কৰ্ণাটকত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে ৰাহুল গান্ধী যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত কৰ্ণাটকৰ জেডিএছৰ সাংসদ প্ৰাজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। বৃহস্পতিবাৰে শ্বিমোগাত অনুষ্ঠিত কংগ্ৰেছৰ মহাসভাত ৰাহুলে কয় যে, প্ৰাজ্জ্বলে কমেও ৪০০ গৰাকী মহিলাক ধৰ্ষণ কৰি সেই ভয়ংকৰ কাণ্ডবোৰৰ ভিডিঅ’ কৰি ৰাখিছিল।”
প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতিৰ বাবে প্ৰচাৰ চলোৱাৰ বাবে ৰাহুলে নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লয়। ৰাহুলে কয়, “এজন ধৰ্ষণকাৰীৰ বাবে প্ৰচাৰ চলোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে।” যোৱা সপ্তাহত প্ৰাজ্জ্বলৰ যৌন আচৰণৰ ১৩০০ ভিডিঅ’ৰে ভৰা এখন পেন ড্ৰাইভ পোহৰলৈ আহিছিল। অভিযোগকাৰী বিজেপি নেতা দেৱৰাজ গৌড়াই দাবী কৰে যে বিগত পাঁচ বছৰ ধৰি হাছানৰ সাংসদগৰাকীয়ে হাজাৰ হাজাৰ মহিলাক ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলাইছিল আৰু ভিডিঅ’সমূহ নিজেই ৰেকৰ্ডিং কৰিছিল। দেৱৰাজে অভিযোগ কৰে যে তেওঁৰ পিতৃ ৰেৱন্নায়ো প্ৰাজ্জ্বলক সমৰ্থন কৰিছিল। প্ৰসংগক্ৰমে কৰ্ণাটকত এতিয়া জেডিএছ বিজেপিৰ মিত্ৰ। ফলত কংগ্ৰেছে পদ্ম শিবিৰৰ লগতে দেৱেগৌড়া পৰিয়ালকো লক্ষ্য কৰি লৈছে। বুধবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে অভিযোগ কৰে যে মোদী চৰকাৰে প্ৰজ্জলক বহিঃৰাষ্ট্ৰলৈ পলায়ন কৰিবলৈ অনুমতি দিছিল।
ইতিমধ্যে কৰ্ণাটক আৰক্ষীয়ে প্ৰাজ্জ্বলৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত বিশেষ তদন্তকাৰী দল গঠন কৰি তদন্ত আৰম্ভ কৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰি পাছপ’ৰ্ট বাতিলৰ পৰামৰ্শ আগবঢ়াইছে৷