• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্ণাটকৰ নিৰ্বাচন : পতা নহ’ল বিজয় উৎসৱ; সাজু কৰি ৰখা মিঠাই নিজৰ মাজতে ভগাই খালে অসম বিজেপিৰ কৰ্মকৰ্তাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 15, 2018 8:38 pm
ৰূপম গোস্বামী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকত দলে চৰকাৰ গঠনৰ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা পাব বুলি প্ৰাথমিক ৰেঙনি দেখিয়েই আজি বিজয় উৎসৱ পাতিবলৈ সাজু হৈ উঠিছিল অসম বিজেপি। আজি হেঙেৰাবাৰীৰ কাৰ্য্যালয়ত ৰাজ্যিক বিজেপিৰ নেতৃত্বই বিজয় উৎসৱ পাতিবলৈ মিঠাই আদি যোগাৰ কৰি তাৰ বাতৰি সংগ্ৰহৰ বাবে সংবাদ মাধ্যমৰ লোককো নিমন্ত্ৰণ জনাইছিল। কিন্তু মূৰকত প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা আহৰণত বিজেপিৰ ব্যৰ্থতা আৰু কংগ্ৰেছ-জনতা দল (এছ)-ৰ চৰকাৰ গঠন নিশ্চিত হোৱাত ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাৰ বিজয় উল্লাস ম্লান পৰে আৰু তাৰ বাবে অনা মিঠাই নিজৰ মাজতে ভগাই খায়।

উল্লেখযোগ্য যে কৰ্ণাটকৰ আজি ঘোষিত বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত বিজেপি একক সংখ্যাগৰিষ্ঠ দলত পৰিণত হয় যদিও চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১১২খন আসন তেওঁলোকে নোপোৱাত চৰকাৰ গঠনৰ অনিশ্চয়তাত পৰে। বিজেপিয়ে ২২২ খন আসনৰ ১০৪খন পোৱাৰ বিপৰীতে শাসনাধিষ্ঠিত কংগ্ৰেছে পায় ৭৮খন আসন। আনহাতে প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ্ছ ডি দেৱেগৌড়াৰ দল জনতা দল ছেকুলাৰে পায় ৩৮খন।

শাসনত থকা কংগ্ৰেছে তৎকালীন সিদ্ধান্তৰে জনতা দল (এছ)ৰ সৈতে নিৰ্বাচনী-উত্তৰ মিত্ৰতাৰ প্ৰস্তাৱ আগ বঢ়ায় আৰু জনতা দলৰ অধ্যক্ষ দেৱেগৌড়াৰ পুত্ৰ এইচ্ছ ডি কুমাৰস্বামীক মুখ্য মন্ত্ৰীৰ পদ এৰি দিয়ে। কংগ্ৰেছে ইয়াক গোৱা আৰু মণিপুৰত বিজেপিয়ে দাঙি ধৰা নিদৰ্শনৰ অনুকৰণ বুলি কয়। মন কৰিব লগীয়া যে গোৱা আৰু মণিপুৰৰ লগতে মেঘালয়তো কংগ্ৰেছ একক সংখ্যাগৰিষ্ঠ দল হোৱা সত্ত্বেও বিজেপিৰ নিৰ্বাচনী-উত্তৰ মিত্ৰতাৰ কৌশলত চৰকাৰ গঠনৰ পৰা বিৰত থাকিব লগীয়া হৈছিল।

অৱশ্যে কৰ্ণাটকৰ নিৰ্বাচনৰ পৰৱৰ্তী ৰাজনৈতিক প্ৰেক্ষাপট সম্পূৰ্ণ স্পষ্ট হ’বলৈ এতিয়াও বাকী। কংগ্ৰেছ আৰু জে ডি (এছ)ৰ মাজত নিৰ্বাচনোত্তৰ মিত্ৰতা হ’লেও ৰাজ্যপালৰ ভূমিকা গুৰুত্বপূৰ্ণ। ৰাজ্যপালে বৃহত্তম সংখ্যাগৰিষ্ঠতা পোৱা দল বিজেপিক নে নিৰ্বাচনোত্তৰ বৃহত্তম মৰ্চাটোক (এই ক্ষেত্ৰত কংগ্ৰেছ-জে ডি (এছ)) চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায় সেয়া লক্ষণীয় হ’ব। কাৰণ গোৱা-মণিপুৰ-মেঘালয়ত ৰাজ্যপালে নিৰ্বাচনোত্তৰ মৰ্চাকহে চৰকাৰ গঠনৰ প্ৰথম সুযোগ দিছিল, যদিও ওলমা বিধানসভাৰ ক্ষেত্ৰত বৃহত্তম সংখ্যাগৰিষ্ঠ দলটোকহে চৰকাৰ গঠন কৰিবলৈ বা সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ প্ৰথম আমন্ত্ৰণ জনোৱা নিয়ম। অৱশ্যে এনে পৰিস্থিতিত ৰাজ্যপালৰ সিদ্ধান্ত সম্পৰ্কত সংবিধানত স্পষ্টকৈ উল্লেখ নথকাটো ৰাজ্যৰ সাংবিধানিক মুৰব্বীজনৰ স্বাধীনতা জ্ঞান কৰিব পাৰি। কৰ্ণাটকৰ ক্ষেত্ৰত ৰাজ্যপাল ভাজুভাই ৱলাই কেনেদৰে এই স্বাধীনতাক ব্যৱহাৰ কৰে সেয়া মন কৰিব লগীয়া হ’ব।

কৰ্ণাটকত চৰকাৰ গঠনৰ সম্ভাৱনা দেখি বিজয় উৎসৱ পাতিবলৈ দলৰ কাৰ্য্যালয়লৈ অহা ৰাজ্যিক বিজেপিৰ নেতৃবৰ্গ।

আনহাতে কৰ্ণাটকত চৰকাৰ গঠনত দল ব্যৰ্থতাৰ বিষয়ে সাংবাদিকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়, ‘’বিজেপিৰ বাবে এই ফলাফল আশানুৰূপ বুলি এইবাবেই ক’ব পাৰি যে কৰ্ণাটকত পূৰ্বে বিজেপিয়ে ইমান সংখ্যক আসন লাভ কৰিব পৰা নাছিল। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰীয় সভাপতি অমৃত শ্বাহৰ প্ৰচেষ্টাত সমগ্ৰ দক্ষিণ ভাৰতত এক সুগম যাত্ৰা আৰম্ভ কৰিম বুলি ভাবিছো।‘’

“বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি আছে। যিহেতু জে ডি এছ আৰু কংগ্ৰেছৰ প্ৰাক নিৰ্বাচনী  মিত্ৰতা নাছিল। গতিকে বিজেপিক কৰ্ণাটকৰ ৰাজ্যপালে আমন্ত্ৰণ জনাই চৰকাৰ গঠনৰ সুযোগ দিব লাগে। আমি ৰাজ্যপালৰ সিদ্ধান্তৰ বাবে আশাৰে বাট চাই ৰৈছো।‘’ এনেদৰে সভাপতি দাসে কয়।

কিন্তু, তাৎপৰ্য্যপূৰ্ণভাৱে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে তাৰ পিছতে আৰু কিছু সংখ্যক আসন লাভ কৰাহেঁতেন চৰকাৰ গঠন কৰিব পাৰিলেহেঁতেন বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে। লগতে তেওঁ কয় ‘’জে ডি এছ আৰু কংগ্ৰেছৰ মাজত মিত্ৰজোঁট হৈ চৰকাৰ গঠন হ’লে কৰ্ণাটকৰ ৰাইজ হতাশাত ভুগিব। কৰ্ণাটকৰ জনসাধাৰণৰ আশা-আকাংক্ষাৰ বিপৰীতে চৰকাৰ থাকিলে সেই চৰকাৰ কেতিয়াও ফলপ্ৰসূ হ’ব নোৱাৰিব।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd