• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ দ্বিবাৰ্ষিক সন্মিলন আয়োজনৰ প্ৰস্তুতি

কৰ্কটৰোগ আৰু ইয়াৰ বিষয়ে সজাগতা, মৰণোত্তৰ দেহদানৰ প্ৰাসংগিকতা তথা প্ৰয়োজনীয়তা সন্দৰ্ভত আলোচনা চক্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2024 5:45 pm
Elora Vigyan Mancha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনসাধাৰণৰ মাজত বিজ্ঞানমনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা স্বেচ্ছাসেৱী সংস্থা ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে সফলতাৰ দুটা বছৰ। ২০২২ চনৰ ১৩ ফেব্ৰুৱাৰীত গঠন হোৱা ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ বৰ্ষপূৰ্তি উপলক্ষে প্ৰথম দ্বিবাৰ্ষিক সন্মিলন আয়োজনৰ প্ৰস্তুতি চলাইছে।

শাখাৰ প্ৰথম দ্বিবাৰ্ষিক সন্মিলনখনি বিশেষভাৱে মৰ্যাদাপূৰ্ণ কৰি তোলাৰ উদ্দেশ্যে ‘বিশ্ব কৰ্কটৰোগ দিৱস’ৰ প্ৰতি লক্ষ্য ৰাখি অহা ৪ ফেব্ৰুৱাৰীত ঢেকিয়াজুলিস্থিত শ্বহীদ উদ্যানৰ শ্বহীদ ভৱনত দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে।

Apply Now

উক্ত দিনটোৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা ১০ বজাত পতাকা উত্তোলন আৰু মঞ্চৰ শীৰ্ষ-গীত পৰিৱেশনৰ পিছতে বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ প্ৰথম দ্বিবাৰ্ষিক সাধাৰণ সভাখন আৰম্ভ কৰা হ’ব।

সদৌ অসম হৰিজন মজদূৰ ইউনিয়নৰ ঢেকিয়াজুলি শাখাৰ সম্পাদক চোহন বাষ্ফৰে মঞ্চৰ পতাকা উত্তোলন কৰিব। উক্ত কাৰ্যসূচীৰ উপৰিও একে দিনাই আন দুটি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলৰ আগ্ৰহী ৰাইজৰ উদ্দেশ্যে দিনৰ ১১-৩০ বজাত মঙলদৈৰ সমাজসেৱী চিকিৎসক ডাঃ কমলেশ্বৰ নাথ আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এনাটমী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ মালবিকা দেবীৰ বক্তব্যৰে এখনি মুকলি সভা অনুষ্ঠিত হ’ব।

উক্ত সভাৰ মূল আলোচ্য বিষয় হৈছে ক্ৰমেঃ ক) কৰ্কটৰোগ আৰু ইয়াৰ বিষয়ে সজাগতা খ) মৰণোত্তৰ দেহদানৰ প্ৰাসংগিকতা তথা প্ৰয়োজনীয়তা।

আনহাতে দিনৰ ২-৩০ বজাৰ পৰা বিয়লি ৬ বজা পৰ্যন্ত ডাঃ কমলেশ্বৰ নাথৰ লগতে আন দুগৰাকী উদ্যমী, আগ্ৰহী তথা সমাজসেৱী চিকিৎসক ক্ৰমে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পেথ’লজী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ দীপক দাস আৰু ঢেকিয়াজুলিৰ সামূহিক স্বাস্থ্য বিষয়া তথা শাখাটিৰ অন্যতম সদস্য ময়ূৰ কৃষ্ণ বৰাৰ সহযোগত ঢেকিয়াজুলি চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোকসকলৰ উদ্দেশ্যে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ ব্যৱস্থা কৰা হ’ব।

মুকলি সভাখনিৰ ঠিক পিছতে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ নৱতম আজীৱন সদস্যসকলক প্ৰমাণ পত্ৰ প্ৰদান আৰু মৰণোত্তৰ দেহদানৰ বাবে শেষ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰাসকলৰ চিনাকি পৰ্ব আৰু তেওঁলোকক ড’নৰ কাৰ্ড প্ৰদান অনুষ্ঠানটিও দিনজোৰা কাৰ্যসূচীৰ অন্যতম অংশ বুলি ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সম্পাদক প্ৰজিত নাথে জানিবলৈ দিয়ে।

উক্ত দিনজোৰা কাৰ্যসূচীৰ ক্ষেত্ৰত অঞ্চলটোৰ সমূহ বিজ্ঞানমনস্ক ৰাইজৰ সহযোগিতা, উপস্থিতি আৰু সু-পৰামৰ্শই সমাজখন অন্ধবিশ্বাস তথা কুসংস্কাৰবোৰ নেওচি বিজ্ঞানমনস্কতাৰ দিশে এঢাপ হ’লেও আগুৱাই যোৱাত সহায় কৰাটো নিশ্চিত বুলি আশা প্ৰকাশ কৰে নাথে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd