টী-২০ বিশ্বকাপত ছুপাৰ অভাৰত পাকিস্তানক পৰাস্ত কৰিলে ক্ৰিকেটৰ শিশু আমেৰিকা যুক্তৰাষ্ট্ৰই। প্ৰথমে বেটিং কৰি পাকিস্তানে ৭ উইকেটত ১৫৯ ৰান সংগ্ৰহ কৰে। আমেৰিকাই ৩টা উইকেট হেৰুৱাই ১৫৯ ৰানতে ৰৈ যায়। ফলত মেচখন চুপাৰ অভাৰলৈ গ’ল। পিছত ছুপাৰ অভাৰত ১ টা উইকেট হেৰুৱাই ১৮ ৰান সংগ্ৰহ কৰে আমেৰিকাই। ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে ১টা উইকেট হেৰুৱাই ১৩ ৰানহে সংগ্ৰহ কৰে।
বৃহস্পতিবাৰে ডালাছৰ গ্ৰেণ্ড প্ৰেৰি ষ্টেডিয়ামত প্ৰথমে বেটিং কৰি পাকিস্তানে ভাল আৰম্ভণি কৰা নাছিল। আমেৰিকাৰ বলাৰসকলে আৰম্ভণিৰে পৰাই তেওঁলোকক চাপত ৰাখিছিল। কেৱল পাকিস্তানৰ অধিনায়ক বাবৰ আজম আৰু মিডল অৰ্ডাৰ বেটছমেন ছাদাব খানেহে কিছু ৰান সংগ্ৰহ কৰিবলৈ কৰিবলৈ সক্ষম হয়।
ইনিংছৰ দ্বিতীয় অভাৰতে পাকিস্তানে উইকেট হেৰুৱায়। অ’পেনাৰ মহম্মদ ৰিজৱানে ব্যক্তিগত ৯ ৰান সংগ্ৰহ কৰি উভতি যায়। পৰৱৰ্তী অভাৰত তিনি নম্বৰত নমা উছমান খানে ৩ ৰান সংগ্ৰহ কৰি ওভতে। ইয়াৰ উপৰিও পঞ্চম অভাৰত নমা ফখৰ জামানে ১১ ৰান কৰিয়েই পেভলিয়নলৈ উভতি যায়।
২৬ ৰানত ৩ উইকেট হেৰুৱাই ছাদাব আৰু বাবৰে প্ৰত্যাৱৰ্তনৰ যুঁজ আৰম্ভ কৰে। এটা মূৰত বাবৰে গোজ পুতি বহি লয়। সিটো মূৰত ছাদাবে অলপ আক্ৰমণাত্মক খেলে। দুয়োজনে ইনিংছত ৭২ ৰান সংযোজন কৰে।
২৫টা বলত ৪০ ৰান সংগ্ৰহ কৰি উভতি যায় ছাদাব। ক্ৰীজলৈ অহাৰ পিছত আজম খান প্ৰথম বলতে আউট হয়। ইটোৰ পিছত সিটোকৈ উইকেট পৰি যোৱাৰ চাপত বাবৰে হাত খুলি খেলিব পৰা নাছিল। দলৰ ১২৬ ৰানত তেওঁ যশদীপ সিঙৰ বলত এল ডব্লিউ হৈ আউট হৈ যায়। তেওঁ ৪৩টা বলত ৪৪ ৰানৰ ইনিংছ খেলে।
শেষত ইফতিখাৰ আহমেদৰ ১৪ টা বলত ১৮ ৰান আৰু শ্বাহিন শ্বাহ আফ্ৰিডিৰ ১৬টা বলত অপৰাজিত ২৩ ৰানৰ সহায়ত পাকিস্তানে ৭ উইকেট হেৰুৱাই ১৫৯ ৰান সংগ্ৰহ কৰে।
ইয়াৰ প্ৰত্ত্যুৰত আমেৰিকাই ভাল আৰম্ভণি কৰে। শেষত আমেৰিকাক ৪২টা বলত ৫৬ ৰানৰ প্ৰয়োজন হয় আৰু হাতত তেতিয়াও ৯টা উইকেট আছিল। মেচখন তেতিয়াও আমেৰিকাৰ নিয়ন্ত্ৰণতে আছিল। কিন্তু আমেৰিকাক শেষৰ ১২টা বলত ২১ ৰানৰ প্ৰয়োজন হয়। তাৰ পাছত ১৯ নং অভাৰত আক্রমণত নামি মহম্মদ আমিৰে মাত্ৰ ৬ ৰান দি আমেৰিকাৰ জয়ৰ পথ কঠিন কৰি তোলে৷
কিন্তু ২০ অভাৰত বল কৰিবলৈ আহি হাৰিছ ৰাউফে ছন্দ হেৰুৱাই পেলালে। শেষ অভাৰত প্ৰথম তিনিটা বলত ৩ ৰান দিয়া ৰাউফক চাৰি-ছয় মাৰি আমেৰিকাই স্ক’ৰ সমতালৈ আনে।
পিছত ছুপাৰ অভাৰত পাকিস্তানৰ অধিনায়ক বাবৰ আজমে অভিজ্ঞ পেচাৰ মহম্মদ আমিৰৰ হাতত বল তুলি দিয়ে। কিন্তু এই সিদ্ধান্ত পাকিস্তানৰ বাবে বুমেৰাং হৈ পৰিল। প্ৰথম বলতে বাউণ্ডেৰী হজম কৰা আমিৰে সেই অভাৰত ১৮ ৰান দিয়ে।
তাৰ পিছত পাকিস্তানৰ হৈ ইফতিখাৰ আহমেদ আৰু ফখৰ জামানক বেটিং কৰিবলৈ পঠিয়ায় বাবৰে। কিন্তু ছুপাৰ অভাৰত পাকিস্তানে ১ টা উইকেট হেৰুৱাই মাত্ৰ ১৩ ৰানহে কৰে। ফলত বিশ্বকাপত আমেৰিকা যুক্তৰাষ্ট্ৰই অঘটন ঘটাই পাকিস্তানক পৰাস্ত কৰি ক্ৰিকেট জগতত চাঞ্চল্যৰ সৃষ্টি কৰিলে।