• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰৰ আশ্বাসত প্ৰতিবাদ সামৰিলে ট্ৰাক চালকসকলে; আজি উভতিব কামলৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2024 7:47 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত বিড়ম্বনা আঁতৰিল! দেশজুৰি বিগত কিছুদিন ধৰি চলি থকা ট্ৰাক চালকসকলৰ প্ৰতিবাদৰ অন্ত পৰিল। সংশোধিত “হিট এণ্ড ৰাণ” আইন সম্পৰ্কত কেন্দ্ৰই আশ্বাস দিয়াৰ পিছতে ট্ৰাক চালকসকলে প্ৰতিবাদ সামৰিলে।

জানিব পৰা মতে, কেন্দ্ৰৰ সৈতে দীঘলীয়া আলোচনা আৰু কেন্দ্ৰীয় গৃহ সচিব অজয় ​​ভাল্লাৰ আশ্বাসৰ অন্তত নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে এই প্ৰতিবাদ উঠাই লোৱাৰ কথা ঘোষণা কৰে। আজিৰে পৰা সকলো ট্ৰাক চালকক কাম আৰম্ভ কৰিবলৈ কোৱা হৈছে।

লগতে পঢ়কঃ পৰিয়ালৰ বাধা নামানি গৈছিল ফুৰিবলৈঃ নৱবৰ্ষৰ প্ৰথম দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬ যুৱকে

Apply Now

নতুন বছৰৰ আৰম্ভণিৰে পৰা বিভিন্ন ৰাজ্যত ট্ৰাক চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ‘হিট এণ্ড ৰান’ৰ ক্ষেত্ৰত সৰ্বোচ্চ শাস্তি ২ বছৰৰ পৰা ১০ বছৰলৈ বৃদ্ধি কৰাৰ বাবে ইয়াৰ প্ৰতিবাদত ট্ৰাক চালকসকলে ৰাজপথলৈ ওলাই আহে। ঘাইপথত ট্ৰাকৰ দীঘলীয়া শাৰী দেখা যায়।

ইপিনে, ট্ৰাক চালকৰ এই প্ৰতিবাদৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানো প্ৰভাৱিত হৈছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰতা অৱলম্বন কৰে।

কেন্দ্ৰীয় গৃহ সচিব অজয় ​​ভাল্লাই মঙলবাৰে কয়, ‘অল ইণ্ডিয়া মটৰ ট্ৰেন্সপ’ৰ্টৰ প্ৰতিনিধিৰ সৈতে আমি কথা পাতিছো। চৰকাৰে সকলোকে জনাব বিচাৰিছে যে এই নতুন আইনখন এতিয়াও কাৰ্যকৰী হোৱা নাই। ভাৰতীয় দণ্ডবিধিৰ ১০৬/২ ধাৰা কাৰ্যকৰী কৰাৰ পূৰ্বে আমি সৰ্বভাৰতীয় পৰিবহণ কংগ্ৰেছৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰিম, তাৰ পিছত সিদ্ধান্ত লোৱা হ’ব।”

লগতে পঢ়কঃ জাপানৰ বিমান দুৰ্ঘটনাঃ পাঁচজনৰ মৃত্যু নিশ্চিত কৰিলে কৰ্তৃপক্ষই

আনহাতে, কেন্দ্ৰৰ আশ্বাসৰ পাছত অল ইণ্ডিয়া মটৰ ট্ৰেন্সপ’ৰ্টৰ কোৰ কমিটীৰ অধ্যক্ষ বাল মালকিটেও কয় যে নতুন আইনখন এতিয়াও কাৰ্যকৰী হোৱা নাই। তেওঁলোকৰ সৈতে আলোচনাৰ অন্ততহে সিদ্ধান্ত লোৱা হ’ব। গতিকে তেওঁলোকে প্ৰতিবাদ উঠাই লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd