• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনৰ বাবে আপৰ  গেৰাণ্টি কাৰ্ড ঘোষণা ; কি আছে আপৰ ১৪ টা গেৰান্টিত?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 23, 2024 5:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ত মুকলি হ’ল আপৰ গেৰাণ্টি কাৰ্ড ।  শণিবাৰে ডিব্ৰুগড়ৰ হোটেল পুষ্কৰ সৰোবৰ প’ৰ্টিকোত আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা দিল্লীৰ বিধায়ক দিলীপ পাণ্ডেই মুকলি কৰে অসমৰ বাবে দলৰ লোকসভা নিৰ্বাচনৰ গেৰাণ্টি কাৰ্ড। 

আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, উত্তৰ পূৱ ভাৰতৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে মনোজ ধানোৱাৰ, ঋষিৰাজ কৌণ্ডিন্য, দলৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজা তথা অন্যান্য নেতৃবৃন্দৰ উপস্থিতিত ঘোষণা কৰে দলৰ গেৰাণ্টি কাৰ্ড। দলৰ এই গেৰাণ্টি কাৰ্ডত তলত উল্লেখ কৰা বিষয় সমূহ এনেদৰে উল্লেখ কৰা হৈছে।         

Apply Now

আপে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে অসমৰ ৰাইজৰ প্ৰতি নিম্নোক্ত প্ৰতিশ্ৰুতিসমূহ প্ৰদান কৰিছে –

শিক্ষা:

(১) ধনী বা দুখীয়া প্ৰতিগৰাকী শিশুকে বিশ্বমানৰ শিক্ষা প্ৰদান কৰিহে আমাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰা যাব। অসমৰ বিজেপি চৰকাৰে ৮০০০খন বিদ্যালয় বন্ধ কৰি দিছে যাৰ বাবে ৭ লাখ শিশুৱে চৰকাৰী বিদ্যালয় এৰিছে। সেইদৰে শীঘ্ৰে ৭০খনতকৈও অধিক চৰকাৰী মহাবিদ্যালয় বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে। অসমৰ শিক্ষা ব্যৱস্থাৰ এনেধৰণৰ অৱনতি আপে বন্ধ কৰিব। দিল্লী আৰু পঞ্জাবৰ দৰে আপে অসমত বিনামূলীয়া আৰু বিশ্বমানৰ চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় স্থাপন কৰিব।

(২) অসমৰ সামাজিক-সাংস্কৃতিক ঐতিহ্য ৰক্ষা আৰু প্ৰসাৰৰ বাবে আপে তেজপুৰত অসমৰ প্ৰথমখন কলা-সংস্কৃতি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব।

স্বাস্থ্যসেৱা:

(৩) কোনো ৰাজনৈতিক দলে অসমৰ ৰাইজৰ বাবে বিশ্বমানৰ ক্লিনিক আৰু চিকিৎসালয় নিৰ্মাণ কৰা নাই। দিল্লী আৰু পঞ্জাবৰ দৰে আপে অসমৰ প্ৰতিখন গাঁও পঞ্চায়ততে শীততাপ নিয়ন্ত্ৰিত বিশ্বমানৰ মহল্লা ক্লিনিক স্থাপন কৰিব। অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহক উন্নীত কৰি বিশ্বমানৰ কৰি তোলা হ’ব। সকলো চিকিৎসা, পৰীক্ষা, ঔষধ, আৰু অপাৰেচন প্ৰতিজন ব্যক্তিৰ বাবে বিনামূলীয়া হ’ব।

সামাজিক-সাংস্কৃতিক:

(৪) অসমৰ অনন্য সংস্কৃতি, ভাষা, ঐতিহ্য ৰক্ষা কৰাটো আপৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। বিজেপিয়ে ২০১৪ চনতে অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিব বুলি প্ৰতিশ্ৰুতি দি অসমৰ ৰাইজক আভুৱা ভঁৰিলে। এতিয়া তেওঁলোকে অসম চুক্তিৰ আত্মাটোকে হত্যা কৰি নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বলবৎ কৰি কোটি কোটি অনুপ্ৰৱেশকাৰীক আদৰণি জনাইছে। ইয়াৰ ফলত অসমৰ সংস্কৃতি আৰু ভাষা ধ্বংস হ’ব আৰু অসমৰ যুৱক-যুৱতীসকলৰ চাকৰি কাঢ়ি নিব। প্ৰতিখন মঞ্চতে আপে CAAৰ কঠোৰ বিৰোধিতা কৰিব।

(৫) কোচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনজাতি, আৰু টাই-আহোম জনগোষ্ঠীয়ে দশক দশক ধৰি জনজাতি মৰ্যাদা দাবী কৰি আহিছে। ভোটৰ আশাত সকলো দলেই তেওঁলোকক জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছে যদিও সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে নূন্যতম কামখিনিও কৰা নাই।  অসমৰ বৰ্তমানৰ স্বীকৃত জনজাতিসকল যাতে বঞ্চিত নহয় তাৰ বাবে এক সঠিক ব্যৱস্থাৰে আপে এই ছয়টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ন্যায্য দাবী পূৰণৰ বাবে মাত মাতিব।

(৬) আপে ৰাজ্যখনৰ সঠিক জনসংখ্যা আৰু অসমৰ জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থা জানিবলৈ সম্প্ৰদায়ভিত্তিক লোকপিয়ল চলোৱাৰ সমৰ্থন কৰে। ই তেওঁলোকৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিব।

চাহ শিল্প:

(৭) অসমৰ অৰ্থনীতি আৰু লাখ লাখ শ্ৰমিকৰ জীৱিকা চাহ উদ্যোগৰ সৈতে জড়িত। দুৰ্ভাগ্যজনকভাৱে সম্প্ৰতি চাহ উদ্যোগটোৰ অৱনতি ঘটিছে কাৰণ উদ্যোগটোৰ লগতে ইয়াৰ শ্ৰমিকসকলৰ প্ৰয়োজনীয়তাক সকলো পক্ষই আওকাণ কৰি আছে। আপে সংসদত চাহ-উদ্যোগৰ বাবে মাত মাতিব আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে কেঁচা চাহপাতৰ ওপৰত নূন্যতম সমৰ্থন মূল্য (এম এছ পি) নিশ্চিত কৰিব।

(৮) দিল্লীত নূন্যতম মজুৰি ৬৭০ টকা/দিন হোৱাৰ বিপৰীতে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে বিগত ১০ বছৰে মাত্ৰ ২৫০ টকা/দিন মজুৰি লাভ কৰি আছে। আপে শ্ৰমিকৰ এই শোষণ বন্ধ কৰি চাহ বাগিচাৰ শ্ৰমিকৰ নূন্যতম মজুৰি কমেও ৪৫০ টকা/দিন নিশ্চিত কৰিব।

(৯) চাহ বাগিচাৰ শ্ৰমিকৰ ভূমি পট্টা অনুদানৰ দাবী পূৰণ কৰাত সকলো পক্ষই ব্যৰ্থ হৈছে। চাহ বাগিচাৰ প্ৰতিঘৰ শ্ৰমিকৰ ভূমি পট্টা দিয়াৰ বাবে আপে শক্তিশালীভাৱে মাত মাতিব।

(১০) চাহক ভাৰতৰ ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰাৰ বাবে আপে দাবী জনাব।

কৰ্মসংস্থান:

(১১) তৈলক্ষেত্ৰ, অ’ এন জি চি, ক’ল ইণ্ডিয়া আৰু আই অ’ চি এলৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে আপে থিয় দিব। এই প্ৰতিষ্ঠানসমূহত যাতে স্থানীয় লোকৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি নহয়, তাৰ প্ৰতি আপে চোকা দৃষ্টি ৰাখিব।

(১২) উপযুক্ত পাৰিতোষিক অবিহনে কামৰ কোনো মৰ্যাদা নাই। দিল্লীৰ এগৰাকী অংগনবাড়ী কৰ্মীয়ে মাহে ১২,৭২০ টকা লাভ কৰে। কিন্তু অসমত তেওঁলোকক প্ৰতিমাহে মাত্ৰ ৪,৫০০ টকাহে প্ৰদান কৰা হয়। ভাৰত চৰকাৰৰ আঁচনিৰ অধীনত মধ্যাহ্ন ভোজনৰ কৰ্মীসকল, অংগনবাড়ী কৰ্মীসকল আৰু এনেধৰণৰ সকলো কৰ্মী-শ্ৰমিকে যাতে তেওঁলোকৰ শ্ৰম আৰু কামৰ বাবে সন্মানজনক পাৰিতোষিক লাভ কৰিব পাৰে তাৰ প্ৰতি আপে লক্ষ্য ৰাখিব।

(১৩) নামৰূপস্থিত বি ভি এফ চি এলক আধুনিকীকৰণ কৰা হ’ব। এই প্ৰতিষ্ঠানটো অত্যাধুনিক প্ৰযুক্তিৰে উন্নীতকৰণ কৰা হ’ব আৰু নতুন নেন’ ইউৰিয়া প্লাণ্ট স্থাপন কৰা হ’ব। ইয়াৰ ফলত উৎপাদনশীলতা আৰু অঞ্চলটোৰ কৃষিক্ষেত্ৰ উন্নত হ’ব। ইয়াৰ ফলত অঞ্চলটোৰ অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে নিয়োগ সৃষ্টি হ’ব।

বান প্ৰতিৰোধ:

(১৪) অসমৰ বাৰ্ষিক বানপানীৰ সমস্যাৰ সমাধানৰ বাবে আপে বিজ্ঞানসন্মত সমাধানসূত্ৰ বিচাৰি উলিয়াব। বানপানীৰ আগজাননী, উদ্ধাৰ অভিযান, আশ্ৰয় আৰু বানপানীৰ পিছত ভুক্তভোগীৰ জীৱিকাকে ধৰি বান প্ৰতিৰোধ ব্যৱস্থাপনাৰ বাবে এক স্থায়ী পদক্ষেপ গ্ৰহণ কৰাত আমি সক্ৰিয় ভূমিকা পালন কৰিম। বানপীড়িত অঞ্চলসমূহত বানপানীৰ সময়ত মানুহ আৰু পশুধন উভয়ৰে আশ্ৰয়ৰ বাবে ওখ আশ্ৰয়স্থলী নিৰ্মাণ কৰা হ’ব।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd