• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অষ্ট্ৰেলিয়ান অ’পেনত ইতিহাস! ৪২ পইণ্টৰ টাইব্ৰেকাৰ; মহাকাব্যিক যুঁজত অঘটন অখ্যাতনামাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2024 12:45 pm
অষ্ট্ৰেলিয়ান অ’পেনত মুখামুখি এলিনা ৰাইবাকিনা আৰু আন্না ব্লিংকোভা। ফটোঃ সংগ্ৰহীত।

অষ্ট্ৰেলিয়ান অ’পেনত মুখামুখি এলিনা ৰাইবাকিনা আৰু আন্না ব্লিংকোভা। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খেলখন টাইব্ৰেকাৰত পেণ্ডুলামৰ দৰে ডুলি থাকিল। এলিনা ৰাইবাকিনাই এবাৰ মেচ পইণ্ট লাভ কৰিছে যদি পিছৰ মুহূৰ্ততে আন্না ব্লিংকোভাই মেচ পইণ্টত কাঢ়ি নিলে। গ্ৰেণ্ড শ্লেমত মহিলা টেনিছৰ আটাইতকৈ দীঘলীয়া টাইব্ৰেকাৰৰ সাক্ষী হ’ল অষ্ট্ৰেলিয়ান অ’পেন। শেষত ৰেংকিঙত নথকা ব্লিংকোভাই যুদ্ধ জয় কৰিলে। মহিলাৰ তৃতীয় স্থানৰ ৰাইবাকিনাক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰে ব্লিংকোভাই।

ৰাইবাকিনাৰ বিৰুদ্ধে প্ৰথম ছেটত জয়লাভ কৰে ব্লিংকোভাই (৬-৪)। তেতিয়াই অঘটনৰ ইংগিত পোৱা গ’ল। কিন্তু পৰৱৰ্তী ছেটত পিছ পৰি থকাৰ পিছতো ৰাইবাকিনাই শক্তিশালী প্ৰত্যাৱৰ্তন কৰে। তেওঁ ৩-৫ ব্যৱধানত পিছ পৰি থাকিও ৬-৪ ব্যৱধানত ছেটটো জয় কৰে। খেলখন টাইব্ৰেকাৰলৈ যায়।

অষ্ট্ৰেলিয়ান অপেনত ইতিহাস গঢ়ি আন্না ব্লিংকোভা। ফটোঃ সংগ্ৰহীত।

কাজাখস্তানৰ ৰাইবাকিনা তাতো পিছ পৰিল। ৰাছিয়াৰ ব্লিংকোভাই ৪-১ ব্যৱধানত আগবাঢ়ি যায়। ১০ পইণ্টৰ টাইব্ৰেকাৰত প্ৰথমেই ১০ পইণ্ট লাভ কৰে ব্লিংকোভাই। কিন্তু দুটা পইণ্টৰ ব্যৱধান নথকাৰ বাবে খেলখন আগবাঢ়িল। তাৰপিছতে নাটক।

Apply Now

এবাৰ ৰাইবাকিনা আগবাঢ়িল, তাৰ পিছত ব্লিংকোভা। কোনেও কাকো হাৰ মনাব পৰা নাছিল। টাইব্ৰেকাৰৰ সময় লাহে লাহে আগবাঢ়িছিল। এটা সময়ত এনে লাগিছিল যেন কোনো এজন জয়ী হ’ব। কিন্তু কোনো সময়তে দুটা পইণ্টৰ ব্যৱধান নাছিল। শেষত ২০-২১ ব্যধানত পিছ পৰি থকাৰ সময়তে ৰাইবাকিনাই আনফ’ৰ্ছড এৰ’ৰ কৰে। সহজ শ্বট এটা বাহিৰলৈ মাৰিলে। টাইব্ৰেকাৰত ২২-২০ ব্যৱধানত ব্লিংকোভাই মেচখনত জয়লাভ কৰে।

অষ্ট্ৰেলিয়ান অপেনত ইতিহাস গঢ়ি আন্না ব্লিংকোভা। ফটোঃ সংগ্ৰহীত।

ইয়াৰ পূৰ্বে গ্ৰেণ্ড শ্লেমত আটাইতকৈ দীঘলীয়া টাইব্ৰেকাৰ আছিল যোৱা বছৰ উইম্বলডনৰ তৃতীয় ৰাউণ্ডত। ইউক্ৰেইনৰ লেছিয়া চুৰেংকোৱে ৰোমানিয়াৰ এন বোগডানক ২০-১৮ পইণ্টেৰে পৰাস্ত কৰে। সেই অভিলেখ ভংগ হ’ল অষ্ট্ৰেলিয়ান অ’পেনত। মহিলা টেনিছত ইতিহাস গঢ়ি উঠিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd