• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অক্লান্ত যোদ্ধা! অলিম্পিক পদক বিজয়ী তথা ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমে ল’লে অৱসৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2024 8:11 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বক্সাৰ মেৰী কমে অৱসৰ গ্ৰহণ কৰিলে। ছয়বাৰৰ বিশ্ব চেম্পিয়ন তথা ২০১২ চনৰ অলিম্পিক পদক বিজয়ী মেৰীকমে বুধবাৰে অৱসৰৰ কথা ঘোষণা কৰে।

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনৰ নিয়ম অনুসৰি এজন পুৰুষ বা মহিলা বক্সাৰে ৪০ বছৰ বয়সৰ পিছত আৰু কোনো শীৰ্ষ পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। সেই নিয়ম অনুসৰি মেৰীয়ে গ্ল’ভছ খুলি ৰাখিলে।

অৱসৰ ঘোষণা কৰাৰ পিছত মেৰীয়ে কয়, “মই এতিয়াও ক্ষুধাৰ্ত। কিন্তু বয়সৰ নিয়মৰ বাবে মই আৰু কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰো। বেছি খেলিব বিচাৰিছিলো, কিন্তু মোৰ বয়সে মোক বন্ধ ৰখিবলৈ বাধ্য কৰালে। অৱসৰ ল’ব লগা হ’ল৷ মই মোৰ জীৱনৰ সকলোখিনি অৰ্জন কৰিছো।”

Apply Now

লগতে পঢ়কঃ মণিপুৰ : প্ৰথমে ছয় সহকৰ্মীক আৰু তাৰপিছত নিজকে গুলীয়ালে অসম ৰাইফলছৰ জোৱানে

১৯৮২ চনত মণিপুৰৰ কংগাঠেই গাঁৱত জন্মগ্ৰহণ কৰিছিল মেৰীয়ে। ১৮ বছৰ বয়সত পেনচিলভেনিয়াত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাত ৪৮ কেজি শাখাত ৰানাৰ্ছ আপ হয়। কেইবছৰমান পিছত তেওঁ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। ২০০৫, ২০০৬, ২০০৮ আৰু ২০১০ চনতো এই পদক লাভ কৰে।

মেৰীকমে ২০০৮ চনত এই পদক লাভ কৰাৰ পিছত মাতৃত্বকালীন সময়ত সাময়িকভাৱে বক্সিঙৰ পৰা নিজকে আঁতৰাই নিয়ে। ২০১২ চনত অলিম্পিক পদক লাভ কৰাৰ পিছত মেৰীয়ে তৃতীয় সন্তান জন্ম দিয়াৰ বাবে পুনৰ বিৰতি লয়।

বক্সিং ইতিহাসত ছয়বাৰৰ বিশ্ব চেম্পিয়ন হোৱা প্ৰথমগৰাকী মহিলা বক্সাৰ মেৰীকম। ইয়াৰ উপৰিও তেওঁ পাঁচবাৰ এছিয়ান চেম্পিয়ন হৈছে। ২০১৪ চনত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বক্সাৰ আছিল মেৰীকম।

লগতে পঢ়কঃ “আমি এই আক্ৰমণ আৰু আচৰণৰ নিন্দা কৰোঁ” – অসমৰ এশ গৰাকী বুদ্ধিজীৱী আৰু বিশিষ্ট ব্যক্তিৰ বিবৃত্তি

২০১৬ চনত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰিছিল। ২০০৩ চনত অৰ্জুন বঁটা, ২০০৬ চনত পদ্মশ্ৰী, ২০১৩ চনত পদ্ম ভূষণ আৰু ২০২০ চনত পদ্ম বিভূষণেৰে সন্মানিত হয় মেৰীকম।

২০১৪ চনত মেৰীকমৰ জীৱনৰ আধাৰত এখন হিন্দী ছবিও নিৰ্মাণ কৰা হৈছিল। সেই ছবিখনত প্ৰিয়ংকা চোপ্ৰাই মেৰীকমৰ চৰিত্ৰত অভিনয় কৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd