ৰাজ্যৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাক শেহতীয়াকৈ দিয়া কিছু বক্তব্যক লৈ দলটোৱে কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰিছে।
দলৰ সূত্ৰ অনুসৰি, ৭ মে’ত লোকসভাৰ ভোটগ্ৰহণৰ দিনা দলৰ নেতৃত্বক সমালোচনা কৰাৰ অভিযোগত শৰ্মাক এই জাননী প্ৰদান কৰা হৈছে।
অহা ২০ মে’ৰ ভিতৰত তেওঁক এই জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে।
শেহতীয়াকৈ অশোক শৰ্মাই বিভিন্ন বিষয়ত দলীয় নেতৃত্বক সমালোচনা কৰিছিল।
ইয়াৰ পূর্বে বিজেপি সাংসদ দিলীপ শইকীয়াই অশোক শর্মাক “মানসিক পৰীক্ষা”ৰ প্রয়োজন বুলি তীব্র সমালোচনা কৰিছিল৷ তেওঁ লগতে শৰ্মাৰ বিৰুদ্ধে দলবিৰোধী কাৰ্যকলাপৰ অভিযোগ উত্থাপন কৰে।
লগতে পঢ়কঃ বজালীত অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰ জাল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ অধিবক্তা
শইকীয়াই দাবী কৰে যে অশোক শৰ্মাই ৰাইজৰ সন্মুখত বিজেপিৰ ভাবমূৰ্তি নষ্ট কৰি আহিছে।
তেওঁ লগতে কৈছিল, ‘অশোক শৰ্মাৰ দল বিৰোধী কাৰ্যকলাপক গৰিহণা দিছো। কেইবাজনো দলীয় কৰ্মীয়ে বিনিময়ত একো নোপোৱাকৈ বছৰ বছৰ ধৰি দলৰ সেৱা কৰি আহিছে, কিন্তু শৰ্মাই মানদণ্ডৰ ভূমিকা পালন কৰি আছে”।
তেওঁ আৰু অভিযোগ উত্থাপন কৰে যে শেহতীয়াকৈ অসমৰ নিৰ্বাচনৰ সময়ত অশোক শৰ্মাই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছিল।
‘শেহতীয়াকৈ অশোক শৰ্মাই মোৰ বিৰুদ্ধে প্ৰচাৰত লিপ্ত হোৱাৰ প্ৰমাণ মোৰ হাতত আছে। একেদৰে ২০১১ চনৰ নিৰ্বাচনত তেওঁ মোৰ প্ৰতিদ্বন্দ্বীজনৰ পৰা ২ লাখ টকা লৈছিল যাতে মই নিৰ্বাচনত পৰাস্ত হওঁ”, তেওঁ অভিযোগ কৰে।
লগতে পঢ়কঃ ৰাজ্যৰ সামগ্ৰিক বিকাশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চৰম ব্যৰ্থ : ৰাজেশ শৰ্মা
তেওঁ লগতে কয় যে তেওঁ অশোক শৰ্মাৰ কাৰ্যকলাপৰ সন্দৰ্ভত অসম বিজেপি নেতৃত্বক অৱগত কৰিছিল।
অশোক শৰ্মাই যোৱা কেইমাহমানৰ পৰা লোৱা বৃহৎ পৰিমাণৰ ঋণৰ উদ্ধৃতি দি পৰোক্ষভাৱে ৰাজ্য চৰকাৰক সমালোচনা কৰিছিল।
তেওঁ কয় যে ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা বৃহৎ ঋণৰ ওপৰত যুৱক-যুৱতীসকলে চকু ৰাখিব লাগে।
শৰ্মাই লগতে দাবী কৰে যে যিদৰে ঋণৰ বাবে পৰিয়ালবোৰ ভাঙি পৰে, তেনেদৰে ঋণৰ বাবেও এখন ৰাজ্য পৰি যাব পাৰে।
লগতে পঢ়কঃ বেপাৰ বেয়া! ভাল হোৱা নাই খেতি : জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে চাহশিল্পত
পূৱ গুৱাহাটীৰ পৰা বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৈছিল, ‘সকলোৰে মতানৈক্য আৰু অভিযোগ আছে। অৱশ্যে দলৰ মজিয়াৰ ভিতৰতে সেইবোৰ সমাধান হ’ব লাগে। ভোটদানৰ দিনা আৰু সেইটোও ৰাজহুৱাভাৱে এনে বক্তব্য দিয়াটো ঠিক যেন নালাগে।‘