• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১কোটি টকাৰ আৰ্থিক সাহায্য প্ৰত্যাখ্যান হাৰিয়ানাত নিহত কৃষকৰ পৰিয়ালৰ; লাগে মাথোঁ ‘ন্যায়’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 24, 2024 10:11 am
নিহত যুৱ কৃষক শুভকিৰণ সিং। ফাইল ফটোঃ সংগ্ৰহীত।

নিহত যুৱ কৃষক শুভকিৰণ সিং। ফাইল ফটোঃ সংগ্ৰহীত।

544
VIEWS
Share on FacebookShare on Twitter

কৃষক আন্দোলনৰ ফলত বলি হ’ল এক সম্ভাৱনাময় জীৱন। হাৰিয়ানা আৰক্ষী আৰু পঞ্জাৱৰ কৃষকৰ মাজত সংঘৰ্ষত প্ৰাণ হেৰুৱালে ২১ বছৰীয়া শুভকৰণ সিঙে। যুৱকজনৰ মৃত্যুত শোক প্ৰকাশ কৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এক কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে। কিন্তু মৃতকৰ পৰিয়ালে আৰ্থিক সাহায্য নিবিচাৰে বুলি স্পষ্ট কৰি দিছে। তেওঁলোকে কয় যে `আমি মাত্ৰ ন্যায় বিচাৰো’।

এই ঘটনাত সৰৱ হৈ পৰিছে ‘দিল্লী চলো’ অভিযানৰ লগত জড়িত সকলো কৃষক। এই অভিযানৰ মুৰব্বীগৰাকীয়ে কয় যে যেতিয়ালৈকে পঞ্জাৱ প্ৰশাসনে অভিযুক্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে বা এই ঘটনাত লিখিত অভিযোগ দাখিল নকৰে তেতিয়ালৈকে শুভকিৰণৰ শেষকৃত্য সম্পন্ন কৰা নহ’ব। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবেও মুকলি কৰি দিয়া নহ’ব।

লগতে পঢ়কঃ কেন্দ্ৰীয় এজেঞ্চিৰ অভিযানৰ পিছতে বিজেপিক অনুদান দিছে ৩০টা সংস্থাই! কংগ্ৰেছে বিচাৰিছে তদন্ত

কিন্তু তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাটো জৰুৰী। কিন্তু কৃষক আৰু শুভকিৰণৰ পৰিয়ালে এতিয়াও পঞ্জাৱ চৰকাৰৰ পৰা ন্যায়ৰ দাবীত সৰৱ হৈ আছে। মৃতকৰ পৰিয়ালৰ এজন সদস্যই কয়, ‘আমি আমাৰ পুত্ৰৰ ন্যায় বিচাৰো। যিটো টকা বা চাকৰিৰ সমতুল্য নহয়।”

যোৱা বুধবাৰে পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ খানৌৰীত বাথিন্দা নিবাসী শুভকিৰনে প্ৰাণ হেৰুৱাইছিল। পাটিয়ালাৰ ৰাজিন্দ্ৰ চিকিৎসালয়ৰ চিকিৎসা অধীক্ষকে তেওঁৰ মূৰত আঘাত থকা বুলি জানিবলৈ দিছিল। শুভকিৰণৰ কাষত থিয় হৈ সৰৱ কৃষকৰ মুৰব্বী সাৰোৱন সিং পান্ধাৰ।

তেওঁ কয়, “আৰ্থিক সাহায্য কোনো ডাঙৰ বিষয় নহয়। আমি পৰিয়ালক জনাইছো দুদিন হওক বা ১০ দিন হওক, আমি প্ৰথমে এই গোচৰত এফআইআৰ দাখিল কৰিব লাগিব। তেতিয়াহে তেওঁৰ শেষকৃত্য কৰিবলৈ দিয়া হ’ব।”

লগতে পঢ়কঃ ‘মই কোনো মালালা নহয়, মই মোৰ ভাৰতত নিৰাপদ আৰু স্বাধীন’; ভাইৰেল কাশ্মীৰী কন্যা ইয়ানাৰ ভাষণ

ইয়াৰ উপৰিও শুভকিৰণক ‘শ্বহীদ’ আখ্যা দিয়াৰ দাবীও উত্থাপন হৈছে। কৃষক নেতাৰ বিস্ফোৰক অভিযোগ অনুসৰি আৰ্থিক সাহায্যৰে বিষয়টো সমাপ্ত কৰিবলৈ শুভকিৰণৰ পৰিয়ালক হেঁচা প্ৰয়োগ কৰা হৈছে। কিন্তু মৃতকৰ পৰিয়াল আৰু ক্ষতিগ্ৰস্ত কৃষকসকলে ইমান সহজে হাৰ মানিবলৈ অনিচ্ছুক। এতিয়া এই ঘটনাত পঞ্জাৱ চৰকাৰে কি পদক্ষেপ লয় সেয়া লক্ষ্যণীয়। 

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd