• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিশপুৰ মহাবিদ্যালয় আৰু ভাৰত ভূটান মৈত্ৰী সংস্থাৰ উদ্যোগত ‘ভাৰত-ভূটান’ সাংস্কৃতিক বিনিময় কাৰ্যসূচী সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2024 9:53 am
1.2k
VIEWS
Share on FacebookShare on Twitter

দিশপুৰ মহাবিদ্যালয় আৰু ভাৰত ভূটান মৈত্ৰী সংস্থাৰ বুজাবুজি চুক্তিৰ অংশ হিচাবে ভূটানৰ চানদ্ৰুপ জংখাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যোৱা বুধবাৰে এক সাংস্কৃতিক বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। চানদ্ৰুপ জংখাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কেচাং চেৰিংৰ আদৰণি ভাষণৰ লগতে বৌদ্ধিক প্ৰাৰ্থনা সংগীত তথা ভূটান-ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠান আৰম্ভ হয়।

চানদ্ৰুপ জংখাৰ জিলা প্ৰশাসনৰ মাননীয় বিচাৰাধিপতি চাংগেই চিৰাপ ড্ৰাংপোন জংখোপ প্ৰশাসনিক এচ জেই শুভাৰম্ভ কৰি কয় যে এনেধৰণৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীয়ে দুয়োখন দেশৰ মাজত সমতা, ভাতৃত্ববোধ অধিক সুদৃঢ় কৰিব। ভূটানৰ ভিতৰত এখন উৎকৃষ্ট বিদ্যালয়ত এনে কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে ভাৰত ভূটান মৈত্ৰী সংস্হা আৰু অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান দিশপুৰ মহাবিদ্যালয়ৰ শলাগ লয়।

তেওঁ সুন্দৰ পিচাই, সত্য নাডেলা, শান্তনু নাৰায়ণ, নীলমোহন আদি কেইবাগৰাকীও ভাৰতীয়ই বিদেশৰ চফটৱেৰ কোম্পানীসমূহৰ মুখ্য কাৰ্য্যবাহী বিষয়াৰ স্থানত অধিষ্ঠিত হোৱা ভাৰতবৰ্ষৰ মেধাসম্পন্ন ব্যক্তিসকলৰ উদ্ধৃতিৰে ভাষণ প্ৰসংগত ভাৰতৰ সৈতে তেওঁলোকৰ সম্বন্ধ গাঢ় হৈ থাকিব বুলি উল্লেখ কৰি এনে অনুষ্ঠানে ইয়াক গতি প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি কয়।

দিশপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি বৰাই কয় যে দুয়োখন দেশৰ মাজত সম্পৰ্ক সুদৃঢ় কৰা আৰু দুয়োখন দেশৰ ছাত্ৰ-ছাত্ৰীসকলে ইজনে সিজনক বুজিবলৈ এনে সাংস্কৃতিক কাৰ্যসূচীয়ে যথেষ্ট সহায়ক হ’ব। তেওঁ অদূৰ ভৱিষ্যতেও এই ধৰণৰ মত বিনিময় কাৰ্যসূচী অব্যাহত ৰাখিব বুলি ব্যক্ত কৰে।

তেওঁ লগতে অনুষ্ঠানৰ সফলতা বিশেষ সহযোগ আগবঢ়োৱা ভূটান ইণ্ডিয়া ফ্ৰেইণ্ডশ্বিপ এছ’ছিয়েছনৰ কাৰ্যসূচী ৰূপায়ণ সম্পাদক আপচী, সম্পাদক ডেভিড বড়ো, মনদীপ বসুমতাৰী, প্ৰণৱ নাৰ্জাৰী আটাইকে ধন্যবাদ জ্ঞাপন কৰে।

ড° সঞ্জীৱ কুমাৰ শৰ্মা, পেলদন আৰু নাডো  ৰিচেন-এ পৰিচালনা কৰা সাংস্কৃতিক অনুষ্ঠানত ঘো আৰু ৰিৰা পৰম্পৰাগত সাজপোছাক পৰিধান কৰি বৌদ্ধ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা জড়িত চাম নৃত্য আৰু কেইবাটাও পৰিবেশ্য কলাই সামৰি লোৱা নৃত্য পৰিবেশন কৰে চানদ্ৰুপ জংখাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

আনহাতে দিশপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বড়োসকলৰ পৰম্পৰাগত নৃত্য, কাৰ্বি নৃত্য, সত্ৰীয়া নৃত্য, বিহু নৃত্যৰ লগতে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ গীতেৰে সাংস্কৃতিক কাৰ্য্যসূচী জীপাল কৰি তোলে।

অনুষ্ঠানত দিশপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড°  সুনীতা আগৰৱালা, ইন্দ্ৰানী চৌধুৰী মহন্ত, ড°  শশীমোহন দাস, ড°  মথুৰ বৰ্মন, ড°  জ্যোতিষ , ড° শিখাজ্যোতি ডেকা, ড° স্মৃতি ডেউৰী আৰু পল্লবী কাশ্যপ আৰু ১০১ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু চামদ্ৰুপ জংখাৰ বিদ্যালয়, ভূটানৰ ৩২ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী আৰু ৩১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা সাংস্কৃতিক বিনিময় অনুষ্ঠানৰ আবেলি ৩ বজাত সামৰনি পৰে।

Recent News

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd