• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেংকৰ জালিয়াতিৰ পৰিমাণ দেশৰ জিডিপিৰ ৬ শতাংশ; ভিয়েটনামত অভিযুক্ত ধনকুবেৰক মৃত্যুদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2024 9:42 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভিয়েটনাম তথা দক্ষিণ-পূব এছিয়াৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বেংক জালিয়াতিৰ ঘটনা বুলি কোৱা হৈছে! ক্ষতিৰ পৰিমাণ শুনি যিকোনো মানুহৰ চকু কপালত উঠিব! প্ৰায় ২৭ বিলিয়ন মাৰ্কিন ডলাৰ! অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ২,৭০০ কোটি টকা। যিটো ভিয়েটনামৰ জিডিপিৰ প্ৰায় ৬শতাংশ।

ভিয়েটনামৰ বাণিজ্যিক কেন্দ্ৰ হো চি মিন চহৰত সংঘটিত হৈছে এই ঘটনা। বৃহস্পতিবাৰে তাত থকা এখন আদালতে মূল অভিযুক্ত ৬৭ বছৰীয়া কোটিপতি মহিলা ট্ৰুং মাই লেনক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। তেওঁ ভিয়েটনামৰ বিখ্যাত ৰিয়েল এষ্টেট কোম্পানী ‘ভেন থিন পেট হোল্ডিং গ্ৰুপ’ৰ অধ্যক্ষ।

আদালতে ৰায় দিয়ে যে অভিযুক্তৰ অপৰাধ ইমানেই ভয়াৱহ যে কমিউনিষ্ট পাৰ্টি আৰু ৰাষ্ট্ৰ উভয়ৰে প্ৰতি মানুহৰ বিশ্বাস হেৰাই গৈছে। লেনৰ উপৰিও ভিয়েটনাম আৰক্ষীয়ে আন ৮৫ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সমগ্ৰ ঘটনাটোত ভুক্তভোগীৰ সংখ্যা ৪২০০০ৰো অধিক।

Apply Now

লগতে পঢ়কঃ IPL 2024: পুৰণি ছন্দত মুম্বাই! ৰোহিত-ঈশানৰ পিছত সূৰ্যৰ বেটিং উত্তাপত ভষ্ম বেংগালুৰুৰ স্বপ্ন; অনন্য বুমৰাহ

২০১২ চনত তিনিটা সৰু বেংক একত্ৰিত হৈ ভিয়েটনামৰ সৰ্ববৃহৎ বাণিজ্যিক বেংক ‘ছাইগন কমাৰ্চিয়েল বেংক’ গঠন হয়। তিনিওটা বেংকৰ মুখ্য কাৰ্যালয় আছিল হো চি মিন চহৰত। পৰিচালনাৰ দায়িত্বত আছিল ট্ৰুং মাই লেন।

কিন্তু বিভিন্ন ৰিস্ক থকা আমানতত বিনিয়োগ আৰু ৰিয়েল এষ্টেট লেনদেনৰ ফলত তিনিওটা বেংক দেউলীয়া হৈ পৰে। গ্ৰাহকে জমা কৰা ধন উলিয়াবলৈ আৰম্ভ কৰে। কিন্তু তাৰপিছতো ভিয়েটনামৰ কেন্দ্ৰীয় বেংকে তিনিওটা বেংক একত্ৰীকৰণত অনুমোদন জনায়। ইয়াৰে নব্বৈ শতাংশতকৈ অধিক শ্বেয়াৰ লেন আৰু তেওঁৰ মধ্যভোগীসকলৰ হাতত আছিল।

ফটোঃ সংগ্ৰহীত।

অভিযোগ অনুসৰি, জমাকাৰীৰ পৰা সংগ্ৰহ কৰা বিপুল পৰিমাণৰ ধনৰ ওপৰত নিজৰ প্ৰভাৱ খটুৱাই ভুৱা ঋণৰ নথি-পত্ৰ আৰু ঋণৰ আবেদন দেখুৱাই দহ বছৰৰ ধৰি ধন উলিয়াই আছিল লেন আৰু তেওঁৰ মধ্যভোগীসকলে। কেইবাটাও চৰকাৰী বেংক আৰু বিত্ত বিভাগৰ বিষয়াক বৃহৎ পৰিমাণৰ উৎকোচ দিয়া হৈছিল।

ইমানবোৰ অনিয়ম আৰু আৰ্থিক কেলেংকাৰী চলি থকাটো সামান্যভাৱেও মানুহৰ চকুত পৰা নাছিল। লেনৰ বিৰুদ্ধে কোনো আৰক্ষীৰ অভিযোগ নাছিল। হংকঙৰ এজন উদ্যোগপতিৰ সৈতে তেওঁৰ বিবাহ হয়। তেওঁ একাধিক দাতব্য আৰু সেৱা কাৰ্য্যকলাপত জড়িত।

কিন্তু তদন্তকাৰীয়ে অভিযোগ কৰে যে লেনৰ বেংক জালিয়াতিৰ কাৰবাৰ এনে ভাল মানুহৰ ছত্ৰছায়াতে চলি আছিল। কেৱল ভুৱা নথি-পত্ৰ দেখুৱাই আৰু যাক যত যি দিব লাগে পৰিশোধ কৰি ইগন কমাৰ্চিয়েল বেংকৰ পৰা বিপুল পৰিমাণৰ ধন সম্পূৰ্ণ অবৈধভাৱে লেনৰ ৰিয়েল এষ্টেট কোম্পানীটোলৈ গৈছিল।

ফটোঃ সংগ্ৰহীত।

অৱশ্যে সকলো অভিযোগ অস্বীকাৰ কৰিছে লেনে। আদালতত থিয় হৈ তেওঁ কয় যে এই সকলোবোৰৰ বাবে তেওঁৰ অধীনস্থ বিষয়াসকল দায়ী। বেংকিং ব্যৱসায়ৰ বিষয়ে তেওঁ বিশেষ একো বুজি নাপায়। কিন্তু তাত কোনো ফল নধৰিল।

ভিয়েটনামত গণতন্ত্ৰ নাই, কমিউনিষ্ট পাৰ্টিৰ একদলীয় শাসন চলে। এই ঘটনাত দলৰ শীৰ্ষ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে। ন্যায়াধীশসকলে লগতে কয়, ‘লেনৰ অজ্ঞাতে নহয়, গোটেই ঘটনাটোত লেন আৰু তেওঁৰ হংকঙৰ স্বামী এৰিক চুৱে সক্ৰিয় ভূমিকা পালন কৰিছিল। আচলতে সেই বেংকৰ মালিক আছিল লেন। এই অপূৰণীয় আৰ্থিক ক্ষতিৰ বাবে সৰ্বোচ্চ শাস্তি পাব লাগে।’ ইয়াৰ পিছতে আদালতে মৃত্যুদণ্ড ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd