• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম গ্ৰন্থমেলাত উন্মোচিত হ’ল ‘তাঁতশালৰ সপোন : জ্ঞান পূজাৰীৰ নিৰ্বাচিত কবিতা’

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 30, 2023 7:29 pm
393
VIEWS
Share on FacebookShare on Twitter

অসমীয়া আধুনিক কবিতাৰ এগৰাকী পুৰোধা কবি জ্ঞান পূজাৰীৰ কবিতা মানেই এক দৰ্শন আৰু ৰুঢ় বাস্তৱৰ জীৱন্ত ছবি। গ্ৰাম সমাজ চেতনা আৰু মহানাগৰিক জীৱন যন্ত্ৰণাৰ লগতে এক দায়িত্বশীল ৰাজনৈতিক বক্তব্যৰে মহীয়ান কবিগৰাকীৰ কবিতা।

সাহিত্য অকাডেমী বঁটা প্ৰাপক জ্ঞান পূজাৰীৰ কবিতাৰ বিৱৰ্তন অনুধাৱন কৰিলেই আধুনিক অসমীয়া কবিতাৰ বিৱৰ্তনৰ গতি-প্রকৃতি নিৰ্ণয় কৰিব পাৰি। 

এই নিৰ্ণায়ক কবিতাসমূহকে তথা কবি জ্ঞান পূজাৰীৰ শ্ৰেষ্ঠ কবিতাসমূহৰ নিৰ্বাচন আৰু সম্পাদনাৰ বৃহৎ আয়োজন, বিস্তৃত পাতনিৰে কবি-প্ৰৱন্ধকাৰ, লোক-কবিতাৰ গৱেষক, ভাষা-আলোচক তথা অভিধানকাৰ, চিত্ৰকৰ ধ্ৰুৱজ্যোতি দাসৰ সম্পাদিত-সংকলিত ‘তাঁতশালৰ সপোন : জ্ঞান পূজাৰীৰ নিৰ্বাচিত কবিতা’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। 

আজি গ্ৰন্থমেলাৰ থলিত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক, সম্পাদক নিত্য বৰা আৰু বিশিষ্ট লেখক-সমালোচক প্রভাত বৰাই।

আধুনিক কাব্যৰ কাৰিকৰী থাকিলেও তেওঁৰ কবিসত্তাৰ শিপা স্বদেশৰ মাটিত বহু গভীৰলৈ পোত খাই আছে। সেয়ে আধুনিক কাব্যত সুলভ নিৰ্বাসিত দেশান্তৰী সত্তাৰ বন্ধ্যা বেদনাৰ ঠাইত তেওঁৰ কবিতাত ফুটি উঠিছে সাম্প্ৰতিক কালৰ বিপন্ন, বিধ্বস্ত স্বদেশৰ আৰ্তি। 

এই আবহাৱাৰেই সংকলিত হৈছে এই গ্ৰন্থখন। ই ধ্ৰুৱজ্যোতি দাসৰ এক মূল্যবান কৰ্মৰ নিদৰ্শন ৷ উল্লেখ্য যে ‘তাঁতশালৰ সপোন’ত ধ্ৰুৱজ্যোতি দাসৰ সুদীৰ্ঘ পাতনিত বিধৃত কৰা হৈছে জ্ঞান – পূজাৰীৰ কবিতাৰ কিছুমান নতুন কথা – যিটো অসমীয়া কাব্যজগতৰ বাবেই লক্ষ্যণীয় আৰু আশ্চৰ্যময়। 

আজিৰ উন্মোচনী অনুষ্ঠানত বহুকেইগৰাকী কবি-সাহিত্যিক তথা বিশেষ ব্যক্তি উপস্থিত থাকে।

Recent News

১৬ দিনৰ অন্তত বন্ধ হ’ল শিৱসাগৰৰ ভটিয়াপাৰৰ অ’এনজিচিৰ তৈলখাদৰ গেছ নিৰ্গমন

১৬ দিনৰ অন্তত বন্ধ হ’ল শিৱসাগৰৰ ভটিয়াপাৰৰ অ’এনজিচিৰ তৈলখাদৰ গেছ নিৰ্গমন

ছত্তীশগড়ৰ ৰায়গড়ত ব্যাপক গছ ধ্বংস অভিযানঃ প্ৰতিবাদৰ সময়ত আটক গাঁওবাসীৰ লগতে স্থানীয় কংগ্ৰেছী বিধায়ক

ছত্তীশগড়ৰ ৰায়গড়ত ব্যাপক গছ ধ্বংস অভিযানঃ প্ৰতিবাদৰ সময়ত আটক গাঁওবাসীৰ লগতে স্থানীয় কংগ্ৰেছী বিধায়ক

বান্ধৱীক লগ কৰিবলৈ নেদাৰলেণ্ডৰ পৰা ভাৰতলৈ আহি বিপদত ডাটচ নাগৰিকঃ কাষ চাপিল আৰক্ষীৰ

বান্ধৱীক লগ কৰিবলৈ নেদাৰলেণ্ডৰ পৰা ভাৰতলৈ আহি বিপদত ডাটচ নাগৰিকঃ কাষ চাপিল আৰক্ষীৰ

ইজৰাইলে ২০ মাহত মধ্যপ্ৰাচ্যৰ ৫টা অঞ্চলত চলাইছে ৩৫ হাজাৰ আক্ৰমণ

ইজৰাইলে ২০ মাহত মধ্যপ্ৰাচ্যৰ ৫টা অঞ্চলত চলাইছে ৩৫ হাজাৰ আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd