ হ’লেও ১৯৭০ চনৰ মেক্সিকো বিশ্বকাপত পেলেৰ দুভৰিৰ যাদুৰ সুবাদত ব্ৰাজিলে পুনৰ আঁজুৰি আনে বিশ্বকাপ খিতাপ। এইদৰে পেলেই লাভ কৰে ফুটবল জীৱনৰ তৃতীয়টো তথা অন্তিক বিশ্বকাপ।

১৯৭১ চনৰ ১৮ জুলাইত যুগোশ্লাভিয়াৰ বিপক্ষে হালধীয়া জাৰ্চীৰে ব্ৰাজিলৰ হৈ কেৰিয়াৰৰ অন্তিমখন আন্ত:ৰাষ্ট্ৰীয় মেচত নামে পেলে। ইয়াৰ পিছতেই তেওঁ বিদায় দিয়ে আন্ত:ৰাষ্ট্ৰীয় ফুটবলক। এই ১৪ বছৰীয়া আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত পেলেই ব্ৰাজিলৰ হৈ মুঠ ৯২ খন মেচত ৭৭ টা গলেৰে ব্ৰাজিলৰ সৰ্বাধিক গলদাতা ৰূপত পৰিগণিত হয়।

ইফালে ক্লাৱ ফুটবলতো ছান্টোছৰ হৈ সফলতাৰ শীৰ্ষ বিন্দু স্পৰ্শ কৰে পেলেই। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ হিচাপে বিদিত হৈ পৰা পেলেক চুক্তিবদ্ধ কৰিবলৈ চেষ্টা কৰিছিল মানচেষ্টাৰ ইউনাইটেড আৰু ৰিয়েল মাদ্রিদকে ধৰি বিশ্বৰ ধনৱন্ত তথা মহাশক্তিধৰ ক্লাবসমূহে। কিন্তু দেশৰ মহাতাৰকা গৰাকী বহি:দেশলৈ যোৱাৰ আশংকাত আতংকিত হৈ ব্ৰাজিল চৰকাৰে তেওঁক ক্লাৱ সলনি কৰাত বাধা দিবলৈ পেলেক “ৰাষ্ট্ৰীয় সম্পদ” বুলি ঘোষণা কৰে। ৬৫৯ খন খেলত ৬৪৩ টা গলেৰে পেলে ছান্টোছৰ সৰ্বকালৰ শীৰ্ষ গ’লদাতা।

উল্লেখ্য যে বিশ্ব ফুটবলত সৰ্বাধিক গলদাতা পেলেৰ নামত আছে প্ৰীতি মেচসহ মুঠ ১,৩৬৩ খন মেচত ১,২৭৯ টা গলৰ বিশ্ব অভিলেখ। পেলেৰ বাবেই ফুটবলৰ সৈতে সংপৃক্ত হৈ পৰিছিল ‘দ্য বিউটিফুল গেম’ বাক্যাংশ। দুৰন্ত গতি, কলাত্মক স্কীল আৰু গলৰ সমুখত আগ্ৰাসী চৰিত্ৰই খেলি থকা সময়তে পেলেক প্ৰতিষ্ঠা কৰিছিল এক জীৱন্ত কিংবদন্তিৰ ৰূপত।

১৯৭৭ চনত অৱসৰ লোৱাৰ পিছত পেলে ফুটবলৰ বিশ্বব্যাপী ৰাষ্ট্ৰদূত আছিল। ফুটবলৰ পৰা সন্যাস লোৱাৰ পিছত পেলেই অভিনয় জগততো ভুমুকি মাৰিছিল। ১৯৮১ চনত চিলভেষ্টাৰ ষ্টেলন আৰু মাইকেল কেইনৰ সৈতে ‘এস্কেপ টু ভিক্টোৰী’ নামৰ চলচ্চিত্ৰত অভিনয় কৰিছিল পেলেই। মহাতাৰকা গৰাকীয়ে তিনিবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল।

১৯৬৬ চনত তেওঁ ৰোজেমেৰী ডছ ৰেইছ চোলবিক বিয়া কৰায় যদিও ১৯৮২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। দ্বিতীয়বাৰৰ বাবে তেওঁৰ বিবাহ হয় গায়িকা আছিৰিয়া লেমছ ছেইক্সাছৰ সৈতে। ছেইক্সাছৰ সৈতে বিচ্ছেদৰ পিছত ২০১৬ চনত তেওঁ জাপানী-ব্ৰাজিলিয়ান ব্যৱসায়ী মাৰ্চিয়া চিবেল আওকিৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

পেলেক ১৯৯২ চনত পৰিস্থিতিতন্ত্ৰ আৰু পৰিৱেশৰ বাবে ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত নিযুক্তি দিয়া হয় আৰু পিছলৈ তেওঁক ইউনেস্কোৰ সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়। পাঁচ বছৰৰ পাছত বাকিংহাম পেলেচত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁক ব্ৰিটিছ সাম্ৰাজ্যৰ সন্মানীয় নাইট কমাণ্ডাৰ হিচাপে নিযুক্তি দিয়া হয়।

স্মৰ্তব্য যে ২০০১ চনত পেলেৰ বিৰুদ্ধে ইউনিচেফৰ পৰা ৭ লাখ ডলাৰৰ দুৰ্নীতিৰ কেলেংকাৰীত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে এই অভিযোগ প্ৰমাণিত হোৱা নাছিল আৰু ইউনিচেফেও এই অভিযোগ অস্বীকাৰ কৰিছিল। কিন্তু দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত তেওঁ ইউনেস্কোৰ পদ ত্যাগ কৰে।

১৯৯৫ চনত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ফাৰ্নাণ্ডো হেনৰিকে কাৰ্ডোছে পেলেক দেশখনৰ ক্ৰীড়া মন্ত্ৰী ৰূপে নিযুক্তি দিয়ে। এই দায়িত্ব গ্ৰহণ কৰিয়েই পেলেই ব্ৰাজিল ফুটবলত দুৰ্নীতিৰ অৱসান ঘটোৱাৰ প্ৰচেষ্টাত আগশাৰীৰ ভূমিকা গ্ৰহণ কৰে। পেলেৰ মন্ত্ৰীত্বকালতে ১৯৯৮ চনত গৃহীত হয় এখন বিশেষ আইন। ‘পেলে আইন’ হিচাপে জনাজাত এই আইনখনে ব্ৰাজিলৰ ক্ৰীড়া ব্যৱস্থাত আধুনিকীকৰণৰ সূচনা কৰিছিল।

১৯৯৯ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে পেলেক শতিকাৰ এথলীট হিচাপে নিৰ্বাচিত কৰিছিল। ২০০০ চনত পেলেক আন্তঃৰাষ্ট্ৰীয় ফুটবল ইতিহাস আৰু পৰিসংখ্যা ফেডাৰেচনে বিশ্ব শতিকাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে স্বীকৃতি দিয়ে। ২০১০ চনত তেওঁ নিউয়ৰ্ক কচমছৰ সন্মানীয় সভাপতি হিচাপে নিৰ্বাচিত হয়।

উল্লেখ্য যে ১৯৭০ চনত পেলে বাওঁপন্থী আদৰ্শৰ প্ৰতি সহানুভূতিশীল বুলি অভিযোগ তুলি ব্ৰাজিলৰ সামৰিক একনায়কত্ববাদী চৰকাৰে তেওঁৰ বিৰুদ্ধে তদন্ত চলাইছিল। ইয়াৰ পিছত পেলেই দেশৰ ৰাজনৈতিক সংগ্ৰামখনত অধিক জড়িত হোৱাৰ ইচ্ছা বাদ দিয়ে যদিও সমাজৰ আটাইতকৈ বঞ্চিত লোকসকলৰ পৰিস্থিতি উন্নত কৰাৰ বাবে অক্লান্তভাৱে প্ৰচাৰ চলাইছিল। পিছলৈ কিছু বছৰত সঘনাই স্বাস্থ্যজনিত সমস্যাই ভাৰাক্ৰান্ত কৰি তুলিছিল ফুটবলৰ মুকুটবিহীন মহাসম্ৰাট গৰাকীক।

২০২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ বৃহদান্ত্ৰৰ পৰা টিউমাৰ আঁতৰাই দিয়া হৈছিল। মৃত্যুৰ পূৰ্বে এবছৰতকৈও অধিক সময় ধৰি কেমোথেৰাপি গ্ৰহণ কৰি আছিল পেলেই। ২০২০ চনত ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনাৰ মৃত্যুৰ পিছত আবেগিক হৈ পৰা পেলেই কৈ পেলাইছিল, “মই আশা কৰোঁ কোনোবা দিনা যেন আমি স্বৰ্গত একেলগে ফুটবল খেলিব পাৰোঁ।” মাৰাডোনাক দিয়া এই প্ৰতিশ্ৰুতিয়ে যেন পূৰণ কৰি যোৱা নিশা চিৰনিদ্ৰাত শুই পৰিল প্ৰবাদপ্ৰতীম পুৰুষগৰাকী!

ফুটবলৰ জৰিয়তে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া আইকণ হিচাপে পৰিগণিত হৈ পৰা পেলে সন্দৰ্ভত ববি চাৰ্লটনে এক বিখ্যাত মন্তব্য কৰিছিল। চাৰ্লটনৰ ভাষাত, “পেলেৰ বাবেই হয়তো উদ্ভাৱন কৰা হৈছিল ফুটবল!” বিশ্ব ফুটবলৰ অনুৰাগীসকলৰ ভাষাত “পেলেই ফুটবল খেলা নাছিল, পেলেই আছিল ফুটবল!” ফুটবলৰ এই মুকুটবিহীন তাৰকাগৰাকীয়ে জানো নিজেই কোৱা নাছিল, “মই ফুটবল খেলিবলৈ জন্ম লৈছিলো, ঠিক যেনেদৰে বিথোভেনে সংগীত লিখিবলৈ জন্ম লৈছিল আৰু মাইকেল এঞ্জেলোৰ জন্ম হৈছিল ছবি আঁকিবলৈ”!

এইবাবেইটো তেওঁৰ মৃত্যুৰ পাছতে বিশ্বজুৰি ধ্বনিত হৈছে “ফুটবল জীয়াই থকালৈকে তুমি জীয়াই থাকিবা পেলে!” এয়াই পেলে, বিশ্বৰ কৌটি কৌটি জনতাৰ হৃদয়ত নিৰ্ভেজাল ৰূপত স্থান পোৱা মহানায়ক পেলে; পেলে: দ্য কিং অৱ জগ’ বনিট’……

মনজিৎ দত্ত

মনজিৎ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd