বয়স মাথোঁ যে এটা সংখ্যা সেয়া আকৌ এবাৰ প্ৰমাণিত হৈছে ‘মিচেছ ইণ্ডিয়া ৱান ইন এ মিলিয়ন’ৰ মঞ্চত। ৫৫ বছৰীয়া মডেল ৰূপিকা গ্ৰ’ভাৰে দখল কৰিলে বিজয়ীৰ খিতাপ। ৰূপিকা পেছাত এগৰাকী মডেল, অভিনেত্ৰী। সমাজৰ বাধা-নিষেধৰ নিয়মবোৰলৈ বুঢ়া আঙুলি দেখুৱাই ৰূপিকাৰ খিতাপৰ চৰ্চা এতিয়া সৰ্বত্ৰে।
ৰূপিকাৰ জন্ম জম্মুত আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছে। গ্লেমাৰ জগতৰ মোহত ভূস্বৰ্গ এৰি থৈ তেওঁ মুম্বাইলৈ গৈছিল। মনোৰঞ্জন উদ্যোগত যোগদান কৰে। আনকি পৰিয়াল এটাও গঢ়ি তোলে। ৰূপিকাৰ দুজন পুত্ৰ আছে।
ৰূপিকাই দীৰ্ঘদিন ধৰি জীৱ-জন্তুৰ কল্যাণৰ বাবে কাম কৰি আহিছে আৰু অঞ্চলটোৰ কেইবাটাও এন জি অ’ৰ সৈতে জড়িত হৈ সিহঁতৰ স্বাস্থ্য আৰু সুৰক্ষা নিশ্চিত কৰিছে।
ৰূপিকাই ৰণবীৰ সিং, অমিতাভ বচ্চনৰ দৰে তাৰকাৰ সৈতেও কাম কৰিছে। কিন্তু ৫০ বছৰৰ পাছত মিচেছ ইণ্ডিয়াৰ অংশ হোৱাটো নিঃসন্দেহে তেওঁৰ বাবে আছিল এক সাহসী পদক্ষেপ। তেওঁ লগতে ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰিবলৈ কঠোৰ প্ৰশিক্ষণ লৈছিল।
নৃত্য পৰিচালক সন্দীপ সোপাৰকাৰ আৰু ফেশ্বন পৰিচালক-পেজেণ্ট প্ৰশিক্ষক কবিতা খৰায়তকে ধৰি অভিজ্ঞ গুৰুৰ সহায়ত নিজকে প্ৰস্তুত কৰি তুলিছিল। যোৱা কেইমাহমানত তেওঁ কথা-বতৰা আৰু খোজ কঢ়াৰ ধৰণ সলনি কৰি বিজয়ৰ পথ মসৃন কৰাই নহয়, মনোবলো বৃদ্ধি কৰিছিল।
মিচেছ ইণ্ডিয়া ৱান ইন এ মিলিয়ন-২০২৩ৰ খিতাপ জিকাৰ উপৰিও ৰূপিকাই ‘বল্ড এণ্ড বিউটিফুল ক্লাছিক’, ‘ফিট ক্লাছিক’ আৰু ‘টেলেণ্টেড ক্লাছিক’কে ধৰি একাধিক খিতাপ লাভ জিকিছে।
ৰূপিকাৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ এই মুকুট নিঃসন্দেহে সকলো বয়সৰ মহিলাৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব। ই প্ৰমাণ কৰে যে কঠোৰ পৰিশ্ৰম, নিজৰ সপোনত বিশ্বাস আৰু সাহসী পদক্ষেপৰ দ্বাৰা যিকোনো ব্যক্তিয়ে নিজৰ সপোন বাস্তৱায়িত কৰিব পাৰে।
ৰূপিকাৰ এই জয়ে এই বাৰ্তাকে প্ৰেৰণ কৰে যে সৌন্দৰ্য্যই কোনো বয়স বা স্থানৰ সীমা নামানে। ৰূপিকা গ্ৰ’ভাৰৰ দৰে মহিলাই সমাজৰ বাধা-নিষেধ, নীতি-নিয়মক সদায় প্ৰত্যাহ্বান জনাই আহিছে।