• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোৱাৰ হোটেলৰ সূচানাৰ কোঠাৰ পৰা পত্ৰ উদ্ধাৰ আৰক্ষীৰ; মুকলি হ’বনে সকলো জটিল ৰহস্য?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2024 10:43 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ হোৱা এখন ছুৰী, টাৱেল আৰু এটা গাৰুৰ সূত্ৰ ধৰি তদন্ত বহুখিনি আগবাঢ়িছে। নিজৰ শিশু হত্যাৰ ৰহস্য বহুখিনি উন্মোচন কৰিবলৈ সক্ষম হৈছে তদন্তকাৰীয়ে। এইবাৰ লাভ কৰিলে এখন চিঠি! তদন্তকাৰীৰ একাংশৰ অনুমান, চিঠিখনৰ উৎসৰ ওপৰত ভিত্তি কৰি বাকী থকা জটিলতাখিনিও পোহৰলৈ আহিব। ফলত হত্যা কৰা শিশুটিৰ মাতৃ তথা বেংগালুৰুৰ মাইণ্ডফুল এ আই লেবৰ চিইঅ’ সুচানা শেঠৰ ভূমিকা স্পষ্ট হৈ পৰিব।

আৰক্ষীৰ সূত্ৰ অনুসৰি, উদ্ধাৰ হোৱা পত্ৰখনত লিখা আছে, “মোৰ স্বামীক মোৰ সন্তানক লগ কৰিবলৈ অনুমতি দিবলৈ আদালতে দিয়া নিৰ্দেশ মই মানি ল’ব নোৱাৰো।” ইতিমধ্যে পত্ৰখনৰ হাতৰ আখৰ পৰীক্ষাৰ বাবে ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। তদন্তকাৰীয়ে চাব বিচাৰে পত্ৰখনৰ হাতৰ আখৰ সূচানাৰ হয় নে নহয়।

শিশুটোৰ মৃতদেহৰ সৈতে কৰ্ণাটকত ধৰা পৰা সূচানাক ট্ৰেনজিট ৰিমাণ্ডত গোৱালৈ লৈ যোৱা হৈছে। ছয় দিন আৰক্ষীৰ জিম্মাত ৰখা হৈছে। তদন্তকাৰীৰ সূত্ৰ অনুসৰি তদন্তৰ পৰা জানিব পৰা গৈছে যে দাম্পত্য বিবাদত জুৰুলা সূচানা আৰু তেওঁৰ স্বামী ভেংকটাৰমনৰ বিবাহ বিচ্ছেদৰ গোচৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে।

Apply Now

লগতে পঢ়কঃ ঘাতক কুঁৱলী! কলিয়াবৰৰ মিছাৰ ৰৌমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৩ যুৱক

তেওঁলোক ২০১০ চনত বিবাহপাশত আবদ্ধ হৈছিল। পুত্ৰৰ জন্ম হৈছিল ২০১৯ চনত। ২০২১ চনৰ পৰা সুচানা আৰু ভেংকটে পৃথকে পৃথকে বাস কৰিছিল। যোৱা বছৰৰ আগষ্ট মাহত সূচানাই স্বামীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ গোচৰ ৰুজু কৰিছিল। অভিযোগ উঠিছে যে ভেংকটে ল’ৰাটো আৰু তেওঁক শাৰীৰিক অত্যাচাৰ কৰিছিল। ইয়াৰ উপৰিও স্বামীৰ পৰা মাহিলী আঢ়ৈ লাখ টকাৰ খোৰাকীও দাবী কৰিছিল।

আদালতত সুচানাই কয় যে তেওঁৰ স্বামীয়ে বছৰি কোটিতকৈও অধিক টকা উপাৰ্জন কৰে। যোৱা ১২ ডিচেম্বৰত আদালতে ভেংকটক গোচৰ চলি থকা সময়ছোৱাত প্ৰতিমাহে ২০ হাজাৰ টকা দিবলৈ নিৰ্দেশ দিছিল। লগতে সূচানাৰ ঘৰত প্ৰৱেশ, ফোন বা মেচেজৰ জৰিয়তে যোগাযোগ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

একে সময়তে আদালতে প্ৰতি দেওবাৰে পুত্ৰক লগ কৰিবলৈও অনুমতি দিছিল পিতৃক। সম্ভৱতঃ এই ৰায়দানত সুচানা অসন্তুষ্ট হৈ পৰিছিল। তদন্তকাৰীয়ে পূৰ্বে অনুমান কৰিছিল যে সূচানাই হয়তো পিতৃক লগ পাবলৈ নিদিয়াৰ জেদতে খঙত পুত্ৰক হত্যা কৰিছিল। হোটেলৰ কোঠাৰ পৰা পত্ৰখন উদ্ধাৰ হোৱাৰ পিছত  সন্দেহটো আৰু বেছি গভীৰ হ’ল বুলি ভাৱে তদন্তকাৰীসকলে।

লগতে পঢ়কঃ ধৰ্ম সংকট! ৰাম মন্দিৰৰ উদ্বোধন বৰ্জন ৪ শংকৰাচাৰ্যৰ

গোৱাৰ কেণ্ডোলিম বিচত সূচানাই পুত্ৰক লৈ যোৱা হোটেলখনৰ পৰা আৰক্ষীয়ে ছুৰি, টাৱেল, গাৰু আৰু দুটা খালী কাহৰ চিৰাপৰ বটল উদ্ধাৰ কৰে। তদন্তকাৰীৰ সূত্ৰ অনুসৰি সূচানাই যোৱা ৬ জানুৱাৰীত হোটেলখনত উঠিছিল। ৮ জানুৱাৰীত তেওঁ হোটেলৰ পৰা ওলাই যায়। যোৱাৰ পিছত হোটেলৰ এজন কৰ্মচাৰীয়ে কোঠাটোলৈ গৈ তেজৰ দাগ পৰা টাৱেলখন উদ্ধাৰ কৰে।

নিশা ১ বজাত খৰখেদাকৈ হোটেলৰ পৰা ওলাই অহাৰ লগে লগে কৰ্মচাৰীসকলে তেওঁৰ আচৰণক লৈ সন্দেহ প্ৰকাশ কৰে। ইয়াৰ পিছত কোঠাটো চাফা কৰি থাকোঁতে টাৱেলত তেজৰ দাগ দেখি সন্দেহ বাঢ়ি যোৱাতহোটেলৰ পৰাই আৰক্ষীক খবৰ দিয়া হয়। হোটেল বুকিং কৰি থাকোঁতে তেওঁৰ কণমানি পুত্ৰও লগত থকা বুলি আৰক্ষীক জনোৱা হয়। কিন্তু যাওঁতে হোটেলৰ কৰ্মচাৰীয়ে শিশুটিক দেখা নাপালে।

সূচানাৰ হাতত থকা গধুৰ বেগটোৰ বিষয়েও হোটেলৰ কৰ্মচাৰীয়ে অৱগত কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি তদন্তকাৰীয়ে বিষয়াই সূচানাৰ সৈতে যোগাযোগ কৰি টাৱেলত থকা তেজৰ দাগ সম্পৰ্কে সোধাত তেওঁ কয় যে ঋতুস্ৰাৱৰ বাবে টাৱেলত থকা দাগটো আছিল।

লগতে পঢ়কঃ শিৱমৰ দুৰ্দান্ত বেটিং, অক্ষৰৰ নিখুঁত বলিং; আফগানিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়ী টীম ইণ্ডিয়া

আৰক্ষীৰ সূত্ৰৰ মতে, মৃত শিশুটিৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকে জনোৱা মতে, সম্ভৱতঃ কাহৰ ঔষধৰ অতিমাত্ৰা সেৱন আৰু নাক আৰু মুখৰ ওপৰত গাৰু, টাৱেল বা তাঁৰজাতীয় কিবা এটা ডিঙিত চেপি ধৰি শিশুটিক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল। পুত্ৰৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিৰোধৰ চেষ্টা চকুত নপৰিল চিকিৎসকৰ।

ইয়াৰ পিছত সূচানাই হয়তো হাতৰ শিৰা কাটি আত্মহত্যাৰ চেষ্টাও কৰিছিল। কিন্তু পিছত মন সলনি কৰিলে। তাৰ বাবেই হয়তো তেওঁৰ হাতত ক্ষতচিহ্ন দেখা গৈছে। অৱশ্যে গোৱাৰ মাপুছা কাৰাগাৰত থকা মাতৃগৰাকীয়ে এতিয়াও হত্যাৰ কথা স্বীকাৰ কৰা নাই। বাৰে বাৰে কৈ আহিছে যে টোপনিৰ পৰা সাৰ পাই দেখিছিল তেওঁৰ পুত্ৰৰ মৃত্যু হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd