• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৱাৰ খোজকঢ়াৰ অভ্যাস আপোনাৰ বাবে মহৌষধ: জানেনে ইয়াৰ গুণাগুণ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2024 7:03 am
1.3k
VIEWS
Share on FacebookShare on Twitter

সাধাৰণতে খোজ কঢ়াক এক স্বাস্থ্যকৰ ব্যায়াম হিচাপে গণ্য কৰা হয়। কম শাৰীৰিক কাৰ্যকলাপ হ’লেও নিয়মিত খোজ কঢ়াৰ অভ্যাসে আপোনাৰ শৰীৰৰক অনন্য উপকাৰিতা প্ৰদান কৰে। কেৱল দৈহিক উপকাৰিতাই নহয়, নিয়মিত খোজ কঢ়াৰ অভ্যাসে ব্যক্তিৰ মানসিক স্বাস্থ্যৰো উপকাৰ সাধন কৰে। সেয়ে পৰাপক্ষত পুৱাৰ ভাগত বা সুবিধা অনুযায়ী বিয়লি হ’লেও খোজ কঢ়াৰ অভ্যাস আপোনাৰ বাবে মহৌষধ স্বৰূপ হৈ পৰিব পাৰে।

খোজ কঢ়াৰ অভ্যাসে কেনেদৰে ব্যক্তিৰ স্বাস্থ্য উপকাৰিতা সাধন কৰে, সেই বিষয়ে বিষেশজ্ঞসকলে মতামত আগবঢ়াইছে। এনে কিছু গুণাগুণ সম্পৰ্কে চাওঁ আহকচোন:

১/ মন-মেজাজ উন্নত কৰে

খোজ কঢ়াৰ সময়ত দেহৰ পৰা এণ্ড’ৰ্ফিন হৰম’নৰ নিগৰ্মন প্ৰসাৰিত হয়। এই এণ্ড’ৰ্ফিনক ‘ফিল-গুড’ হৰম’ন বুলি জনা যায়। এই হৰম’নৰ নিগৰ্মনে উদ্বেগ আৰু হতাশা হ্ৰাস কৰাত সহায় কৰে। তদুপৰি শীতকালত খোজ কঢ়াৰ অভ্যাস ঋতুভিত্তিক প্ৰভাৱাত্মক বিকাৰ(SAD)ৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত এক উত্তম উপায়।

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

নিয়মিতভাৱে খোজ কাঢ়িলে ব্যক্তিৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ’ব পাৰে, যাৰ ফলত চৰ্দি, ফ্লু আৰু অন্যান্য ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। খোজ কাঢ়িলে দেহত ৰক্ত সঞ্চালন উন্নত হয়, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা কোষবোৰ সমগ্ৰ শৰীৰত অধিক কাৰ্যক্ষম হৈ উঠে।

৩/ ওজন নিয়ন্ত্ৰণত সহায় কৰে

নিয়মিত খোজ কঢ়াৰ অভ্যাসে ব্যক্তিক দেহৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। খোজ কঢ়াৰ ফলত দেহৰ কেলৰি হ্ৰাস পায়, বিপাকীয় ক্ৰিয়া উন্নত হয় আৰু শৰীৰৰ গঠন সুস্থ কৰি ৰাখে।

৪/ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

এই ব্যায়ামে ৰক্তচাপ কমোৱাত সহায় কৰিব পাৰে আৰু সামগ্ৰিকভাৱে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিব পাৰে। ই হৃদযন্ত্ৰলৈ তেজৰ সঞ্চালন বৃদ্ধি কৰে আৰু ধমনীৰ কাৰ্যক্ষমতা উন্নত কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

৫/ হাওঁফাওঁৰ কাৰ্যক্ষমতা উন্নত কৰে

এক নিৰ্দিষ্ট গতিত খোজ কাঢ়িলে হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু শ্বাস-প্ৰশ্বাসৰ পেশী শক্তিশালী হয়। এই শাৰীৰিক ব্যায়ামে অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে আৰু হাওঁফাওঁৰ পৰা ক্ষতিকাৰক প্ৰভাৱ অধিক কাৰ্যক্ষমভাৱে নিষ্কাশন কৰে।

৬/ হাড় মজবুত কৰে

নিয়মিক খোজ কঢ়াৰ অভ্যাসে অষ্টিঅ’পৰ’ছিছ প্ৰতিৰোধ কৰাত সহায় কৰে। এই অভ্যাসে হাড়ৰ ঘনত্ব বজাই ৰখা আৰু বৃদ্ধি কৰাত সহায় কৰি হাড় মজবুত কৰি তোলে।

৭/ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে

এই শাৰীৰিক ব্যায়ামে মগজুলৈ তেজৰ সঞ্চালন বৃদ্ধি কৰে, স্মৃতিশক্তি বৃদ্ধি কৰে আৰু মগজুৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰে। সেয়ে এই অভ্যাসৰ দ্বাৰা মগজুৰ কাৰ্যক্ষমতা উন্নত হয় আৰু স্মৃ্তিশক্তি হ্ৰাস পোৱাৰ আশংকা কম হয়।

৮/ টোপনি ভাল কৰে

নিয়মিত খোজ কঢ়াৰ অভ্যাসে টোপনিৰ মান উন্নত কৰিব পাৰে। ই টোপনি নিয়ন্ত্ৰণ কৰা হৰম’ন চেৰ’টনিনৰ নিৰ্গমনত সহায় কৰে।

৯/ ভিটামিন ডিৰ মাত্ৰা বৃদ্ধি কৰে

পুৱাৰ সূৰ্যৰ ৰশ্মি আমাৰ দেহৰ বাবে অতি উপকাৰী। সূৰ্যৰ পোহৰে আমাক অতি প্ৰয়োজনীয় ভিটামিন ডিৰ যোগান ধৰে। সেয়ে পুৱা খোজ কাঢ়িলে দেহত ভিটামিন ডি উৎপাদন বৃদ্ধি হয়, যি দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, হাড়ৰ গঠন তথা দেহৰ সামগ্ৰিক সুস্থতাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।

Recent News

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd