• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাৰে বাৰে পেৰ’লত মুকলি; ৰাম ৰহিমক পুনৰ জেললৈ ঘূৰাই পঠিওৱাৰ নিৰ্দেশ ক্ষুব্ধ উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 1, 2024 9:29 am
বাৰে বাৰে পেৰ’লত মুকলি; ৰাম ৰহিমক পুনৰ জেললৈ ঘূৰাই পঠিওৱাৰ নিৰ্দেশ ক্ষুব্ধ উচ্চ ন্যায়ালয়ৰ

গুৰমীত ৰাম ৰহিম। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদালতে নিৰ্দেশ নিদিয়ালৈকে গুৰমীত ৰাম ৰহিম সিঙক পেৰ’লত মুকলি কৰি দিব নোৱাৰিব। অহা ১০ দিনৰ ভিতৰত তেওঁ আত্মসমৰ্পণ কৰিব লাগিব। মুঠতে ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত স্বঘোষিত ধৰ্ম গুৰুজনে ডাঙৰ আঘাত পালে। উল্লেখ্য যে যোৱা মাহত তেওঁক ৫০ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হৈছিল।

ৰাম ৰহিমক ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। হাৰিয়ানাৰ পঞ্চকুলা আদালতে ডেৰা চাচাৰ দুগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

এই ঘটনা পোহৰলৈ অনা এজন সাংবাদিকো হত্যাৰ বলি হব লগা হৈছিল। এই হত্যাকাণ্ডত আন তিনিজনৰ সৈতে ৰাম ৰহিমকো দোষী সাব্যস্ত কৰা হৈছে। লগতে ডেৰাৰ মেনেজাৰক হত্যা কৰাৰ অভিযোগতো দোষী সাব্যস্ত কৰা হৈছে তেওঁক।

লগতে পঢ়কঃ বাংলাদেশৰ ৰাজধানী ঢাকাৰ শ্বপিং মলত ভয়াৱহ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ ৪৪ জনৰ মৃত্যু

কিন্তু ধৰ্ষণত দোষী সাব্যস্ত হোৱা ধৰ্মগুৰুৱে কাৰাবাসৰ বেছিভাগ সময় কাৰাগাৰৰ বাহিৰত কটায়। ১৯ জানুৱাৰীত হাৰিয়ানা চৰকাৰে তেওঁক ৫০ দিনৰ পেৰ’ল প্ৰদান কৰে। ইয়াৰ পূৰ্বেও কেইবাবাৰো তেওঁক অধিক দীঘলীয়া সময়ৰ বাবে পেৰ’ল দিয়া হৈছে। যোৱা ১০ মাহত ৭ বাৰ পেৰ’লত মুকলি কৰি দিয়া হৈছে।

ৰাম ৰহিমে কিয় বাৰে বাৰে পেৰ’লত জেলৰ পৰা ওলাই আহিছে সেই সন্দৰ্ভত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হয়। তাৰ আধাৰত আদালতে এই নিৰ্দেশ দিছে।

১০ মাৰ্চৰ ভিতৰত ৰাম ৰহিমে আত্মসমৰ্পণ কৰিব লাগিব বুলি আদালতে হাৰিয়ানা চৰকাৰক স্পষ্ট কৰি দিছে। আগন্তুক দিনত যদি ৰাম ৰহিমক পেৰ’লত মুকলি কৰি দিয়া হয় তেন্তে হাৰিয়ানা চৰকাৰে প্ৰথমে আদালতৰ পৰা অনুমতি ল’ব লাগিব। কেৱল এয়াই নহয়, ধৰ্ষণৰ অভিযুক্তক কেনেদৰে পেৰ’ল দিয়া হয় সেই সন্দৰ্ভতো আদালতে হাৰিয়ানা চৰকাৰৰ পৰা বিতং তথ্য বিচাৰিছে।

লগতে পঢ়কঃ যোগী ৰাজ্যত চাঞ্চল্যকৰ কাণ্ডঃ উদ্ধাৰ দুই কিশোৰীৰ মৃতদেহ, ধৰ্ষণৰ সন্দেহ

উল্লেখ্য যে সাধাৰণতে নিৰ্বাচনৰ পূৰ্বে ৰাম ৰহিমক মুকলি কৰি দিয়া হয়। অৱশ্যে আদালতৰ নিৰ্দেশ অনুসৰি অহা ১০ দিনৰ ভিতৰত তেওঁ পুনৰ জেললৈ যাব লাগিব। লোকসভা নিৰ্বাচনৰ পূৰ্বেই তেওঁ পুনৰ জেলৰ কুঠৰীত সোমাব লাগিব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

August 20, 2025 8:07 am
ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am
গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

August 20, 2025 8:07 am
ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd