• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কা’ সন্দৰ্ভত বিপৰীতমুখী বক্তব্য মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিৰ

বিভ্ৰান্তিকৰ বক্তব্য পৰিহাৰ কৰিবলৈ চৰকাৰক আপৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2024 5:23 pm
CAA
157
VIEWS
Share on FacebookShare on Twitter

অসমৰ জনসাধাৰণৰ প্ৰৱল প্ৰতিবাদকো অগ্ৰাহ্য কৰি অৱশেষত চৰকাৰে দেশজুৰি ‘কা’ বলবৎ কৰাৰ পাছত আম আদমী পাৰ্টিয়ে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে আপৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এটি ভিডিঅ বাৰ্তাত আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই ‘কা’ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰদেশ বিজেপিৰ সভাপতিৰ বিপৰীতমুখী ভাষ্যৰ তীব্ৰ সমালোচনা কৰে।

ডেকাৰজাই কয়, “দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এন আৰ চিত নাম নথকা কোনো লোকে কাৰ জৰিয়তে নাগৰিকত্ব নাপায়। আনহাতে অসমত ‘কা’ বলবৎ হলেও ২০ /২৫ লাখ লোকে যদি নাগৰিকত্ব পায় তেন্তে তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব।”

মুখ্যমন্ত্ৰীৰ এনে ঘোষণাৰ এদিন পিছতে প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাই’ কা’ ৰ জৰিয়তে অসমত নতুনকৈ কমেও ২০ লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰ আৰু শাসকীয় দলৰ মুৰব্বীৰ এনে পৰস্পৰ বিৰোধী বক্তব্যৰ আম আদমী পাৰ্টিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

আনহাতে, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ‘কা’ সন্দৰ্ভত কৰা বক্তব্যৰ বিৰুদ্ধেও সৰৱ হয় আপৰ মুখপাত্ৰ গৰাকী। গৃহমন্ত্ৰী শ্বাহৰ মতে দেশত কা বলবৎ হোৱাৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ অহা ২ কোটি লোকে নাগৰিকত্ব লাভ কৰিব। এনে ধৰণৰ বক্তব্যই অসমবাসীক ভীতিগ্ৰস্ত কৰিছে।

কা বলবৎ হোৱাৰ ফলত অসমীয়া জাতি, ভাষা তথা সংস্কৃতি সংকটৰ সন্মুখীন হ’ব। এই সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমেল যোগে চৰকাৰক সকীয়াই দিছে। অসমীয়া ভাষা আৰু সংস্কৃতিৰ সংকটৰ প্ৰসংগ উল্লেখ কৰি আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে’ কা’ ৰ বিৰোধিতা কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ এই সময়োপযোগী পদক্ষেপৰ বাবে আম আদমী পাৰ্টিৰ ৰাজ্যিক সমিতিয়ে ধন্যবাদ জ্ঞাপন কৰে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd