• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

ভাৰতৰ কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই খবৰ নিশ্চিত কৰি কয় যে বিস্ফোৰণৰ বাবে টেংকাৰখনৰ ইঞ্জিন ৰুমত জুই লাগিছিল যদিও ভাৰতীয় নাৱিকসকল ৰক্ষা পৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2026 10:23 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৰমুজত এক ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে। এইবাৰ সম্পূৰ্ণ নতুন ধৰণেৰে। ড্ৰোন আক্ৰমণ আৰু মিছাইল আক্ৰমণৰ পিছত এইবাৰ ব্যৱহাৰ কৰা হৈছে লিম্পেট মাইন। আমেৰিকা-ইৰাণৰ সংঘাত আৰম্ভ হোৱাৰ পৰাই হৰমুজ জলদ্বীপ অশান্ত হৈ পৰিছে। এই জলপথত ইখনৰ পিছত সিখন জাহাজক আক্ৰমণ কৰা হৈছে। আকৌ এবাৰ এই হৰমুজত এনে এক ঘটনা সংঘটিত হৈছে।

শুকুৰবাৰে (৩০ অক্টোবৰ) পানামাৰ পতাকা উৰুৱাই অহা এখন টেংকাৰ হৰমুজৰ মাজেৰে পাৰ হৈ গৈছিল। সেই সময়ত লিম্পেট মাইন এটাই এম টি লুইছ ১ত আঘাত কৰে। টেংকাৰখনত ২৭ জন ভাৰতীয় নাৱিক আছিল।

বাতৰি মতে, আমেৰিকা-ইৰাণৰ সংঘাত আৰম্ভ হোৱাৰ পিছত এইটোৱেই প্ৰথমবাৰৰ বাবে জাহাজত লিম্পেট মাইন ব্যৱহাৰ কৰা হৈছে। আগতে এনে চেষ্টা কৰা হৈছিল যদিও বিস্ফোৰকটোৰ বিস্ফোৰণ হোৱা নাছিল।

Apply Now

ভাৰতৰ কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই খবৰ নিশ্চিত কৰি কয় যে বিস্ফোৰণৰ বাবে টেংকাৰখনৰ ইঞ্জিন ৰুমত জুই লাগিছিল যদিও ভাৰতীয় নাৱিকসকল ৰক্ষা পৰে।

লিম্পেট মাইন হৈছে এক প্ৰকাৰৰ বিস্ফোৰক, যিটো সাধাৰণতে জাহাজত চুম্বক বা আন কোনো পদ্ধতিৰে সংলগ্ন কৰা হয়। এই ধৰণৰ মাইন ব্যৱহাৰ কৰি জাহাজৰ ইঞ্জিনৰ কাষত বিস্ফোৰণ ঘটাই তাক ক্ষতিগ্ৰস্ত কৰা হয়।

এনে আক্ৰমণে সাগৰত চলি থকা বাণিজ্যিক জাহাজৰ বাবে এক বৃহৎ নিৰাপত্তাজনিত বিপদৰ ইংগিত দিয়ে। বাণিজ্যিক দৃষ্টিকোণৰ পৰা হৰমুজ জলদ্বীপ যথেষ্ট গুৰুত্বপূৰ্ণ। হৰমুজ জলদ্বীপ বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহণ পথ। এই জলপথৰ জৰিয়তে বৃহৎ পৰিমাণৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ বিশ্বৰ বিভিন্ন দেশলৈ যায়। ফলত ইয়াত সামৰিক সংঘাত বা বাণিজ্যিক জাহাজত আক্ৰমণৰ প্ৰভাৱ সমগ্ৰ বিশ্বৰ বাবে আতংকৰ খবৰ। ইয়াৰ প্ৰভাৱে আন্তঃৰাষ্ট্ৰীয় শক্তি বজাৰ আৰু সামগ্ৰী পৰিবহণত প্ৰভাৱ পেলাব পাৰে।

এটা সময়ত দুয়োখন দেশৰ সংঘাতৰ বাবে হৰমুজৰ মাজেৰে যাতায়ত বহুদিন বন্ধ হৈ আছিল। এতিয়া বিভিন্ন দেশৰ টেংকাৰ এই গুৰুত্বপূৰ্ণ জলপথৰ মাজেৰে চলাচল কৰিছে আৰু নাৱিকসকলে নিজৰ জীৱন বিপন্ন কৰি এই পথটো পাৰ হৈ গৈছে।

এম টি লুইছ ১ বিমানত হোৱা আক্ৰমণে হৰমুজ জলদ্বীপত বাণিজ্যিক জাহাজৰ সুৰক্ষাক লৈ নতুন প্ৰশ্নৰ উত্থাপন কৰিছে। অৱশ্যে এই আক্ৰমণৰ আঁৰত কোন আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু জনা গৈছে যে ব্যৱসায়িক জাহাজখনত এখন সৰু নাৱে মাইন লগাই দ্ৰুতগতিত আঁতৰি যায়। আৰু তাৰপিছতে লিম্পেট মাইনটো বিস্ফোৰণ ঘটে আৰু জাহাজৰ ইঞ্জিনত জুই লাগে।

⚠️ IMPORTANT UPDATE ⚠️

On Oct 29, Liberia-flagged VLCC MT ARZANAH, carrying 2 Indian nationals, and on Oct 30, Panama-flagged crude oil tanker MT LOUISE 1, carrying 27 Indian seafarers, were targeted in projectile attacks in the Strait of Hormuz.

All 29 Indian seafarers across both vessels are completely safe with no injuries.

We are continuously monitoring the situations & coordinating with the ship management companies to ensure the ongoing security and wellbeing of our crew.

— Sarbananda Sonowal (@sarbanandsonwal) October 30, 2026

সৌভাগ্যক্ৰমে জাহাজখনত থকা কোনোৱেই প্ৰাণ হেৰুৱাব লগা নহ’ল। ইয়াৰ পূৰ্বেও হৰমুজত কেইবাখনো জাহাজ আক্ৰমণ কৰা হৈছে। অৱশ্যে লিম্পেট মাইন ব্যৱহাৰ কৰি আক্ৰমণৰ বিষয়টোৱে উদ্বেগ বৃদ্ধি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am
এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

October 31, 2026 10:23 am
“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

October 31, 2026 9:46 am
হ্ৰাস পালে বিদেশী নিৰ্ভৰতা! ভাৰতৰ নতুন নেভিগেচন চেটেলাইট NVS-03 মহাকাশলৈ উৎক্ষেপণ

হ্ৰাস পালে বিদেশী নিৰ্ভৰতা! ভাৰতৰ নতুন নেভিগেচন চেটেলাইট NVS-03 মহাকাশলৈ উৎক্ষেপণ

October 31, 2026 9:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am
এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

October 31, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd