• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি চিলাৰায় দিৱস: ৰাজ্যৰ বিভিন্ন স্থানত মহাবীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে অসমবাসীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2024 12:14 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

অসম বুৰঞ্জীৰ এগৰাকী মহানায়ক তথা মহাবীৰ চিলাৰায়ৰ আজি ৫১৪ সংখ্যক জন্ম জয়ন্তী। এই উপলক্ষে আজি ৰাজ্যখনৰ বিভিন্ন ঠাইত মহাবীৰগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিবলৈ বৰ্ণাঢ্য কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে।

অতীতৰ কোচ ৰাজ্যৰ সেনাপতি তথা কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় এগৰাকী সুদক্ষ যোদ্ধা আছিল। তেওঁ কেইবাখনো ডাঙৰ ৰণত জয় লাভ কৰি কোচ ৰাজ্যৰ পৰিসীমা বৃদ্ধি কৰিছিল। তেওঁৰ নেতৃতত্বতে কোচসকলে শক্তিশালী আহোম সেনাকো পৰাভূত কৰিছিল।

চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষোল্লশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক চিলাৰায় দেৱানো বুলিও কোৱা হৈছিল। 

চিলাৰায়ে পণ্ডিতসকলক বিশেষ আদৰ কৰিছিল। চিলাৰায়ৰ সহায়তেই শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিলাৰায় শিৱ ভক্ত আছিল যদিও পিছত শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্মত আকৰ্ষিত হয়। শংকৰদেৱৰ গুণ-গৰিমাত চিলাৰায় মোহিত হৈ সপৰিবাৰে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে।

উল্লেখ্য যে কামাখ্য মন্দিৰৰ সৈতেও কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ স্মৃতি বিজড়িত হৈ আছে। কোচ ৰজা নৰনাৰায়ণেই ভগ্ন অৱস্থাত থকা কামাখ্য মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল।

বর্তমান এই বীৰজনাক শ্ৰদ্ধা জনাই বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়। বীৰ চিলাৰায়ৰ স্মৰণত, ২০০৫ চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্ম দিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। 

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd