• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুকত চিনাকী হৈ পাতিছিল বিয়া, গাৰ পৰা যোৱাই নাছিল মাহ হালধীৰ গোন্ধ : স্বামীৰ হাতত জীৱন হেৰুৱালে নৱবিবাহিতাই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 6, 2024 5:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত পুনৰ সংঘটিত হৈছে আন এক হত্যাকাণ্ড। নিজৰ পত্নী পংখী সন্দিকৈক হত্যা কৰিছে নীতিকেশ দাস নামৰ এজন পাষাণ শিক্ষকে।

জানিব পৰা মতে, এখন চৰকাৰী বিদ্যালয়ৰ কৰ্মৰত শিক্ষক নীতিকেশ দাসে আজিৰ পৰা ছমাহ পূর্বে সামাজিকভারে পংখী সন্দিকৈক বিবাহ কৰাইছিল। সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে দুয়োৰে চিনাকি হৈছিল।

Apply Now

নিতাইপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত দুৱৰীছিগা গাঁৱৰ নিৱাসী ভৈৰৱ সন্দিকৈৰ জ্যেষ্ঠ কন্যা ২২ বছৰীয়া পংখী সন্দিকৈ আছিল এগৰাকী প্ৰতিভাৱান যুৱতী। বিভিন্ন সাংস্কৃতিক কৰ্মৰ লগত জড়িত আছিল পংখী। সৰুৰে পৰা মেধাৱী ছাত্ৰী আছিল পংখী সন্দিকৈ। শিৱসাগৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদিকা আছিল পংখী সন্দিকৈ। মডেলিং, এঙ্কৰিং আৰু অভিনয়ৰ প্ৰতি ৰাপ আছিল তেওঁৰ।

উল্লেখ্য যে বিয়াৰ পিছত কৰ্মসূত্ৰে নামৰূপত বাস কৰিছিল নীতিকেশে। প্ৰথম অৱস্থাত দুয়োৰে সুখৰ সংসাৰ আছিল। কিন্তু বিয়াৰ পিছত নীতিকেশৰ বিভিন্ন মহিলাৰ লগত বিবাহবৰ্হিভূত সম্পৰ্ক থকা কথা জানিব পাৰে পত্নী পংখী সন্দিকৈয়ে। তেতিয়াৰ পৰাই দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু অমানিশা নামি আহে পংখীৰ জীৱনলৈ।

অভিযোগ অনুসৰি এই কাজিয়াৰ ফলস্বৰূপেই যোৱা ২ মে’ৰ নিশা বিহু ফাংচন চাই আহি নীতিকেশে পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰি হত্যাকাণ্ডক আত্মহত্যা ৰূপ দিবলৈ পত্নীক ৰচীৰে ওলমাই দিয়ে। তাৰপিছত স্থানীয় লোক আৰু পৰিয়ালৰ লোকক পত্নীয়ে আত্মহত্যা কৰা বুলি খবৰ দিয়ে নীতিকেশে।

পংখীৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰি পংখীৰ পৰিয়ালৰ লোক নামৰূপত উপস্থিত হৈ আৰক্ষীৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইফালে পংখীৰ পিতৃ ভৈৰৱ সন্দিকৈয়ে নামৰূপ থানাত নীতিকেশ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। পিতৃয়ে এজাহাৰত অভিযোগ কৰা অনুসৰি বিয়াৰ পিছৰে পৰা নীতিকেশে পংখীৰ ওপৰত চলাই আহিছিল শাৰীৰিক-মানসিক অত্যাচাৰ। বিভিন্ন যুৱতী-মহিলাৰে আছিল নীতিকেশৰ অবৈধ সম্পৰ্ক।

ইয়াৰ উপৰিও সংবাদ মাধ্যমৰ আগত পংখীৰ পিতৃয়ে কয় যে মৃতদেহৰ বিভিন্ন স্থানত আঘাতৰ স্পষ্ট চিন আছে। তদুপৰি মৃতদেহৰ মুখৰ পৰা তেজ নির্গত হৈ আছিল।

উল্লেখ্য যে পিতৃৰ এই অভিযোগৰ পিছতে নামৰূপ আৰক্ষীয়ে নীতিকেশ দাসক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে। এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ নিতাইপুখুৰী অঞ্চলত শোকৰ ছাঁ পৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd