“এয়া অসমীয়া জাতিৰ বাবে এটা ডাঙৰ সন্ধিক্ষণ, এক ডাঙৰ ধুমুহা। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অসমৰ বাবে বিপদ নামি আহিব। গতিকে জাতিক বচাবলৈ সকলো একত্ৰিত হ’ব লাগে। কেন্দ্ৰীয় চৰকাৰে এই বিধেয়ক বাতিল নকৰিলে, আমি সকলো খিলঞ্জীয়া লগ লাগি এক বৃহৎ আন্দোলন গঢ়ি তুলিম, যি আন্দোলন আশীৰ দশকৰ আন্দোলনতকৈও ডাঙৰ হ’ব।” আজি গুৱাহাটীত অনুষ্ঠিত অস্তিত্ব ৰক্ষা সমন্বয় সমিতি, অসমৰ এখন সংবাদমেলত সমিতিৰ আহ্বায়ক ড০ দীনেশ বৈশ্যই এইদৰে কয়।
উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ৰ ঐক্যবদ্ধ বিৰোধিতাৰ সংকল্পেৰে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু সমাজৰ সকলো অংশৰ প্ৰতিনিধিক লৈ যোৱা ১১ মে’, ২০১৮ গঠিত অস্তিত্ব ৰক্ষা সমন্নয় সমিতি, অসমৰ এইখন আছিল প্ৰথম সংবাদমেল।
আজিৰ সংবাদমেলত উপস্থিত থকা আন এজন আহ্বায়ক অদীপ ফুকনে কয়, “এই বিধেয়কৰ জৰিয়তে বিজেপি আৰু সংঘ পৰিয়ালে অসমীয়া-বঙালীৰ মাজত সংঘাত সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা কৰিছে। হিন্দু-মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে।” তেওঁ লগতে কয় যে বিদেশীক স্বদেশী কৰাৰ বিজেপি আৰু সংঘ পৰিয়ালৰ যি চক্ৰান্ত তাক মষিমূৰ কৰাৰ বাবে সকলো খিলঞ্জীয়া লোক ওলাই আহিছে।
আনহাতে অস্তিত্ব ৰক্ষা সমন্বয় সমিতিৰ এজন আহ্বায়ক হিচাপে থকা, কেন্দ্ৰ সৈতে শান্তি আলোচনাত থকা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়ায়ো কেন্দ্ৰীয় চৰকাৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে হুংকাৰ দিয়ে। তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে চৰকাৰৰ লগত চলি থকা আলোচনা প্ৰক্ৰিয়াৰ পৰা আঁতৰি অহাৰ ভাবুকি দিয়ে। “ভাৰত চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বাবে আমি নৰ্থ-ইষ্ট ইণ্ডিজেনিয়াছ পীপলছ ফৰামৰ মঞ্চৰ পৰা উঃ পূবত এটা জনজাগৰণ চলাবলৈ চেষ্টা কৰি আছো।” চেতিয়াই কয়।
আজিৰ সংবাদমেলতে সমন্বয় সমিতিয়ে তেওঁলোকৰ আগন্তুক দিনবোৰত ল’ব লগীয়া আন্দোলন কাৰ্যসূচীও ঘোষণা কৰে।
সংবাদ মাধ্যমক জনোৱা অনুসৰি, ১৩ মে’ত অসমৰ গাঁৱে-ভূঁই, চহৰ, প্ৰতিটো অঞ্চলত গাঁওসভা, পথসভাৰ আয়োজন কৰা হ’ব।
১৭ মে’ত অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক লৈ দিচপুৰত প্ৰতিবাদী অৱস্থান গ্ৰহণ।
১৯ মে’ত চানমাৰি খেলপথাৰ বা ভৰলুৰ সোণাৰাম হাইস্কুলৰ খেলপথাৰত ৪ বজাত প্ৰতিবাদী সাংস্কৃতিক কাৰ্যসূচী।
আজিৰ সংবাদমেলখনত উপস্থিত থকাসকলৰ ভিতৰত উদয়াদিত্য ভৰালী, দীনেশ বৈশ্য, অনুপ চেতিয়া, অদীপ ফুকন, অখিল গগৈ, জোনমনি বৰুৱা খাওন্দ, মৰাণ ছাত্ৰ সন্থাৰ নৱ মৰাণ, মটক যুৱ ছাত্ৰ সন্থাৰ ডেভিদ চেতিয়া, মটক সন্মিলনৰ কাজল গোহাঁই অন্যতম।
উল্লেখযোগ্য যে আজিৰ সংবাদমেলত সমন্বয় ৰক্ষা সমিতিয়ে জানিবলৈ দিয়ে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ কাৰ্য্যসূচীবোৰত সদৌ অসম ছাত্ৰ সন্থায়ো তেওঁলোকক সমৰ্থন আগ বঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।