• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছুৰ দাবীলৈ সমৰ্থন বিহাৰৰ মুখ্য মন্ত্ৰীৰ; ধৰ্মৰে নিৰ্ধাৰণ হ’ব নোৱাৰে দেশৰ নাগৰিকত্ব : নীতিশ কুমাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 17, 2018 9:41 pm
Patnaaasu meet Bihar Chief Minister
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা ( AASU )কে ধৰি বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী চলাই নিয়াৰ মাজতে বুধবাৰে আছুৰ উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ সমন্বিতে যোৱা এটা প্ৰতিনিধি দলে বিহাৰৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ সহযোগী দল জনতা দল (ইউনাইটেড)ৰ নেতা নীতিশ কুমাৰক সাক্ষাৎ কৰে। পাটনাৰ বাসগৃহত হোৱা সাক্ষাৎকালত আছুৰ প্ৰতিনিধি দলে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বিষয়ত সন্মতি বিচাৰি বিভিন্ন তথ্যপাতিসহ এখন ১৬ দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে।

বৃহস্পতিবাৰে গুৱাহাটীৰ শ্বহীদ ন্যাসত এক সংবাদ মেল অনুষ্ঠিত কৰি আছুৰ উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে এই কথা সদৰি কৰাৰ লগতে আছুৰ দাবীৰ প্ৰতি নীতিশ কুমাৰে পূৰ্ণ সমৰ্থন আগবঢ়োৱা বুলি জানিবলৈ দিয়ে।

Apply Now

সংবাদমেলত প্ৰকাশ কৰা অনুসৰি দুঘন্টাযোৰা সাক্ষাতৰ সময়ছোৱাত আছুৰ প্ৰতিনিধিবৃন্দক নীতিশ কুমাৰে অতি স্পষ্ট আৰু দৃঢ়তাৰে কয়, ‘ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব নিৰূপণ হ’ব নোৱাৰে’। তেওঁ লগতে অবৈধ বিদেশীৰ প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি মত প্ৰকাশ কৰি অসম চুক্তিৰ ক্ষীপ্ৰ ৰূপায়নৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে বুলিও ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে জানিবলৈ দিয়ে।

সাক্ষাতকালত ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বিষয়টোৰ উপৰিও অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান, ভাৰত-বাংলাদেশ উন্মুক্ত সীমান্ত যুদ্ধকালীনভাৱে চীল কৰা, অবৈধ বাংলাদেশী বহিষ্কাৰৰ বাবে ভাৰত-বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদন কৰা, অসম চুক্তি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰা বিষয়ত বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীৰ পৰা সন্মতি আৰু সহযোগীতা বিচৰাত তেওঁ স্পষ্ট আৰু দৃঢ়তাৰে ছাত্ৰ সন্থাৰ দাবীসমুহৰ প্ৰতি পূৰ্ণ সন্মতি আগবঢ়ায় বুলি বৃহস্পতিবাৰৰ সংবাদমেলত আছু নেতৃত্বই জানিবলৈ দিয়ে। লগতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ উপৰিও ছাত্ৰ সন্থাই উত্থাপন কৰা বিষয় সমুহৰ স্থায়ী সমাধানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোদীলৈ অতি সোনকালেই পত্ৰ প্ৰেৰণ কৰিব বুলিও সংবাদমেলত আছু নেতৃত্বই অৱগত কৰে।

উল্লেখ্য যে, নীতিশ কুমাৰক সাক্ষাতৰ সময়ত জে.ডি.ইউৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, সাংসদ তথা যুটীয়া সংসদীয় সমিতিৰ সদস্য হৰিবনচ্ সিং, জে.ডি.ইউৰ ৰাষ্ট্ৰীয় সম্পাদক আফাক আহমেদ খান, জে.ডি.ইউৰ নাগালেণ্ডৰ ৰাজ্যিক সভাপতি এন,এচ.এন লোথা আৰু জে.ডি.ইউৰ বিহাৰ বিধান সভাৰ সদস্য সঞ্জয় গান্ধী উপস্থিত আছিল।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰসংগ লৈ ছাত্ৰ সন্থাই অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়ককো সাক্ষাৎ কৰিব বুলি সংবাদ মেলত আছু নেতৃত্বই প্ৰকাশ কৰে।

ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বিষয়টো লৈ দেশৰ মুঠ ১১ টা ৰাজনৈতিক দলৰ বহুকেইগৰাকী নেতাৰ সৈতে ছাত্ৰ সন্থাই আলোচনাত মিলিত হৈছে। দল কেইটা ক্ৰমে- উৰিষ্যাৰ বিজু জনতা দল, পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ, পঞ্জাৱৰ শিৰোমণি আকালি দল, অন্ধ্ৰ প্ৰদেশৰ তেলেগু দেশম পাৰ্টি, তামিলনাডুৰ ডি.এম.কে আৰু এ.আই.এ.ডি.এম.কে, চি.পি.এম, চি.পি.আই, বিপিএফ, কংগ্ৰেছ(আই) আৰু বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজু আৰু সাংসদ ৰমেন ডেকা।

সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে ছাত্ৰ সন্থাই কৌশলগতভাৱে আগবাঢ়ি থকা বুলি প্ৰকাশ কৰি আছুৰ উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিষয়টো ৰাষ্ট্ৰীয় স্তৰত উত্থাপনৰ বাবে অহৰহ আলোচনা চলাই থকা বুলি জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm
মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm
মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

June 21, 2026 12:49 pm
‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

June 21, 2026 12:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm
মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd