• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: পুৰণি ছন্দত মুম্বাই! ৰোহিত-ঈশানৰ পিছত সূৰ্যৰ বেটিং উত্তাপত ভষ্ম বেংগালুৰুৰ স্বপ্ন; অনন্য বুমৰাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2024 8:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই মেচখন দুয়োটা দলৰ বাবে প্লে অফৰ যুঁজত থাকিবলৈ সমানেই গুৰুত্বপূৰ্ণ আছিল। অৱশেষত শেষ হাঁহি মাৰিলে মুম্বাইয়ে। পুনৰ পৰাজিত হৈ উভতিব লগা হ’ল বেংগালুৰুৱে। আৰু সেইটোও অতি অস্বস্তিকৰ ধৰণে। স্পষ্টকৈ ক’বলৈ গ’লে মুম্বাইৰ বেটিঙৰ মাজত কোনো সময়তে আৰ চি বিৰ জয়ৰ কোনো ইচ্ছাশক্তি থকা যেন দেখা নগ’ল৷ ঈশান কিষানে এককভাৱে কোহলী বাহিনীৰ হাতৰ পৰা প্ৰায় কাঢ়ি নিলে মেচখন। সংগ দিলে ৰোহিতে। পিছত সূৰ্যকুমাৰেও তুলিলে ধুমুহা।

টছত জয়ী হৈ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্ডিক পাণ্ডিয়াই ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। আৰম্ভণি ভাল আছিল। দ্বিতীয় অভাৰত বুমৰাহে কোহলীৰ (৩) উইকেট দখল কৰে। তাৰ কিছু সময়ৰ পিছতে উইল জেকছ (৮) উভতিল।

ফটো সৌজন্যঃ আইপিএল।

লৰ স্কোৰ ২৩/২ হোৱাৰ সময়ত ৰজত পাতিদাৰ ক্ৰীজলৈ আহে। কেপ্তেইন ফেফ ডুপ্লেচিছে তেওঁৰ সৈতে যুঁজ আৰম্ভ কৰে। প্ৰায় ৮ অভাৰৰ পাৰ্টনাৰশ্বিপেৰে তেওঁলোকে ৮২ ৰান সংগ্ৰহ কৰে। কিন্তু পাতিদাৰ ২৬টা বলত ৫০ ৰান কৰি আউট হৈ যায়। মেক্সৱেলে ৰাণ নকৰাকৈয়ে উভতি আহিল।

Apply Now

কিন্তু শেষত দীনেশ কাৰ্তিকে ভাল ইনিংছ এটা খেলিলে। তেওঁ মাত্ৰ ২৩টা বলত ৫৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ডুপলেছিছ (৪০ বলত ৬১) আউট হোৱাৰ পিছত তেওঁ আৰচিবিক ১৯৬ ৰানলৈ লৈ যায়। শেষৰ অভাৰৰ তৃতীয় আৰু চতুৰ্থ বলত তেওঁ ছয় মাৰে। পৰৱৰ্তী বলটোও বাউণ্ডেৰীৰ বাহিৰলৈ পঠিয়ায়। তেওঁৰ অবিহনে হয়তো বেংগালুৰুৰ বাবে ১৮৫ অতিক্ৰম কৰাটোৱে কঠিন হ’লহেঁতেন।

ফটো সৌজন্যঃ আইপিএল।

আনহাতে, বৃহস্পতিবাৰে ‘বুম বুম’ বুমৰাহে মুম্বাইৰ বলিঙত নিজৰ ‘যাদু’ দেখুৱালে। তেওঁ অকলেই ৫টা উইকেট লাভ কৰে। আৰম্ভণিতে কোহলীক আউট কৰাৰ পাছত মেচখনৰ ১৭ আৰু ১৯ অভাৰত দুটাকৈ উইকেট দখল কৰি আৰ চি বিৰ লৱাৰ আৰু মিডল বেটিং অৰ্ডাৰক এককভাৱে বিধ্বস্ত কৰিলে।

মুম্বাইৰ দুই অ’পেনাৰে আৰম্ভণিৰে পৰাই ৰান অনুসৰণ কৰি ভাল বেটিং কৰিবলৈ আৰম্ভ কৰে। ৰোহিত অলপ লেহেমীয়া আছিল যদিও ঈশান কিষাণ দুৰ্দান্ত ফৰ্মত আছিল। অলপ পিছত ‘হিটমেন’য়েও স্বকীয় শৈলীলৈ ঘুৰি আহিল। মাত্ৰ ৮.৩ অভাৰতে মুম্বাইয়ে ১০০ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্যঃ আইপিএল।

কিন্তু তাৰ পিছত ঈশান আউট হৈ উভতি আহিল। অৱশ্যে ৩৪টা বলত ৬৯ ৰান সংগ্ৰহ কৰাৰ পিছত আকাশদ্বীপৰ বলত লং অফত কোহলীৰ হাতত ধৰা পৰে। তেওঁৰ ইনিংছত ৫টা ছয় আৰু ৭টা বাউণ্ডেৰীত আছিল। ইয়াৰ পিছত সূৰ্য্যকুমাৰে ক্ৰীজত ধুমুহা তুলিলে। ইফালে টপলেই দুৰ্দান্ত কেচ ধৰি ৰোহিতক (৩৮) পেভলিয়নলৈ পঠিয়ালে। এই কেচটো এইবাৰৰ আই পি এলৰ শ্ৰেষ্ঠ কেচ নেকি সেই বিষয়ে চৰ্চা আৰম্ভ হৈ গৈছে।

ফটো সৌজন্যঃ আইপিএল।

প্ৰায় চাপহীন হৈ পৰা খেলখনত অধিনায়ক হাৰ্ডিকে ক্ৰীজত নামি প্ৰথম বলটোতে ছয় মাৰে। সেই মুহূৰ্ততে নিশ্চিত হৈছিল যে এইবাৰো আৰ চি বিয়ে শুদা মুখে উভতি যাব লাগিব। শেষ পৰ্যন্ত সূৰ্য্যকুমাৰৰ বিধ্বংসী ইনিংছটো ১৯টা বলত ৫২ ৰান (৫টা বাউণ্ডেৰী আৰু ৪টা ছয়)ৰে সমাপ্ত হয়। অৱশেষত ১৫.৩ অভাৰতে খেলখন শেষ হয়। পুনৰ খালী হাতেৰে উভতিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।

ফটো সৌজন্যঃ আইপিএল।

সংক্ষিপ্ত স্কোৰঃ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু : ১৯৬/৮ (ডুপলেছিছ-৬১, কাৰ্তিক ৫৩ নট আউট, বুমৰাহ-২১/৫)

মুম্বাই ইণ্ডিয়ানছঃ ১৯৯/৩ (ঈশান কিষাণ-৬৯, সূৰ্য্যকুমাৰ যাদৱ-৫২)

মুম্বাইয়ে ৭ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd