“আৰক্ষী শিক্ষিত হ’ব লাগিব। বাক আৰু মত প্ৰকাশৰ স্বাধীনতা কি সেয়া আৰক্ষীক শিকাব লাগে। চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰাটো অপৰাধ নহয়, সেই কথা আৰক্ষীয়ে বুজিব লাগে। যদি আৰক্ষীয়ে তেনেকৈ ভাবে তেন্তে গণতন্ত্ৰ স্থায়ী নহ’ব। সংবিধানে দেশৰ নাগৰিকক দিয়া বাক স্বাধীনতাৰ প্ৰতি আৰক্ষী সংবেদনশীল হ’ব লাগে।” – এটা গোচৰৰ শুনানিত এই ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।
মহাৰাষ্ট্ৰৰ কলহাপুৰ কলেজত কৰ্মৰত কাশ্মীৰী অধ্যাপক জাভেদ আহমেদ হাজমে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল বিৰোধিতা কৰি হোৱাটছএপত এক বাৰ্তা প্ৰেৰণ কৰিছিল। উক্ত বাৰ্তাটোত ৫ আগষ্ট দিনটোক ‘জম্মু-কাশ্মীৰৰ বাবে কলা দিৱস’ বুলি অভিহিত কৰিছিল। লগতে অধ্যাপকগৰাকীয়ে ১৪ আগষ্টত পাকিস্তানক স্বাধীনতা দিৱস উপলক্ষে অভিনন্দন জনাইছিল। এনে পৰিপ্ৰেক্ষিতত কাশ্মীৰী অধ্যাপকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। সেই গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে আৰক্ষী আৰু চৰকাৰক গৰিহণা দিয়ে।
ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ এখন বিচাৰপীঠে কয়, ‘ভাৰতীয় সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদত, বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ ব্যৱস্থা আছে। গতিকে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ বা চৰকাৰৰ প্ৰতিটো সিদ্ধান্তক সমালোচনা কৰাৰ অধিকাৰ প্ৰতিজন নাগৰিকৰ আছে। চৰকাৰৰ যিকোনো সিদ্ধান্তত অসন্তুষ্ট বুলি কোৱাৰ অধিকাৰ তেওঁৰ আছে। সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ অধীনত বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ আৰু সেই অধিকাৰৰ ওপৰত নিৰ্ধাৰিত যুক্তিসংগত সীমাৰ বিষয়ে আমাৰ আৰক্ষী সকলক জ্ঞান দিয়াৰ সময় আহি পৰিছে। আমাৰ সংবিধানত সন্নিৱিষ্ট গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি তেওঁলোকক সংবেদনশীল কৰা উচিত।”
আদালতে কয় যে ৫ আগষ্টক ‘কলা দিৱাস’ বুলি কোৱাটো ‘প্ৰতিবাদ আৰু যন্ত্ৰণাৰ প্ৰকাশ’। পাকিস্তানৰ জনসাধাৰণক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাতো ভাল কাম। ইয়াৰ দ্বাৰা বিভিন্ন ধৰ্মীয় গোটৰ মাজত শত্ৰুতা, ঘৃণা বা ক্ষোভৰ অনুভূতি সৃষ্টি হ’ব বুলি ক’ব নোৱাৰি।
আৰক্ষী আৰু চৰকাৰক সমালোচনা কৰাৰ উপৰিও উচ্চতম ন্যায়ালয়ে এনে মন্তব্যকাৰীক সতৰ্কবাণীও জাৰি কৰে। আদালতে কয় যে, “গণতান্ত্ৰিক ব্যৱস্থাত অনুমোদিত পদ্ধতিৰ চাৰিখন দেৱালৰ ভিতৰত বিৰোধীসকল থাকিব লাগিব, আৰু ইয়াৰ বাহিৰত একো কৰিব নালাগে।”