• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভাত নোহোৰা-নোপোজা ঘটনা : পতনৰ  পৰা কথমপি ৰক্ষা পৰিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 23, 2024 6:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম বিধানসভাত সৃষ্টি হয় এক নজিৰবিহীন পৰিস্থিতিৰ । বিধায়ক অখিল গগৈৰ এটা সংকল্প প্রস্তাৱত বেলট ভোটৰ সন্মুখীন হ’বলগীয়া হয় বিজেপি চৰকাৰ। এই ভোটত বিৰোধী পক্ষই লাভ কৰে ৩০ টা ভোট আৰু শাসক পক্ষই লাভ কৰে৩৯ টা ভোট৷ 

এই ভোটত কথমপিহে ৰক্ষা পৰিল বিজেপি চৰকাৰ। আজিৰ সংকল্প প্রস্তাৱত চৰকাৰী পক্ষ পৰাজিত হোৱা হ’লে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ আস্থা ভোটৰ সন্মুখীন হ’বলগীয়া হ’লহেঁতেন ৷ 

বিধানসভাৰ প্রস্তাৱিত ভোটদান কাৰ্যসূচী স্থগিত ৰাখি শাসক পক্ষৰ বিধায়কক ততাতৈয়াকৈ বিধানসভালৈ মাতি আনি যেনে তেনেহে ৰক্ষা পৰে চৰকাৰ। বিধানসভাত আজি এই বিষয়ত এক উত্তেজিত, ৰোমাঞ্চকৰ অচলাৱস্থাৰ সৃষ্টি হয়।

আজি অসম বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এক সংকল্প প্রস্তাৱ উত্থাপন কৰে। অখিল গগৈৰ সংকল্প প্রস্তাৱটো আছিল অসমৰ কৃষিভূমিসমূহত সকলো সময়তে পানী যোগান ধৰি অসমখনক বাৰ মাহেই কৃষিৰ উপযোগী ৰাজ্য হিচাপে গঢ়ি তোলা। 

দিনৰ প্রায় ১১.৩০ বজাত বিধায়ক গগৈয়ে তেওঁৰ সংকল্প প্রস্তাৱটো পাঠ কৰে। তেওঁৰ সংকল্প প্রস্তাৱটোৰ পূৰ্ণ পাঠ এনে ধৰণৰ-

“জলসিঞ্চনৰ অভাৱত অসমৰ বহু কৃষিভূমিত এতিয়াও বছৰত কেৱল এবাৰ খেতি কৰি অৱশিষ্ট সময়খিনিৰ বাবে পথাৰবোৰ পেলাই থোৱা হয়। কেৱল প্রাকৃতিক বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক কৃষকে এতিয়াও কৃষিভূমিত খেতি কৰে। কিন্তু কেতিয়াবা অতিবৃষ্টি অথবা বানপানী আৰু কেতিয়াবা অনাবৃষ্টি অথবা খৰাঙৰ বাবে কোনো কোনো কৃষিভূমিত বছৰত এবাৰো খেতি কৰাটো সম্ভৱ হৈ নুঠে । ফলত ৰাজ্যখনত কৃষিৰ উৎপাদনশীলতা আশা কৰা ধৰণৰ নহয়। ২১ শতিকাৰ আধুনিক যুগতো আমাৰ ৰাজ্যখনত কেতিয়াবা কেতিয়াবা বৰষুণ বিচাৰি কৃষকে অন্ধবিশ্বাসৰ বলি হৈ ভেকুলীৰ বিয়া পাতে। ৰাজ্যখনৰ সকলো কৃষিভূমিতে জলসিঞ্চনৰ ব্যৱস্থা কৰি প্রাকৃতিক বৰষুণৰ ওপৰত কৃষকসকলৰ নিৰ্ভৰতা নাইকিয়া কৰিবলৈ, বছৰটোৰ সকলো সময়তে পথাৰত খেতি কৰিব পৰাকৈ ৰাজ্যখনৰ কৃষকসকলক প্রস্তুত কৰিবলৈ আৰু সকলো সময়তে পথাৰত পানী যোগান ধৰি অসমক বছৰটোৰ বাৰ মাহে খেতি কৰা ৰাজ্যৰূপে গঢ়ি তুলিবলৈ অসম বিধানসভাত প্রস্তাৱ গ্ৰহণ কৰো আহক।” 

এই প্রস্তাৱ পাঠ কৰি বিধায়ক গগৈয়ে প্ৰস্তাৱটোৰ সপক্ষে ৭ মিনিট মানৰ এটি বক্তৃতা প্রদান কৰে। বিধায়ক গগৈয়ে কয় যে অসমৰ মুঠ মাটি কালি ৭৮,৪৩,৮০০ হেক্টৰ যদিও তাৰ ভিতৰত কেৱল ২৬,৯৯,০০০  হেক্টৰ ভূমিতহে ৰাজ্যখনে খেতি কৰে। এই কৃষি কাৰ্য কৰা ভূমিৰ ভিতৰত ৫,৭১,০০০ হেক্টৰ ভূমিতহে জলসিঞ্চন আছে। অৰ্থাৎ অসমৰ কেৱল ১৪ শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। ইয়াৰ বিপৰীতে পাঞ্জাৱৰ নিচিনা ৰাজ্যত ৯৯.৭০ শতাংশ কৃষি ভূমিতেই জলসিঞ্চনৰ ব্যৱস্থা আছে। ভাৰত চৰকাৰৰ কৃষি বিভাগৰ তথ্য প্রদর্শন কৰি অখিল গগৈয়ে কয় যে যি সময়ত পাঞ্জাৱৰ ১ হেক্টৰ ভূমিত ৪,৩৪০ কিঃগ্ৰাঃ ধান উৎপাদন হয় সেই সময়ত অসমৰ ১ হেক্টৰ ভূমিত কেৱল ২,২৩৫ কিঃগ্ৰাঃহে ধান উৎপাদন হয়। দেশৰ দহখন প্রধান ধান উৎপাদনকাৰী ৰাজ্যৰ ভিতৰত অসমৰ স্থান ৯ । বিধায়ক গগৈয়ে কয় যে আজিৰ আধুনিক যুগত অসমৰ মানুহে কঠিয়া পাৰিবলৈ, ধান ৰুবলৈ প্রাকৃতিক বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। এতিয়াও অসমৰ মানুহে খেতিৰ সময়ত বৰষুণ নিদিলে ভেকুলীৰ বিয়া পাতে। এতিয়াও আমি বৰষুণৰ বাবে ভেকুলীৰ বিয়া পতা জাতি। অসমৰ জলসিঞ্চন বিভাগে পথাৰত পানী যোগান ধৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত এডৰা পথাৰতো পানী যোগান ধৰিব পৰা নাই। প্রতিডৰা পথাৰত পানী যোগানৰ প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গেৰাণ্টি অসমত এশ শতাংশই বিফল। কিন্তু অসমক যদি দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব লাগে, দেশৰ ধনী ৰাজ্যবিলাকৰ এখন কৰিব লাগে প্রথম আৰু প্রধান কামটো হ’ব অসমক বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যলৈ পৰিণত কৰা। পৃথিৱীৰ কোনো দেশ, কোনো ৰাজ্য বছৰত এবাৰ খেতি কৰি পথাৰ পেলাই  থৈ ধনী হ’ব নোৱাৰে। এতিয়া আমাৰ সময় অসমীয়া জাতিক পেচাদাৰী জাতি ৰূপে গঢ়ি তোলা। ইয়াৰ বিপৰীতে বিজেপি চৰকাৰৰ একমাত্ৰ লক্ষ্য হ’ল অসমত হিতাধিকাৰী সৃষ্টি কৰা। 

অসমৰ পথাৰত এশ শতাংশ জলসিঞ্চনৰ ব্যৱস্থা কৰি আৰু বানপানীৰ পৰা ৰক্ষা কৰি অসমক বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যলৈ ৰূপান্তৰ কৰিবলৈ আজিৰ বিধানসভাত সৰ্বসন্মত প্রস্তাৱ গ্ৰহণ কৰা হওক বুলি বিধায়ক অখিল গগৈয়ে আহ্বান জনায়৷ ইয়াৰ পাছতেই জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে এই সংকল্প প্রস্তাৱৰ উত্তৰ প্রদান কৰে।

মন্ত্ৰী সিংঘালৰ উত্তৰৰ পাছতেই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ধ্বনি ভোটৰ আহ্বান জনায়। ধ্বনি ভোটৰ সময়ত বিধায়ক অখিল গগৈয়ে বেলট ভোটৰ প্রস্তাৱ দিয়ে। এই প্ৰস্তাৱক কংগ্ৰেছ এআইইউডিএফ আৰু চিপিআই(এম) দলৰ বিধায়কসকলে সমৰ্থন কৰে। বিধানসভাৰ অধ্যক্ষই ভোটৰ বাবে সন্মতি প্রকাশ কৰে আৰু দহ মিনিট সময়ৰ বাবে সদন স্থগিত ঘোষণা কৰে। কিন্তু দহ মিনিট যোৱাৰ পাছতো ভোটদান পৰ্ব সমাপন নহ’ল। আধা ঘণ্টাতকৈ অধিক সময় সদনৰ কাম-কাজ স্তব্ধ হৈ পৰে। সদনত এক অচলাৱস্থাৰ সৃষ্টি হয়। সৃষ্টি হয় এক ৰোমাঞ্চকৰ আৰু উত্তেজিত পৰিৱেশ। বিৰোধী কংগ্ৰেছ দল আৰু এআইইউডিএফে হুইপ জাৰি কৰি সকলো বিধায়ককে এই সংকল্প প্রস্তাৱৰ সপক্ষে ভোট দান কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে চৰকাৰী পক্ষত সেই সময়ত সামান্য সংখ্যক বিধায়কহে উপস্থিত আছিল। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে তৎপৰতা প্রদর্শন কৰি সকলো বিধায়ককে বিধানসভালৈ নিমন্ত্ৰণ কৰাত ব্যস্ত হৈ পৰে। বিজেপি, অগপ, ইউপিপিএল আৰু বিপিএফ দলৰ বিধায়কসকলৰ লগত বাৰম্বাৰ সভা অনুষ্ঠিত কৰে। মুঠতে বিধানসভাত এক যুদ্ধসদৃশ তৎপৰতাৰ সৃষ্টি হয়। অৱশেষত বিধানসভাত বেলট ভোট অনুষ্ঠিত হ’ব বুলি অধ্যক্ষই ঘোষণা কৰে আৰু বেলটসমূহ বিধায়কসকলৰ হাতত প্রদান কৰে। ভোট অনুষ্ঠিত হয়।  ফলাফল হ’ল বিৰোধী ৩০, শাসকীয় পক্ষ ৩৯। যেনেতেনেহে আজি চৰকাৰখনে সংকল্প প্রস্তাৱৰ বিপক্ষে জয়ী হ’বলৈ সক্ষম হয়। 

যদিহে আজিৰ ভোট দানত বিৰোধী পক্ষ জয়ী হ’লহেতেঁন তেন্তে হিমন্ত বিশ্ব নেতৃত্বাধীন  চৰকাৰখনে সংসদীয় নিয়ম অনুসৰি আস্থা ভোটৰ সন্মুখীন হ’বলগীয়া হ’লহেতেন ৷ সংকল্প প্রস্তাবৰ ওপৰত ভোটদানৰ পাছত বিধায়ক অখিল গগৈয়ে বিৰোধী দলসমূহক ভূয়সী প্রশংসা কৰে। সংবাদ মাধ্যমৰ সন্মুখত  তেওঁ কংগ্ৰেছ, এআইইউডিএফ আৰু চিপিআই(এম) দলক কৃতজ্ঞতা জ্ঞাপন কৰে। 

বিজেপি দলক অখিল গগৈয়ে কঠোৰভাৱে সমালোচনা কৰে। তেওঁ কয়- পথাৰো আমাৰ বজাৰো আমাৰ বুলি চিঞৰি থকা বিজেপি আৰু মিত্ৰজোঁটৰ বিধায়কসকলে অসমক বাৰ মাহে খেতি কৰা ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বিৰুদ্ধে ভোটদান কৰি বিজেপিৰ প্রকৃত চৰিত্ৰ উন্মুক্ত কৰি দিয়ে। তেওঁলোক উন্নয়নৰ পক্ষত নহয়, চৰকাৰ কৃষকৰ পক্ষত নহয়।

লগতে গগৈয়ে কয় – বিজেপি আৰু মিত্ৰদলে কেৱল হিতাধিকাৰী তৈয়াৰ কৰাৰহে পক্ষপাতি। অসমীয়া মানুহক আত্মনিৰ্ভৰশীল হ’বলৈ আৰু ৰাজ্যখনক উন্নতিৰ শিখৰলৈ লৈ যাবলৈ বিজেপি ৰাজী নহয়। বিজেপিয়ে অসমীয়া জাতিক পেচাদাৰি জাতি হিচাপে নিবিচাৰে, বিচাৰে হিতাধিকাৰী জাতি হিচাপে ৷ সেয়েহে এই বিজেপিক আমি উচিত শিক্ষা দিব লাগিব। 

বিধায়ক অখিল গগৈয়ে কয় যে আজি তেওঁৰ বিধায়ক জীৱনৰ আটাইতকৈ স্মৰণীয় দিন।

“গোটেই জীৱন কৃষক আন্দোলনৰ বাবে উছৰ্গা কৰি আজি বিধানসভাত বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিবলৈ সংকল্স প্রস্তাৱ উত্থাপন কৰিবলৈ পোৱাটো মোৰ জীৱনৰ স্মৰণীয় ঘটনা ৷ কৃষকৰ আৰু জাতিৰ স্বাৰ্থত হকে সংকল্প প্রস্তাৱ উতথথাপন কৰি জনগণ বিৰোধী বিজেপি চৰকাৰক থৰহৰি কম্পমান কৰিব পৰাটো মোৰ জীৱনৰ এটা শ্ৰেষ্ঠ দিন ৷ মোৰ সংকল্প প্রস্তাৱত অসমৰ সকলো বিৰোধী এঁক্যৱদ্ধ হোৱাটোও এটা তাৎপৰ্যপূৰ্ণ দিশ।” – অখিল গগৈয়ে কয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd